কাজিৰঙাত গাড়ীৰ গতিবেগ অমান্য কৰিলেই ভৰিব লাগিব জৰিমনা
নিয়মীয়া বাৰ্তা, ২১ মে’ : এতিয়াৰে পৰা কাজিৰঙাৰ ৰাজপথত গাড়ী চলাওঁতে সাৱধান হ’ব লাগিব চালকসকল। কিয়নো কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰ পৰা নিৰ্ধাৰিত গতিতকৈ অধিক বেগত গাড়ী চলালেই ভৰিব লাগিব পাৰে ৩৪ হাজাৰ টকা পয্যন্ত জৰিমনা। উল্লেখ্য যে এইচোৱা পথত দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰায়েই বহু বন্যপ্ৰাণী দূৰ্ঘটনাগ্ৰস্ত হ’ব লগা হয়। সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পাছতে দীৰ্ঘদিন ধৰি বিকল হৈ থকা কাজিৰঙাৰ অত্যাধুনিক চেনচৰ কেমেৰাসমূহ অৱশেষত মেৰামতি কৰা হ’ল। এতিয়াৰে পৰা পুনৰ কাজিৰঙাৰ ৩৬ কি: মি পথত থকা অত্যাধুনিক কেমেৰা সমূহে ২৪ ঘণ্টাই নিৰীক্ষণ কৰি থাকিব যান বাহনৰ গতিবেগ। উল্লেখযোগ্য যে কলিয়াবৰৰ আমগুৰিৰ পৰা বোকাখাতৰ পানবাৰী লৈকে মুঠ ৩৬ কি:মি পথৰ ৬টা স্থানত স্থাপন কৰা হৈছে অত্যাধুনিক sensor কেমেৰা যুক্ত টাৱাৰ। য’ত দুয়োদিশে আছে মুঠ ৬টাকৈ বিশেষ কেমেৰা। এই কেমেৰাসমূহে ২৪ ঘণ্টাই নিৰীক্ষণ কৰিব বন্যপ্ৰাণীৰ গতিবিধি, গাড়ীৰ গতিবেগ। প্ৰতিখন গাড়ীৰ নম্বৰ প্লেটৰ তথ্যও সংগ্ৰহ কৰি ৰাখিব পাৰিব কেমেৰাসমূহে। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিয়ম অনুসৰি, যিকোনো যান বাহনেএইছোৱা পথত ৪০ কি:মি অধিক বেগত গলেই ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO অৰুণ বিঘ্নেশে জনোৱা অনুসৰি এখন বাহনে যদি ৪০ কি মি অধিক বেগত কাজিৰঙাত স্থাপিত এই ৬টা কেমেৰাৰ তলেদি যায় তেন্তে মুঠ জৰিমনা ভৰিব লাগিব ৩০ হাজাৰ টকা। অৰ্থাৎ প্ৰতিটো টাৱাৰৰ কেমেৰাত আপোনাৰ অত্যাধিক গতিবেগ ধৰা পৰিব আৰু আপুনি এই বৃহৎ পৰিমাণৰ জৰিমনাও ভৰিব লাগিব। আনহাতে গোলাঘাট আৰু নগাঁও জিলা পৰিবহন বিভাগৰ দুখন ইন্টাৰচেপ্টৰ ভানেও কাজিৰঙাৰ ৰাজপথত গাড়ীৰ গতিবিধি নিৰীক্ষণ কৰি থাকিব। গাড়ীৰ গতিবেগ ৪০ কি মি ওপৰত হলেই দুয়োখন জিলাৰ পৰিবহণ বিভাগে ২ হাজাৰ টকা কৈ মুঠ ৪ হাজাৰৰ টকাৰ জৰিমনা বিহিব। মুঠৰ ওপৰত অত্যধিক বেগত গাড়ী চলোৱাসকল সাৱধান নহ’লে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলৈ সাজু থাকিব লাগিব।
প্ৰেৰক ৰঞ্জিত ৰজক