গুলীবিদ্ধ এছপিৰ বাৰম্বাৰ ‘যুদ্ধবিৰতি’ৰ আহ্বানক উপেক্ষা কৰি চলিছিল ধাৰাসাৰ গুলীবর্ষণ
ভাইৰেল ভিডিঅ’ত উন্মোচিত মিজোৰ বর্বৰতা
নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ অসম–মিজোৰাম সীমান্তৱর্তী কাছাৰৰ লাইলাপুৰত মিজোৰাম আৰক্ষী আৰু দুষৃকতিকাৰীৰ গুলীত ৬জনকৈ অসম আৰক্ষীৰ জোৱানে প্রাণ হেৰুওৱা ঘটনাৰ প্রতিক্রিয়া অদ্যাপি মাৰ যোৱা নাই৷ এই আক্রমণৰ ঘটনাত আহত একাংশ জোৱানৰ স্বীকাৰোক্তিত ইতিমধ্যে উন্মোচিত হৈছে মিজো আৰক্ষী আৰু দুর্বৃত্তৰ বর্বৰতা৷ ইয়াৰ মাজতে কাছাৰৰ আৰক্ষী অধীক্ষক (এছ পি) চন্দ্রকান্ত বৈভৱ নিম্বলকাৰে গুলীবিদ্ধ হোৱাৰ পাছত যুদ্ধবিৰতিৰ বাবে মিজোৰাম আৰক্ষীক বাৰম্বাৰ আহ্বান জনোৱা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডি’ত পুনৰ উন্মোচিত হৈছে মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ বর্বৰ স্বৰূপ৷ ‘মই আহত হৈছোঁ, যুদ্ধবিৰতি কৰক’ বুলি বাৰম্বাৰ কাছাৰৰ এছ পি নিম্বলকাৰে মিজোৰাম আৰক্ষী আৰু প্রশাসনক চিঞৰি চিঞৰি আহ্বান জনায় যদিও সেই সময়ত প্রতিপক্ষৰ ফালৰ পৰা কোনো সদুত্তৰ প্রদান কৰা হোৱা নাছিল৷ বৰঞ্চ আৰক্ষী অধীক্ষকগৰাকীৰ এই আহ্বান নেওচি মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ দলটোৱে কাছাৰৰ আৰক্ষী অধীক্ষকৰ লগতে অসম আৰক্ষী আৰু প্রশাসনৰ লোকসকলৰ দলটোলৈ লক্ষ্য কৰি নির্বিচাৰ আৰু ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছিল গুলীবর্ষণ৷ এই গুলীবর্ষণৰ মাজত আৰক্ষী অধীক্ষকগৰাকীৰ লগতে তেওঁৰ লগত থকা এজন জোৱানেও যুদ্ধবিৰতি কৰক, অসম আৰক্ষীৰ এজন জোৱানৰ মৃত্যু হৈছে বুলি কোৱা শুনিবলৈ পোৱা গৈছিল এই ভিডিঅ’টোত৷ আনকি আৰক্ষী অধীক্ষকজনে বাৰম্বাৰ চিঞৰি চিঞৰি কৈছিল– ‘অনুগ্রহ কৰি যুদ্ধবিৰতি কৰক৷ আমি গুলীবর্ষণ নকৰোঁ৷’
এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ আচৰণত হতচকিত হৈ পৰিছে ৰাজ্যবাসী৷ বিশেষকৈ মিজোৰাম আৰক্ষীয়ে সম্পূর্ণ পৰিকল্পিত আৰু ন্যস্তস্বার্থ আগত ৰাখি অসম আৰক্ষীক যে আক্রমণ কৰিছিল, সেয়া এই ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে৷ লক্ষণীয় যে যোৱা ২৬ জুলাইত সংঘটিত ঘটনাত লাইলাপুৰত ৬জন অসম আৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ লগতে অর্ধশতাধিক আহত হৈছিল৷ ৫টাকৈ গুলী ভৰিত লগাৰ ফলত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে কাছাৰৰ আৰক্ষী অধীক্ষকজন৷ ইতিমধ্যে তেওঁক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে মুম্বাইলৈ লৈ যোৱা হৈছে৷
ইপিনে পৰিস্থিতি সীমান্তৱর্তী অঞ্চলত নিয়ন্ত্রণলৈ আহিছে যদিও এতিয়াও অব্যাহত আছে উত্তেজনা৷ নতুনকৈ কাছাৰত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া ৰমণদীপ কৌৰে সদৰী কৰিছে এই কথা৷ সংবাদ মাধ্যমৰ আগত তেওঁ প্রকাশ কৰা অনুসৰি লাইলাপুৰত সম্প্রতি চি আৰ পি এফ ‘নিৰপেক্ষ বাহিনী’ হিচাপে নিয়োগ কৰা হৈছে৷ তদুপৰি অসমৰ ফালে অসম আৰক্ষী মোতায়েন কৰা হৈছে৷ সীমান্তৱর্তী অঞ্চলটোত বাস কৰা লোকসকলক ভয় নাখাবলৈ আহ্বান জনাই তেওঁ কয়– ‘সীমান্তত বাস কৰা লোকসকলে ভয় খোৱাৰ প্রয়োজন নাই৷ তেওঁলোকৰ সুৰক্ষাৰ বাবে অসম আৰক্ষী নিয়োজিত কৰা হৈছে৷ যিকোনো ঘটনা সংঘটিত হোৱাৰ লগে লগে আমাক অৱগত কৰক৷’
শ্বহীদ শ্যামাপ্রসাদ দুষাদক শ্রদ্ধা
লাইলাপুৰ সীমান্তত গুৰুতৰভাৱে আহত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত যোৱানিশা শেষ নিশ্বাস ত্যাগ কৰা অসম আৰক্ষীৰ হাবিলদাৰ শ্যামাপ্রসাদ দুষাদক আজি চৰকাৰীভাৱে শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়৷ শিলচৰ আৰক্ষী অধীক্ষক কার্যালয় চৌহদত মন্ত্রী অশোক সিংঘলে শ্বহীদ দুষাদৰ নশ্বৰ দেহত ফুলৰ থোপা প্রদান কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াতেই গার্ড অৱ অনাৰ প্রদান কৰা হয়৷ এই অনুষ্ঠানত সাংসদ ৰাজদীপ ৰয়, বিধায়ক কৌশিক ৰয়, ডি আই জি দেৱজ্যোতি মুখার্জী, আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰ, উপায়ুক্ত কীর্থি জল্লী উপস্থিত থাকে৷ ইপিনে চৰকাৰৰ ঘোষণা অনুসৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন আহত ৪২গৰাকীক এক লাখ টকাকৈ এককালীন সাহায্যৰ চেক প্রদান কৰে মন্ত্রী পৰিমল শুক্লবৈদ্য আৰু মন্ত্রী অশোক সিংঘলে৷ ইয়াৰে ৩৩গৰাকী আৰক্ষী জোৱান আৰু ৯গৰাকী সাধাৰণ নাগৰিক৷