নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী চাকৰিত স্প’টছ কোটা অন্তর্ভুক্তিৰ চিন্তা

বক্সাৰ যমুনা–আর্চাৰ সঞ্জয়ক আবকাৰী পৰিদর্শকৰ নিযুক্তি–পত্র মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ ক্রীড়া জগতলৈ নৱজাগৰণ কঢ়িয়াই আনিছে৷ ৰাজ্যৰ ক্রীড়া ক্ষেত্রখনক শক্তিশালী ৰূপ দিবলৈ চৰকাৰে ইটোৰ পাছত সিটো যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা ক্রীড়াবিদসকলক চৰকাৰী চাকৰি, ক্রীড়া পেন্সন আৰু এককালীন অনুদানেৰে সন্মানিত কৰাৰ সমান্তৰালকৈ চৰকাৰে ৰাজ্যৰ ক্রীড়া আন্তঃগাঁথনি উন্নত কৰিবলৈ বাজেটত এক হাজাৰ কোটি টকা ধার্য কৰিছে৷

ৰাজ্যৰ প্রথমগৰাকী অর্জুন বঁটাপ্রাপ্ত কিংবদন্তি ক্রীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ ৮৫ সংখ্যক জন্মদিৱস উপলক্ষে ৰাজ্য চৰকাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র চৌহদত শুকুৰবাৰে আয়োজন কৰা ক্রীড়া পেন্সন প্রদান অনুষ্ঠানত এইদৰে ৰাজ্যৰ ক্রীড়াৰ উন্নয়নৰ ৰূপৰেখা দাঙি ধৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰু বিশ্ব আর্চাৰী চেম্পিয়নশ্বিপত পদক জয় কৰা অসমৰ দুই প্রতিভাৱান ক্রীড়াবিদ ক্রমে যমুনা বড়ো আৰু সঞ্জয় বড়োক অসম চৰকাৰৰ আবকাৰী পৰিদর্শক পদৰ নিযুক্তি–পত্র প্রদান কৰি ড০ শর্মাই কয় যে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা প্রতিগৰাকী ক্রীড়াবিদক চৰকাৰে যথোচিত সন্মান আগবঢ়াব৷ ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত পদক অর্জন কৰা ৯৯গৰাকী খেলুৱৈক ক্রীড়া পেন্সন আৰু ১৫৩গৰাকী খেলুৱৈক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ’ব৷ অহা এক জানুৱাৰীৰ পৰা তেওঁলোকে এই ধন লাভ কৰিব৷ আগন্তুক বর্ষৰ পৰা ৰাষ্ট্রীয় চেম্পিয়নশ্বিপত পদক অর্জন কৰা খেলুৱৈসকলকো ক্রীড়া পেন্সনৰ বাবে বিবেচনা কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেটে ক্রীড়া পেন্সনৰ পৰিমাণ ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰিছিল৷ এইমর্মে পেন্সনপ্রাপ্ত খেলুৱৈসকলে জানুৱাৰীৰ পৰা নিয়মীয়াকৈ ১০ হাজাৰ টকাকৈ লাভ কৰিব৷ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু অর্জুন ভোগেশ্বৰ বৰুৱাই ১৩গৰাকী ক্রীড়াবিদক শুকুৰবাৰে আনুষ্ঠানিকভাৱে পেন্সনৰ অনুমতি পত্র প্রদানেৰে এই কার্যসূচীৰ শুভাৰম্ভ কৰে৷

ৰাজ্যপালে হিমা দাস, এলভিছ আলী হাজৰিকা, কৃষ্ণ হাজৰিকা, ফাইলাউ বসুমতাৰী, অৰূপ কুমাৰ চাংমা মুখ্যমন্ত্রীয়ে দীপা চৌধুৰী, অনন্যা বেনার্জী, নাফিছাক ছাদ্দিক, মিতা সিন্হা ৰয়, কে ৰাজেন সিংহ আৰু অর্জুন ভোগেশ্বৰ বৰুৱাই সঞ্জীৱ বড়ো, সঞ্জীৱা ৰংপী আৰু পৰাগধৰ কোঁৱৰক সম্বর্ধনা জনোৱাৰ লগতে পেন্সনৰ অনুমতি পত্র আগবঢ়ায়৷

ইফালে, ৰাজ্যৰ নৱগঠিত জিলাসমূহকে ধৰি মুঠ ১০খন জিলাত ৫০ কোটি টকাকৈ ব্যয় সাপেক্ষে ১০টা জিলা পর্যায়ৰ ক্রীড়া প্রকল্প গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে চন্দ্রপুৰৰ তাপবিদ্যুৎ প্রকল্পৰ ভূমিত চৰকাৰে এখন আন্তঃৰাষ্ট্রীয় মানৰ ষ্টেডিয়াম নির্মাণ কৰিব৷ ইয়াৰ বাবে চলিত বিত্তীয় বর্ষত ১০০ কোটি টকা ধার্য কৰা হৈছে৷ নতুনকৈ নির্মাণ কৰা সকলো ক্রীড়া প্রকল্পত চৰকাৰী খৰচত প্রশিক্ষক নিয়োগ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷

তেওঁ লগতে কয় যে ৰাজ্যৰ নতুন প্রজন্মক খেলৰ প্রতি আকর্ষিত কৰিবলৈ ক্রীড়া নীতিৰ অধীনত খেলুৱৈসকলৰ বাবে চৰকাৰী চাকৰিৰ এটা নির্দিষ্ট শতাংশ সংৰক্ষণৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিব৷ ১৯৬৬ৰ এছিয়ান গেমছত স্বর্ণপদক জয়েৰে দেশ তথা ৰাজ্যবাসীক গর্বিত কৰা অসমৰ প্রথমগৰাকী অর্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে বর্ষীয়ান ক্রীড়াবিদগৰাকীৰ দীর্ঘায়ু কামনা কৰে৷

ইফালে, অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে ক্রিকেটে আধিপত্য বিস্তাৰ কৰা ভাৰতত শেহতীয়াকৈ বিভিন্ন ইভেণ্টৰ খেলে জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে৷ সদ্যসমাপ্ত টকিঅ’ অলিম্পিকতো ভাৰতীয় এথলীটে ঐতিহাসিক প্রদর্শনেৰে দেশবাসীক গৌৰৱান্বিত কৰি তুলিছে৷ অসমৰ পৰাও লাভলীনা বৰগোহাঁই, হিমা দাস, শিৱ থাপা, যমুনা বড়ো, সঞ্জয় বড়ো, অস্মিতা চলিহা, হূদয় হাজৰিকা আদিৰ দৰে কেইবাগৰাকীও সফল খেলুৱৈৰ সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰৰ ক্রীড়া নীতিৰ অধীনত সফল খেলুৱৈসকলক চৰকাৰী চাকৰিত নিযুক্তি দিয়াটো উৎসাহজনক পদক্ষেপ বুলিও ৰাজ্যপাল মুখীয়ে উল্লেখ কৰে৷ অনুষ্ঠানত অর্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্রও প্রদর্শন কৰা হয়৷

You might also like