লাচিত বৰফুকন– ভাৰতৰ শৌর্য আৰু পৰাক্রমৰ অমৰ গাথা
১৯৮২ চনৰ কথা৷ মই তেতিয়া সপ্তম শ্রেণীত পঢ়োঁ৷ আমাৰ বুৰঞ্জীৰ পাঠ্যক্রমত মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে এটা অধ্যায় আছিল৷ অৱধাৰিতভাৱে সেই অধ্যায়টো মই পঢ়িছিলোঁ৷ অধ্যায়টো পঢ়াৰ পাছত বীৰ লাচিতৰ বীৰত্বপূর্ণ সামৰিক গাথাই মোৰ শিশু মনত অসামান্য প্রভাৱ পেলাইছিল৷ লাচিত বৰফুকন সম্বন্ধীয় সেই অধ্যায়টো এবাৰ–দুবাৰ নহয়, মই অসংখ্যবাৰ পঢ়িছিলোঁ৷ প্রতিবাৰে পঢ়াৰ পাছত তেওঁৰ শৌর্য আৰু পৰাক্রমে মোৰ হূদয় শিহৰিত কৰা এক বিশেষ অনুভূতিৰ সৃষ্টি কৰিছিল৷
জীৱনৰ পৰৱর্তী পর্যায়ৰ পৰিপক্ব বয়সত মই বুৰঞ্জীমূলক গ্রন্থসমূহ বিচাৰি–খুঁচৰি উলিয়াই যেতিয়া পঢ়িলোঁ, তেতিয়া সেই গ্রন্থসমূহত থকা এক গুৰুত্বপূর্ণ বৈসাদৃশ্য লক্ষ্য কৰিছিলোঁ৷ এনে বুৰঞ্জীমূলক গ্রন্থসমূহত মোগল ৰাজত্বক মহিমামণ্ডিত কৰি বর্ণনা কৰা দীঘলীয়া অধ্যায়সমূহ পোৱা যায়৷ কিন্তু সেই মোগল সেনাকে দেশৰ উত্তৰ–পূব প্রান্তত আগ্রাসনৰ পৰা সফলতাৰে স্তব্ধ কৰা দেশৰ এগৰাকী অন্যতম সাহসী সেনাপতি লাচিত বৰফুকনক অতি সামান্য গুৰুত্বহে তেনে গ্রন্থসমূহত প্রদান কৰা হৈছে৷
দীর্ঘদিন ধৰি বন্দিত্বত কটাবলগীয়া হোৱা কোনো ব্যক্তিৰ মনত কেতিয়াবা তেওঁক বন্দী কৰি ৰখা লোকজনৰ প্রতিয়েই এক ব্যাখ্যাতীত আকর্ষণ অনুভৱ হয়৷ ব্যক্তিবিশেষৰ এনে বিশেষ মানসিক অৱস্থা বুজাবলৈ ইংৰাজীত ‘ষ্টকহোম ছীনড্রম’ অভিধাটো ব্যৱহাৰ কৰা হয়৷ মহাবীৰ লাচিতৰ প্রতি এনে কটু অৱহেলাই মোৰ মনত স্বাভাৱিকতে এটা প্রশ্ণৰ উদ্রেক ঘটাইছিল– আমি এখন ৰাষ্ট্র হিচাপে ‘ষ্টকহোম ছীনড্রম’ৰ বলি হৈছোঁ নেকি যে আগ্রাসনকাৰীক আমাৰ আপোন বুলি আদৰি লোৱাৰ স্বার্থত আমি আমাৰ নিজৰ বীৰসকলক কৰা এই অৱহেলা আমি স্বাভাৱিকবুলি মানি চলিবলৈ লৈছোঁ?
