নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চোৰা গৰুসহ মণিপুৰৰ দুজনক কৰায়ত্ত

বিশেষ বাৰ্তা, ২৪ জুনঃ নগাঁৱৰ বৰঘাটত পুনৰ জব্দ চোৰাং গৰু‌। কেইদিনমানৰ পূৰ্বে বৰঘাট বাইপাছত আৰক্ষীয়ে চোৰাং গৰু জব্দ কৰিছিল‌।আজি পুৱা বৰঘাট আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰেদুজনকৈ চোৰাং গৰু সৰবৰাহকাৰী ৷ কৰায়ত্ব হোৱা চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ নাম হৈছে খুলকপাম চবিৰ ৷ আনজন সৰবৰাহকাৰীৰ নাম হৈছে খুলকপাম চৰিফ ৷ দুয়োৰে ঘৰ মলিপুৰৰ ইম্ফলত ৷ বোকাখাতৰ পৰা চবিৰ আৰু চৰিফে ২২ টাকৈ গৰু লৈ যোৰাবাটলৈ বুলি গৈ থকা অৱস্থাত ।আজি আৰক্ষীৰ জালত পৰে ৷ নিয়মীয়া তালাচীৰ সময়ত এম এন ০৫ চি ১৬৯২ নম্বৰৰ গাড়ীখন তালাচী চলাওতে গৰুৰ চোৰাং সৰবৰাহৰ ঘটনা পোহৰলৈ আহে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like