নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টেম্বৰৰ পৰা ১৫ হাজাৰ কনিষ্টবলৰ নিযুক্তি প্রক্রিয়া আৰম্ভ

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ অসমৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ বাবে সুখবৰ কঢ়িয়াই বুধবাৰৰ ৰাজ্যিক কেবিনেটে ১৫ হাজাৰ কনিষ্টবলৰ পদ পূৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত  অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে পূর্বে গ্রহণ কৰা এক লাখ নিবনুৱা নিযুক্তিৰ লক্ষ্যৰ দিশত প্রথম পদক্ষেপ হিচাপে অহা ১ ছেপ্টেম্বৰৰ পৰা অসম আৰক্ষীৰ খালী হৈ থকা ১৫ হাজাৰ কনিষ্টবলৰ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লয়৷

এই বৈঠকতে অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে নতুনকৈ ৫টা বেটেলিয়ন গঠনৰো সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে৷ এই ৫টা বেটেলিয়নত নিযুক্তি দিয়া হ’ব ৬,২৭০গৰাকী যুৱক–যুৱতীক৷ এই কেবিনেটত এখন আৰক্ষী আয়োগ গঠনৰ এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ অসম আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ লগতে আৰক্ষীৰ কাম–কাজ উন্নত কৰা, আৰক্ষী মোতায়েন ব্যৱস্থা শক্তিশালী আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে আজিৰ বৈঠকতে ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া হিমাংশু শেখৰ দাস আৰু প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান পি ভি সুমন্তৰ নেতৃত্বত তিনি মাহৰ কাৰণে এই আৰক্ষী আয়োগ গঠনৰ সিদ্ধান্ত গ্রহণ কৰে৷ দুয়োগৰাকী বিষয়াকে এই সময়ছোৱাৰ বাবে মুখ্য সচিবৰ পদমর্যাদা প্রদান কৰা হ’ব৷

 কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সদৰী কৰি মন্ত্রী পীয়ূষ হাজৰিকাই জানিবলৈ দিয়ে যে এতিয়াৰে পৰা ক্রীড়া পেন্সনৰ ধনৰাশিৰ পৰিমাণ বর্তমানৰ ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে বৈঠকৰ আন সিদ্ধান্তৰ কথা উল্লেখ কৰি প্রকাশ কৰা মতে, কেবিনেটে কমনৱেল্থ গেমছ আৰু ৰাষ্ট্রীয় ক্রীড়া পদকপ্রাপ্তসকলক এতিয়াৰে পৰা অতিৰিক্তভাৱে ক্রীড়া পেন্সন প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ আনহাতে, আজি কেবিনেটে অলিম্পিক, কমনৱেল্থ আৰু এছিয়ান গেমছত পদকপ্রাপ্তসকলক প্রথম শ্রেণীৰ বিষয়াৰ চাকৰি প্রদানৰ সিদ্ধান্ত লয়৷ সেইদৰে স্বীকৃতিপ্রাপ্ত বিশ্ব চেম্পিয়নশ্বিপত পদক অর্জন কৰাসকলক দ্বিতীয় শ্রেণীৰ বিষয়াৰ চাকৰি আৰু ৰাষ্ট্রীয় ক্রীড়াত পদক অর্জন কৰা খেলুৱৈসকলক তৃতীয় শ্রেণীৰ চাকৰি প্রদানৰ বাবেও সিদ্ধান্ত লোৱা হয়৷

কেবিনেট বৈঠকে নতুনকৈ গঠন কৰা মৰাণ, মটক, কমতাপুৰ আৰু বড়ো–কছাৰী স্বায়ত্তশাসিত পৰিষদসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্য কার্যবাহী সদস্যসকলক পূর্বৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ সৈতে সমহাৰৰ দৰমহা প্রদানৰ সিদ্ধান্ত লয়৷ আজিৰ কেবিনেট বৈঠকে উত্তৰ–পূব মহাকাশ প্রয়োগ কেন্দ্র (এন ই এছ এ চি)ৰ সদ্য অৱসৰপ্রাপ্ত সঞ্চালক পি এন এল ৰাজুক অসম চৰকাৰে নতুনকৈ গঠন কৰিবলগীয়া আঞ্চলিক মহাকাশ প্রয়োগ কেন্দ্রৰ বিশেষ সচিব আৰু সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটে পাৰপত্র (পাছপ’ট) বিভাগক গৃহ বিভাগৰ লগত সংলগ্ণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে ৰাজহুৱা প্রতিষ্ঠান (পাব্লিক এণ্টাৰপ্রাইজ) বিভাগক উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগত সংলগ্ণ কৰাৰ সিদ্ধান্ত লয়৷ একেদৰে এই বৈঠকতে মুদ্রণ আৰু লেখন সামগ্রী (প্রিণ্টিং এণ্ড ষ্টেচনেৰী) বিভাগক তথ্য আৰু জনসংযোগ বিভাগৰ লগত সংযোগ কৰি এই বিভাগটোক এতিয়াৰে পৰা তথ্য, জনসংযোগ, মুদ্রণ আৰু লেখন সমগ্রী বিভাগ হিচাপে নামকৰণ কৰে৷ আজিৰ কেবিনেট বৈঠকতে গুৱাহাটীৰ দাতব্য চিকিৎসা প্রতিষ্ঠান শংকৰদেৱ নেত্রালয়ক চৰকাৰে আবণ্টন দিয়া ভূমিৰ বাবদ প্রদান কৰিবলগীয়া প্রিমিয়াম ৰেহাই দিয়াৰ সিদ্ধান্ত লয়৷

You might also like