সেই সময়ত বুৰঞ্জীমূলক গ্রন্থসমূহৰ খৰচি মাৰি কৰা অধ্যয়নে এক বিশেষ বৈশিষ্ট্যও মোৰ সন্মুখত তুলি ধৰিছিল৷ তেনে গ্রন্থসমূহত থকা অসম সম্বন্ধীয় তথ্য–পাতি ২০০ বছৰৰো অধিক পুৰণি নহয়৷ ইয়াৰ ফলত তেনে গ্রন্থ অধ্যয়ন কৰা ছাত্র–ছাত্রীসকলৰ মাজত এনে এক ভাবধাৰা গঢ় লৈ উঠে যে ব্রিটিছসকলে ভাৰতৰ শাসনভাৰ লোৱাৰ পাছতহে অসম তথা সমগ্র উত্তৰ–পূর্বাঞ্চল ক্ষেত্রখন গঢ়ি উঠিছিল৷ মই বুজি উঠিছিলোঁ যে বুৰঞ্জীৰ কথাসমূহ লিপিবদ্ধ কৰা সেই বুদ্ধিজীৱীসকল এনে এক চক্রৰ অংশীদাৰ, যিসকলে দেশৰ উত্তৰ–পূব প্রান্ত, ইয়াৰ আৱাসীসকল আৰু বর্ণাঢ়্য সংস্কৃতিক পাণ্ডৱবর্জিত বুলি দীর্ঘদিন ধৰি গণ্য কৰি আহিছে৷
এনে প্রেক্ষাপটত আজিৰ আত্মনির্ভৰশীল ভাৰতে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী বর্ণাঢ়্য কার্যসূচীৰে উদ্যাপন কৰিবলৈ লোৱাৰ ক্ষণত মোৰ দেশৰ জনসাধাৰণৰ সন্মুখত মহাবীৰগৰাকীৰ বীৰত্বৰ গাথা সগৌৰৱে উত্থাপন কৰাটো মোৰ অন্যতম কর্তব্য বুলি বিবেচনা কৰিছো৷
মোগলসকলে আহোম সাম্রাজ্যৰ একাংশ অধিকাৰ কৰি লোৱাৰ এক জটিল ক্ষণত স্বর্গদেউ চক্রধ্বজ সিংহ (১৬৬৩–১৬৬৯)ই লাচিত বৰফুকনক আহোম সেনাৰ সেনাপতি নিযুক্ত কৰিছিল৷ স্বর্গদেউ চক্রধ্বজ সিংহ যিকোনো প্রকাৰে মোগলসকলক পৰাভূত কৰাৰ বাবে বদ্ধপৰিকৰ আছিল৷ তেওঁ আনকি ঔৰংগজেবে প্রেৰণ কৰা বস্ত্র পৰিধান কৰিবলৈকো অমান্তি হৈ কৈছিল যে বিদেশীৰ ওচৰত শিৰ নত হোৱাতকৈ মৃত্যুৱেই শ্রেয়৷ ১৬৬৫ চনত মন্ত্রী আৰু পাৰিষদসকলৰ সৈতে ৰণকৌশল সম্পর্কীয় এখন বৈঠকত মিলিত হোৱাৰ সময়ত স্বর্গদেউ চক্রধ্বজ সিংহই কৈছিল– ‘মই কোনো বিদেশী শক্তিৰ গোলাম হৈ থাকিব নিবিচাৰোঁ৷ মই ঐশ্বৰিক শক্তিৰ উত্তৰাধিকাৰী৷ তেনে অৱস্থাত মই কেনেকৈ এই তুচ্ছ বিদেশীসকলৰ জয়গান গাম৷’
লাচিত বৰফুকনক এনে এক সন্ধিক্ষণত মোগলক খেদি পঠোৱাৰ গুৰুদায়িত্ব দিয়া হৈছিল, যি সময়ত আহোম সেনা হতাশগ্রস্ত আৰু আত্মবিশ্বাসহীনতাত ভুগি আছিল৷ তেওঁলোকক প্রয়োজন হৈছিল এজন সবল নেতাৰ, যি আত্মবিশ্বাস গঢ়াৰ যোগেদি ৰণক্ষেত্রত নামিবলৈ সেনাক উদ্বুদ্ধ কৰি তুলিব পাৰে৷ যিকোনো প্রতিকূলতা আৰু প্রতিবন্ধকতাক নেওচি উদ্ভাসিত হোৱাৰ ক্ষমতা এগৰাকী প্রকৃত নেতাৰ থাকে৷ লাচিত আছিল তেনে এগৰাকী অসাধাৰণ নায়ক৷ তেওঁ সমগ্র সেনাবাহিনীক এক অসম্ভৱপ্রায় কার্যৰ বাবে উজ্জীৱিত কৰাই নহয়, শেষ পর্যায়ত মোগলক পৰাভূত কৰিবলৈ সক্ষম হৈছিল৷
