নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিলৈ মিত্রতাৰ হাত হাগ্রামাৰঃ মিত্রজোঁটত চামিলৰ প্রস্তাৱ দাখিল বিপিএফৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ কংগ্রেছ–এআইইউডিএফৰ কেইবাগৰাকীও বিধায়ক বিজেপিমুখী হোৱাৰ সময়তে এইবাৰ শাসকীয় দলটোলৈ পুনৰ মিত্রতাৰ হাত আগবঢ়াইছে হাগ্রামা মহিলাৰীয়ে৷ উপ–নির্বাচনক কেন্দ্র কৰি ৰাজনৈতিক দলসমূহে চলাই থকা কুচকাৱাজ তথা মহাজোঁটৰ ভাঙোনৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি বিপিএফে আগবঢ়ালে মিত্রতাৰ প্রস্তাৱ৷ বিটিচি নির্বাচনত ক্ষমতা হেৰুওৱাৰ লগতে বিধানসভা নির্বাচনতো বিধ্বস্ত হোৱাৰ পাছত কার্যতঃ অকলশৰীয়া হৈ পৰা হাগ্রামা মহিলাৰীয়ে পুনৰ শাসকীয় দলৰ মিত্র হ’বলৈ দীর্ঘসময়ৰ পৰাই চলাই আছিল চেষ্টা৷ আনকি বিজেপিৰ শৰণাপন্ন হৈ পুনৰ বিটিচিৰ মুৰব্বী হোৱাৰ চেষ্টা চলোৱা মহিলাৰীয়ে ইয়াৰ বাবে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ পৰাও আঁতৰি আহিছিল৷ সেয়াই নহয়, বিটিচিৰ অন্তর্গত গোসাঁইগাঁও আৰু তামুলপুৰত হ’বলগা উপ–নির্বাচনত বিজেপিৰ সমর্থনত সমষ্টি দখল কৰিব বুলিও বিভিন্ন সময়ত মন্তব্য প্রকাশ কৰি আহিছিল বিপিএফৰ মুৰব্বীগৰাকীয়ে৷

এনেধৰণে চলাই থকা ৰাজনৈতিক প্রক্রিয়াক অধিক ত্বৰান্বিত কৰি মিত্রজোঁটত চামিল হোৱাৰ বাবে আনুষ্ঠানিকভাৱে বিজেপিৰ ওচৰত দাখিল কৰিলে প্রস্তাৱ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওচৰত মিত্রতাৰ প্রস্তাৱ দাঙি ধৰা হাগ্রামা মহিলাৰীয়ে বিৰোধীত থাকিব নিবিচাৰে বুলিও মুখ্যমন্ত্রীক অৱগত কৰিছে৷ অসমৰ ৰাজনৈতিক ক্ষেত্রত ভুমুকি মৰা বিপিএফে ইয়াৰ পূর্বে কেতিয়াও বিৰোধীৰ আসনত বহা নাই৷ কংগ্রেছৰ সৈতে ১০ বছৰীয়া মিত্রতা চলাই ২০১৬ চনত বিজেপিৰ সৈতে বন্ধুত্ব কৰি মিত্রজোঁটৰ অংশীদাৰ হোৱা বিপিএফে সদ্যসমাপ্ত নির্বাচনতো মিত্রজোঁটৰ অংশীদাৰ হোৱাৰ ইচ্ছা প্রকাশ কৰিছিল যদিও বিজেপিয়ে এইবাৰ বিপিএফক আঁতৰাই ৰাখিছে৷

বিধানসভা নির্বাচনৰ পূর্বে অনুষ্ঠিত হৈ যোৱা বিটিচি নির্বাচনতো মিত্রতাৰ পৰা হাগ্রামাক আঁতৰাই ৰাখিছিল বিজেপিয়ে৷ ইয়াৰ বিপৰীতে বিটিচি নির্বাচন আৰু বিধানসভা নির্বাচনত বিজেপিৰ সংগী হৈছিল ইউপিপিএল৷ বিটিএডিত ইউপিপিএল বিজেপিৰ সংগী হৈ থকাৰ সময়তে হাগ্রামা মহিলাৰীয়েও মিত্রজোঁটৰ অংশীদাৰ হ’ব বিচৰা ঘটনাই স্বাভাৱিকতে ৰাজনৈতিক মহলত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এইক্ষেত্রত শাসকীয় দলটোৱে বিপিএফৰ মিত্রতাক লৈ কোনো আনুষ্ঠানিক বক্তব্য অথবা ইতিবাচক ইংগিত প্রদান কৰা নাই৷ ইউপিপিএলৰ স্থানত বিপিএফক বহুৱাবলৈ বিজেপিয়ে বর্তমান বিশেষ ইচ্ছা প্রকাশ কৰা নাই৷ এনে এক পৰিস্থিতিৰ মাজতে হঠাতেই বিপিএফে মুখ্যমন্ত্রীৰ ওচৰত মিত্রজোঁটৰ অংশীদাৰ হোৱাৰ বাবে দিয়া প্রস্তাৱে যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে৷ এই সন্দর্ভত বিপিএফৰ সাধাৰণ সম্পাদক প্রবীণ বড়োৱে সংবাদ মাধ্যমত প্রকাশ কৰা মতে বিপিএফে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক মিত্রজোঁটত চামিল হোৱাৰ বাবে আনুষ্ঠানিক প্রস্তাৱ দাখিল কৰিছে৷

