ইউনেস্কোৰ বিশ্ব স্মাৰক পঞ্জীয়নত অন্তর্ভুক্ত শ্রীমদ্ভাগৱত গীতা আৰু নাটশাস্ত্রৰ
কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটৰ ঘোষণা
নিউজ ডেস্ক, ১৮ এপ্রিল : ভাৰতীয় সভ্যতা–সংস্কৃতিৰ গৌৰৱময় প্রতীকস্বৰূপ শ্রীমদ্ভাগৱত গীতা আৰু নাট্যশাস্ত্রলৈ আন্তর্জাতিক স্বীকৃতি৷ ইউনেস্ক’ৰ বিশ্ব স্মাৰক পঞ্জীয়নত অন্তর্ভুক্ত হৈছে শ্রীমদ্ভাগৱত গীতা আৰু ভৰত মুনিৰ নাট্যশাস্ত্র৷ ইউনেস্ক’ৰ বিশ্ব স্মাৰক পঞ্জীয়নৰ নতুনকৈ অন্তর্ভুক্ত কৰা ৭৪ গ্রন্থ ঐতিহ্য সংগ্রহৰ মাজত শ্রীমদ্ভাগৱত গীতা আৰু নাট্যশাস্ত্রৰ অন্তর্ভুক্তিয়ে ৫ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা–সংস্কৃতিক বিশ্বত উজ্বলাই তুলিছে৷ কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱতে আজি তেওঁৰ সামাজিক মাধ্যম X যোগে এই তথ্য প্রকাশ কৰিছে৷ সামাজিক মাধ্যম এক্সত কেন্দ্রীয়মন্ত্রী শ্বেখাৱটে ভাৰতৰ এই গৌৰৱময় ক্ষণ প্রচাৰ কৰি কয়– ভাৰতীয় সভ্যতাৰ ঐতিহ্যৰ কাৰণে এক ঐতিহাসিক ক্ষণ৷ আন্তর্জাতিক স্বীকৃতিয়ে ভাৰতৰ আভ্যন্তৰীন জ্ঞান আৰু শৈল্পিক সত্বাক সন্মানিত কৰিলে৷ সাহিত্যিক মানৰ উপৰি এই গ্রন্থ দুখন হৈছে সীমাহীন জ্ঞানৰ ভাণ্ডাৰ৷ দার্শনিক আৰু নান্দনিক দৃষ্টিক ভাৰতক বিশ্বজুৰি পৰিচিত কৰিছে৷ যাৰ জৰিয়তে আমি ভাৱো, অনুভৱ কৰোঁ, জীয়াই আছো আৰু মনৰ ভাৱ ব্যক্ত কৰোঁ৷ এই দুখনৰ সৈতে আমি বিশ্বৰ আন্তর্জাতিক ক্ষেত্রখনলৈ ১৪ গ্রন্থৰে উজ্বল উঠিছো৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে বিশ্ব স্মাৰক পঞ্জীয়নত গীতা আৰু নাট্যশাস্ত্র অন্তর্ভুক্ত হোৱা বুলি প্রচাৰ কৰাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ সামাজিক মাধ্যম এক্সত কয়–ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতি বিশ্বৰ প্রতিগৰাকী ভাৰতীয়ৰ বাবে এক গৌৰৱৰ মুহূর্ত৷ ইউনেস্ক’ৰ বিশ্বস্মাৰক পঞ্জীয়নত গীতা আৰু নাট্যশাস্তৰ অন্তর্ভুক্তি আমাৰ সীমাহীন জ্ঞান আৰু সমৃদ্ধিশালী সংস্কৃতিৰ আন্তর্জাতিক স্বীকৃতি৷ গীতা আৰু নাট্যশাস্ত্রই আমাৰ সভ্যতাক লালন পালন কৰিছে৷ শতিকা শতিকা ধৰি চেতনা যোগাই আহিছে৷ সমগ্র বিশ্বক এই গ্রন্থ দুখনে অনুপ্রেৰণা যোগাই আহিছে৷ উল্লেখ্য যে যোৱা ১৭ এপ্রিলত ইউনেস্ক’ই বিশ্ব স্মাৰক পঞ্জীয়নত ৭৪টা নতুন গ্রন্থ ঐতিহ্য অন্তর্ভুক্ত কৰিছে৷ এই লৈ বিশ্ব স্মাৰক পঞ্জীয়ত মুঠ সংখ্যা ৫৭০লৈ বৃদ্ধি পাইছে৷ স্মর্তব্য যে শ্রীমদ্ভাগৱত গীতাক সাধাৰণতে গীতা হিচাপেই জনা যায়৷ মহাকাব্য মহাভাৰতৰ এটি অংশ গীতা৷ ভাৰতীয় ধর্মীয় ধাৰণা এই গ্রন্থখনত সমাহিত হৈ আছে৷ ধর্মৰ বৈদিক ধাৰণা, যোগ, জ্ঞান আৰু শক্তিকে ধৰি হিন্দুৰ পৰম্পৰা এই গ্রন্থখনত সমাহিত হৈ আছে৷ মূল সংস্কৃত ভাষাত ৰচিত গ্রন্থখনিত ১৮টা অধ্যায় আছে আৰু ৭০০ শ্লোক আছে৷ সন্ত বেদব্যাসে পৰম্পৰাগতভাৱে ৰচনা কৰা এই গ্রন্থখন পিছলৈ বহু লিখকে অনুলীখন কৰিছে আৰু বহু ভাষালৈ অনুদিত হৈছে৷ আনপিনে পৰিৱেশ্য কলাৰ ওপৰত মূল সংস্কৃতত ৰচিত ভৰত মুনিৰ নাট্যশাস্ত্র৷ এই গ্রন্থখনিত ৩৬ অধ্যায় আছে আৰু মুঠ ৬হাজাৰ কাব্যিক শ্লোক আছে৷ পৰিবেশ্য কলাক বর্ণনা কৰা হৈছে এই গ্রন্থখনত৷