১৬৭১ চনৰ শৰাইঘাট যুদ্ধ আছিল লাচিত বৰফুকনৰ শৌর্য আৰু পৰাক্রমৰ অসামান্য নিদর্শন৷ সীমিত সম্পদ, সীমিত সমল আৰু সুপ্রশিক্ষিত সেনাৰ অভাৱ সত্ত্বেও লাচিতে ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল৷
অকল সংখ্যাৰ বলে সেনাবাহিনী এটাক বলৱান নকৰে৷ বৰং সীমিত সমল উপযুক্ত আৰু কৌশলী ৰূপত ব্যৱহাৰ কৰি প্রতিকূলতাক সুযোগলৈ ৰূপান্তৰৰদ্বাৰাহে ৰণ জয় কৰিব পৰা যায়৷ শৰাইঘাটৰ যুঁজত লাচিতে এই কথা আখৰে আখৰে প্রমাণ কৰিব পাৰিছিল৷ অটল লক্ষ্য, দৃঢ়তা আৰু সর্বোপৰি জননী জন্মভূমিৰ সুৰক্ষাৰ স্বার্থত প্রাণাহুতি পর্যন্ত দিব পৰা বজ্র সংকল্পৰ দ্বাৰা তেওঁ এই অসম্ভৱক সম্ভৱ কৰি তুলিছিল৷
লাচিতে অতি সুপৰিকল্পিত ৰণকৌশলেৰে নিজ সুবিধা অনুযায়ী যুদ্ধখনৰ সময় আৰু স্থান নির্ধাৰণ কৰিবলৈ সক্ষম হৈছিল৷ অত্যধিক আত্মবিশ্বাসী কিন্তু অস্থিৰ ঔৰংগজেবক লাচিতে তেওঁৰ এই সুচতুৰ ৰণফান্দত ভৰি দিবলৈ একপ্রকাৰ বাধ্য কৰি পেলাইছিল৷ যাৰ পৰিণতিত ঔৰংগজেবে নিজ সেনাক নৌযুদ্ধত অৱতীর্ণ হ’বলৈ নির্দেশ দিছিল৷ লাচিতেই বোধহয় বিশ্বৰ একমাত্র সেনানায়ক যি নিজ সাম্রাজ্যৰ পৰিসীমাত কোনো সাগৰ বা মহাসাগৰ নথকা সত্ত্বেও এক শক্তিশালী নৌসেনা গঠন কৰিছিল৷ ইফালে জলযুদ্ধত মোগল সেনাৰ অভিজ্ঞতা আছিল প্রায় শূন্য৷ গুৱাহাটীৰ দীঘলীপুখুৰীক এক নৌবন্দৰ হিচাপে ব্যৱহাৰ কৰি লাচিতে ব্রহ্মপুত্রৰ তীক্ষ্ণ ধাৰৰ পৰা যুদ্ধৰ নাওবোৰ সুৰক্ষিত কৰি ৰাখিছিল৷ দীঘলীপুখুৰীৰ এই নৌবন্দৰতে যুদ্ধৰ নাওবোৰত মোগলৰ বিৰুদ্ধে যুঁজিবলৈ কামান–হিলৈ আদি স্থাপন কৰা হৈছিল৷ লাচিতৰ এই সৰল যুদ্ধকৌশলেই আগ্রাসনকাৰীসকলক ঘোটে ঘোটে পানী খুৱাবলৈ সক্ষম হৈছিল৷ শৰাইঘাটৰ যি স্থানত নৌযুদ্ধ হৈছিল, সেই স্থানডোখৰত ব্রহ্মপুত্রৰ দুয়োপাৰ আছিল তুলনামূলকভাৱে ঠেক৷ যাৰ বাবে নাওসমূহৰ পৰা লাচিতৰ সেনাই সহজে শত্রুপক্ষক আঘাত হানিব পাৰিছিল৷
এনে বিস্ময়কৰ পৰাক্রম আৰু ৰণকৌশলেৰে এগৰাকী ৰাষ্ট্রীয় বীৰ হিচাপে প্রতিষ্ঠা লাভ কৰা লাচিত আমাৰ মানসপটৰ লগতে ভাৰতৰ ইতিহাসৰ পৃষ্ঠাত স্বর্ণিল আখৰেৰে জিলিকি আছে৷ মধ্যযুগৰ ভাৰতবর্ষৰ ইতিহাসত শৰাইঘাটৰ যুদ্ধ আন দহখন যুদ্ধৰ দৰে সাধাৰণ যুদ্ধ নাছিল৷ এই যুদ্ধত আহোম সেনাৰ জয়লাভে অসম তথা উত্তৰ–পূর্বাঞ্চলক মোগলৰ অধীনস্থ হোৱাৰ পৰা ৰক্ষা কৰি অঞ্চলটোৰ স্বকীয়তা আৰু সভ্যতাক সুৰক্ষিত কৰিছিল৷ আমাৰ দেশ ভাৰতবর্ষৰ ইতিহাস ৰাণা প্রতাপ আৰু শিৱাজীৰ দৰে অসীম সাহসী বীৰ যোদ্ধাৰ পৰাক্রমৰ কাহিনীৰে পৰিপূর্ণ হৈ আছে৷ এইসকল সেনানায়কে মধ্যযুগৰ আৰম্ভণি কালৰে পৰাই আগ্রাসী শক্তিৰ কবলৰ পৰা নিজ সভ্যতা–সংস্কৃতিক ৰক্ষা কৰাৰ স্বার্থত কেইবাখনো অবিস্মৰণীয় যুদ্ধত অৱতীর্ণ হৈছিল৷ এনে বীৰ যোদ্ধাসকলৰ বীৰত্বৰ গাথাই ব্রিটিছ সাম্রাজ্যবাদী শাসনৰ বিৰুদ্ধে চলা সুদীর্ঘকালীন স্বাধীনতা সংগ্রামত লক্ষ লক্ষ ভাৰতীয়ক উদ্বুদ্ধ কৰিছিল৷