প্রবীণ বড়োৰ মন্তব্য– মুখ্যমন্ত্রীক কৈছোঁ যে আমি বিৰোধীত থাকিবলৈ ইচ্ছা কৰা নাই৷ চৰকাৰৰ লগত থাকি ৰাইজৰ হৈ কাম কৰিব বিচাৰিছোঁ৷ বিৰোধী নহয়, মিত্রদল হিচাপে কাম কৰিব বিচাৰিছোঁ৷ এইক্ষেত্রত মুখ্যমন্ত্রীয়ে আমাক মিত্রদলত চামিল কৰিব বুলি একেষাৰে কৈ দিয়া নাই যদিও তেওঁ কৈছে– সকলোকে লৈ মই চৰকাৰ চলাই নিব বিচাৰিছোঁ৷ এইক্ষেত্রত কোনোবাই যদি বন্ধুত্বৰ প্রস্তাৱ দিয়ে, তাক আমি বিবেচনা কৰিম৷ মুখ্যমন্ত্রীৰ এই মন্তব্যৰ অর্থৰ পৰা আমি বুজিছোঁ যে আমাৰ মিত্রতাৰ প্রস্তাৱ তেওঁ ইতিবাচক হিচাপে গ্রহণ কৰিছে৷ আমাৰ কথা হ’ল আমি মিত্রতাৰ প্রস্তাৱ আগবঢ়াইছোঁ, বিজেপিয়ে ইয়াক কিধৰণে গ্রহণ কৰে তাৰ ওপৰত সকলো নির্ভৰ কৰিব৷ যদি মিত্রতা হয় তেন্তে নিশ্চিতভাৱে ৰাজনৈতিক সমীকৰণসমূহ কিছু সলনি হ’ব৷ প্রবীণ বড়োৱে ইয়াকো উল্লেখ কৰে যে মিত্রতাৰ বাবে যি প্রয়োজনীয় সিদ্ধান্তৰ আৱশ্যক হ’ব তাৰ বাবে সকলো কর্তৃত্ব সভাপতি হাগ্রামা মহিলাৰীৰ ওপৰত অর্পণ কৰা হৈছে৷ পৰৱর্তী সময়ত মিত্রজোঁটত চামিল হ’বলৈ গ্রহণ কৰিবলগীয়া পদক্ষেপসমূহ হাগ্রামা মহিলাৰীয়ে নির্ণয় কৰিব৷ ইয়াৰ বাবে আজি মহিলাৰীক দলৰ তৰফৰ পৰা কর্তৃত্ব দিয়া হৈছে আৰু অচিৰেই দলৰ কার্যকৰী কমিটীৰ বৈঠক অনুষ্ঠিত কৰি মিত্রতাৰ এই প্রস্তাৱ কিধৰণে আগবাঢ়িছে সেই সন্দর্ভত বিস্তৃত আলোচনা কৰা হ’ব৷

মন কৰিবলগীয়া যে বিজেপিৰ সংগী হ’বলৈ তৎপৰ হৈ পৰা হাগ্রামা মহিলাৰী শেহতীয়াকৈ শাসকীয় দলটোৰ সৈতে চলাই থকা যোগাযোগক কেন্দ্র কৰি ইউপিপিএলৰ মাজত সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিপিএফৰ একাংশই এই মিত্রতাৰ জৰিয়তে পুনৰ বিটিএডিৰ শাসন নিজৰ হাতলৈ নিব বুলি চলাই থকা প্রচাৰক লৈও কিছু অস্বস্তিত পৰিছে ইউপিপিএলৰ সভাপতি তথা বিটিচিপ্রধান প্রমোদ বড়ো৷ ইয়াৰ মাজতে এইবুলিও চর্চাৰ সৃষ্টি হৈছে যে উপ–নির্বাচনৰ জৰিয়তে বিধানসভাৰ সদস্য ৰূপে নির্বাচিত কৰি বিজেপিয়ে হাগ্রামা মহিলাৰীক মন্ত্রিত্ব প্রদান কৰিব আৰু মিত্রতা আগুৱাই নিব৷ ৰাজনৈতিক মহলত সৃষ্টি হৈ থকা এনে চর্চাক অধিক দৃঢ় কৰি শেহতীয়াকৈ বিপিএফে মিত্রজোঁটত চামিল হ’বলৈ মুখ্যমন্ত্রীৰ ওচৰত দাখিল কৰা প্রস্তাৱ যথেষ্ট আকর্ষণীয় হৈ পৰিছে৷

