নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুজনাৰ সত্ৰীয়া-সংস্কৃতিৰ প্ৰসাৰ-প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তিতাবৰৰ তৰুণ বৰা বৰবায়ন-গোবিন্দ কৃষ্ণ বৰা বৰবায়নে

বিশেষ বাৰ্তা, ২৪ জুন : তৰুণ বৰা বৰবায়ন আৰু গোবিন্দ কৃষ্ণ বৰা বৰবায়ন তিতাবৰৰ সত্ৰীয়া সংস্কৃতিৰ জগত খনৰ এক চিনাকি নাম।পুৱাৰ পৰা নিশালৈকে মহাপুৰুষ গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত দেহে কেহে লাগি থকা ভকত বৈষ্ণৱ দুজনক সত্ৰীয়া সংস্কৃতিৰ সাধক বুলি কয়।অসমীয়া বৰ্ণমালাৰ প্ৰথম আখৰৰ লগত পৰিচয় হব নাপাওঁতেই পাঁচ বছৰৰ বয়সত তৰুণ বৰা বৰবায়নক মাজুলীৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰত ভকত বৈষ্ণৱ ৰূপে আগবঢ়াই দিছিল পিতৃ প্ৰয়াত পীতাম্বৰ বৰাই।গোবিন্দ কৃষ্ণ বৰা বৰবায়নৰ বৰ দেউতাক আছিল শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বৰবায়ন প্ৰয়াত কামেশ্বৰ বৰা বৰবায়ন। সেই সূত্ৰে মাজুলীৰ এই সত্ৰীয়া পীঠস্থানলৈ আগমন ঘটিছিল গোবিন্দ কৃষ্ণ বৰবায়নৰ।আৰু তেতিয়াৰ পৰা সত্ৰীয়া সংস্কৃতিৰ সাধনাত ব্ৰতী হৈছিল তৰুণ বৰা বৰবায়ন আৰু গোবিন্দ কৃষ্ণ বৰা বৰবায়ন।তিতাবৰৰ দৰে বহু পিছপৰা অনুন্নত অঞ্চলত সাংস্কৃতিক জাগৰণ সৃষ্টি হৈছিল ১৯৭৪ চনত।কিয়নো মাজুলীৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াৰ কাৰণে অসম চৰকাৰৰ সহায়ত ১৯৭৪ চনত তিতাবৰৰ মহিমাবাৰীত আহি প্ৰতিষ্ঠা হৈছিল।আৰু এই সত্ৰ খনত মহাপুৰুষ গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ গুৰি ধৰিছিল মণিৰাম গায়ন মুক্তিয়াৰ গায়নাচাৰ্য, বেথাৰম হাজৰিকা পাঠক বৰগায়ন, গোপীৰাম বৰগায়ন, হেমুৰাম বৰগায়ন, ভৱকান্ত দেৱগোস্বামী, ৰামেশ্বৰ বৰবায়ন, সোনাৰাম শৰ্মা বুঢ়াভকত , টংকেশ্বৰ বৰবায়নৰ দৰে বিখ্যাত সত্ৰীয়া সংস্কৃতিৰ সাধকে।আৰু এই সকল নিখুঁত সত্ৰীয়া সংস্কৃতিৰ সাধকৰ লগত সত্ৰীয়া সংস্কৃতিৰ সাধনা কৰি নিপুণ খনিকৰৰ দৰে পাৰ্গত হৈ উঠিছিল তৰুণ বৰা বৰবায়ন আৰু গোবিন্দ কৃষ্ণ বৰা বৰবায়নে।তিতাবৰত ১৯৬৬ চনত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ সমিতিৰ উদ্যোগত শ্ৰীমন্ত শংকৰ বিদ্যাপীঠত গঢ় লৈ উঠিছিল শ্ৰী গুৰু সংগীত বিদ্যালয়।১৯৯৬ চনত তৰুণ বৰা বৰবায়নে শ্ৰী গুৰু সংগীত বিদ্যালয়ত অধ্যক্ষ আৰু গোবিন্দ কৃষ্ণ বৰা বায়নে শিক্ষক ৰূপে যোগদান কৰি সত্ৰীয়া বিভিন্ন খোল বাদ্য, গীত-মাত, নাচ, সত্ৰীয়া বিদ্যায়তনিক শিক্ষাৰে গুৰি ধৰিছিল।আৰু ইয়াৰ দুবছৰৰ পাছত ১৯৯৮ চনত তিতাবৰ মিলন নগৰত শশীকুল সংগীত বিদ্যালয় নামেৰে এখন সত্ৰীয়া মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি সত্ৰীয়া নৃত্য-গীত, ভাওনা, খোল বাদ্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি ৰাজ্য খনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কৰি সফলতা অৰ্জন কৰিছিল। অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ অধীনত তৰুণ বৰা বৰবায়ন গোবিন্দ কৃষ্ণ বৰা বৰবায়নৰ ওচৰত সত্ৰীয়া শিক্ষা গ্ৰহণ কৰি শ্ৰী গুৰু সংগীত বিদ্যালয় আৰু শশীকুল সত্ৰীয়া মহাবিদ্যালয়ৰ পৰা ১৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া নৃত্য- গীত, গায়ন বায়নত ” বিশাৰদ ” উপাধি লাভ কৰিবলৈ সক্ষম হৈছে।বৰ্তমান শ্ৰী গুৰু সংগীত বিদ্যালয় আৰু শশীকুল সত্ৰীয়া মহাবিদ্যালয়ত প্ৰায় তিনিশৰো অধিক ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া নৃত্য-গীত, গায়ন বায়ন অংকীয়া ভাওনাত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।তিতাবৰ সাহিত্য সভাই এই দুগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাদকক লৈ অৰুণ চন্দ্ৰ বৰুৱাৰ সম্পাদনাত ” অভিনন্দন তৰুণ-কৃষ্ণ ” নামৰ গ্ৰন্থ প্ৰকাশ কৰি অলপতে তিতাবৰ সাহিত্য সভাই উন্মোচন কৰে।

প্ৰেৰক প্ৰণৱজ্যোতি কলিতা

You might also like