বুৰঞ্জীৰ পাতত উল্লেখ থকা মতে শৰাইঘাটৰ যুদ্ধৰ এক সন্ধিক্ষণত লাচিত বৰফুকন টান নৰিয়াত পৰিছিল৷ এনে অৱস্থাত যুদ্ধক্ষেত্রত নানামিবলৈও তেওঁক পৰামর্শ দিয়া হৈছিল৷ তেওঁৰ সুৰক্ষাৰ বাবে চহিয়ালে নাও উজাই মেলিব খুজিছিল৷ কিন্তু তেওঁৰ অনুপস্থিতিয়ে যে সৈন্যবলৰ উদ্যম ভাঙি পেলাব, সেয়া লাচিতে বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছিল৷ সেয়ে তেওঁ কৈ উঠিছিল– ‘মোক স্বর্গদেৱে বঙ্গালক যুদ্ধৰ নিমিত্তে এইখন থানৰ সকলো লোক মোৰ হাততে দি থৈছে, নুযুঁজি ল’ৰা–তিৰোতাৰ লগ লৈ যাম নেকি? বন্দী চহিয়ালে মোত নুসুধি নাও কিয় উজাই মেলিব?’ এয়াই আছিল লাচিত বৰফুকন– যাৰ মাতৃভূমিৰ প্রতি থকা প্রগাঢ় প্রেমে মৃত্যুৰ আগ্রাসী হাতোৰাকো সাময়িকভাৱে স্তব্ধ কৰি ৰাখিবলৈ সমর্থ হৈছিল৷
ভাৰত মাতাৰ প্রতি থকা অকৃত্রিম ভালপোৱাই আমাক যিকোনো কঠিন প্রত্যাহ্বানৰ সন্মুুখীন হ’বলৈ সাহস প্রদান কৰে৷ এই দিশত মোক লাচিতৰ জীৱন আৰু আদর্শৰাজিয়ে অনুপ্রেৰণা যোগায়৷ যেতিয়া এজন ব্যক্তিয়ে নিজৰ লগতে নিজ পৰিয়াল তথা আন সকলো কথাকে তুচ্ছ কৰি ‘ৰাষ্ট্র সর্বোপৰি’ জীৱনাদর্শৰে উদ্বুদ্ধ হয়, তেতিয়া সেই ভাবাদর্শই আনি দিয়া অদম্য সাহসে যিকোনো প্রত্যাহ্বানক মষিমূৰ কৰাৰ সামর্থ্য প্রদান কৰে৷
আমাৰ ৰাজ্য অসম বর্তমান সময়ৰ এক গুৰুত্বপূর্ণ সময়েৰে ধাৱমান হৈছে৷ সন্মানীয় প্রধানমন্ত্রী শ্রীযুত নৰেন্দ্র মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশৰ অন্যতম যুৱ জনসংখ্যাৰে ভৰপূৰ আমাৰ ৰাজ্যখনে এহাতে এক অভূতপূর্ব ৰূপান্তৰৰ পথত খোজ দিছে, আনহাতে আমি শৰাইঘাট সদৃশ একাধিক যুঁজত অৱতীর্ণ হ’বলগীয়া হৈছে৷ মৌলবাদ, ইছলামিক সন্ত্রাসবাদ, নিচাযুক্ত সামগ্রী, জনগাঁথনিৰ পৰিৱর্তন আৰু অনুপ্রৱেশৰ বিৰুদ্ধে চলি থকা এই যুঁজসমূহত আমি জয়ী হ’বই লাগিব৷ এই যুঁজত জয়ৰ বাবে আমাক অলেখ লাচিত বৰফুকনৰ প্রয়োজন৷ আমাৰ প্রচুৰ প্রতিভাশালী যুৱচামৰ মাজৰ পৰাই এনে লাচিতৰ আত্মপ্রকাশ ঘটিব বুলি মই দৃঢ় বিশ্বাসী৷ দেশৰ অন্যতম পৰাক্রমী সেনানায়কগৰাকীৰ জয়ন্তী পালনৰ আমাৰ এই উদ্যোগে ভৱিষ্যৎ প্রজন্মক দেশভক্তিৰ চেতনা আৰু অদম্য সাহস প্রদানেৰে এখন নব্য ভাৰত নির্মাণৰ দিশত নিশ্চিতভাৱে সুদূৰপ্রসাৰী প্রভাৱ পেলাব৷