বিপিএফৰ এনে ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ স্পষ্ট মন্তব্য– বিটিআৰত বিগ ব্রাদাৰ হৈ থাকিব ইউপিপিএল৷ বিজেপি কেতিয়াও প্রতাৰক নহয়৷ প্রমোদ বড়োক লগত লৈ বিটিআৰত বিজেপিয়ে চৰকাৰ গঠন কৰিছে৷ গতিকে বিটিআৰত প্রমোদ বড়ো হৈ থাকিব বিগ ব্রাদাৰ৷ বিগত নির্বাচনত অসম গণ পৰিষদ আৰু ইউপিপিএলক লগত লৈ বিজেপিয়ে নির্বাচনত অৱতীর্ণ হৈছিল৷ অগপ, ইউপিপিএল আৰু বিজেপিৰে গঠন হৈছিল মিত্রজোঁট৷ ইয়াৰ বিপৰীতে মহাজোঁটৰ অংশীদাৰ আছিল বিপিএফ৷ গতিকে এইক্ষেত্রত প্রস্তাৱ দিছে যদিও সিদ্ধান্ত গ্রহণত সময় লাগিব৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে বর্তমান মিত্রজোঁটৰ অংশীদাৰসকলৰ সৈতে আমাৰ এক সুসম্পর্ক আছে৷ গতিকে এই সুসম্পর্ক বাদ দি আমি আন ধৰণে যাব নোৱাৰোঁ৷ বিগত সময়ছোৱাৰ বিপিএফৰ কার্যকলাপসমূহ পর্যালোচনাৰ প্রয়োজন হ’ব৷ পৰৱর্তী সময়তহে আমি ঘোষণা কৰিম যে বিপিএফৰ সৈতে মিত্রতা হ’বনে নাই৷

ল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কিছুদিন পূর্বে স্পষ্ট কৰিছিল যে বিপিএপৰ তৰফৰ পৰা মিত্রতা সন্দর্ভত কোনো আনুষ্ঠানিক মিত্রতাৰ প্রস্তাৱ অহা নাই৷ তেনে প্রস্তাৱ আহিলে দলে আলোচনা কৰিব৷ মুখ্যমন্ত্রীৰ উক্ত বক্তব্যৰ পাছত বিপিএফে শেহতীয়াকৈ দাখিল কৰা মিত্রতাৰ প্রস্তাৱ সন্দর্ভত চৰকাৰ তথা ৰাজ্যিক বিজেপিয়ে কি সিদ্ধান্ত গ্রহণ কৰে সেয়া যথেষ্ট লক্ষণীয় হ’ব৷

ইফালে মহাজোঁটৰ পৰা আঁতৰি অহা সন্দর্ভত  বিপিএফৰ নেতা প্রবীণ বড়োৱে কয়– বিজেপিক আঁতৰোৱাৰ স্বার্থত গঠন হোৱা মহাজোঁট এতিয়া অপ্রাসংগিক৷ মহাজোঁট যি লক্ষ্যৰে গঠন হৈছিল, সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে৷ আসন ভাগ–বাটোৱাৰাৰ জৰিয়তে বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰখাৰ লক্ষ্যত মহাজোঁট ব্যর্থ হ’ল৷ অসমৰ ৰাইজে গম পাইছে কাৰ কাৰণে অথবা কি সিদ্ধান্তৰ কাৰণে মহাজোঁট ব্যর্থ হ’ল৷ এই কাৰণবোৰ কংগ্রেছ, এআইইউডিএফ, বিপিএফ সকলোৱে বুজি পাইছে৷ যিহেতু বিজেপিক পৰাভূত কৰাত মহাজোঁট ব্যর্থ হ’ল, গতিকে মহাজোঁটক জীয়াই ৰখাৰ কোনো অর্থ নাই৷ সেয়েহে আমি তাৰ পৰা আঁতৰি আহিছোঁ৷

You might also like