আজিৰ পৰা নগাঁৱত শ্রীমন্ত শংকৰদেৱ মহোৎসৱ
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ আদর্শৰাজি, কলা–সংস্কৃতি, সাহিত্য, দর্শন বিশ্বব্যাপী প্রচাৰ–প্রসাৰৰ লক্ষ্যৰে মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ সহযোগত আজিৰ পৰা ৩১ জানুৱাৰীলৈ ৰাষ্ট্রীয় পর্যায়ত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ দুই সহস্রাধিক শিল্পী, সাহিত্যিক, গৱেষকে অংশগ্রহণ কৰিব৷ আজি পুৱা ৯.৩০ বজাৰ পৰা নগাঁও চহৰৰ খগেন মহন্ত প্রেক্ষাগৃহত অনুষ্ঠিত হয় আন্তর্জাতিক প্রযুক্তিগত অধিৱেশন৷
৩০ আৰু ৩১ জানুৱাৰীত বটদ্রৱা থানৰ আকাশীগংগাৰ তীৰৰ আই খেৰসুঁতি মুকলি মঞ্চ, শ’লগুৰি নসত্র, ভেটিয়নী নৰোৱা সত্র, নৰোৱা কুঁজি সত্র, নৰোৱা বালিসত্র, আউনীআটী শাখা সত্র, কৰচুং সত্র আৰু আইলক্ষ্মী থানত একেলগে অনুষ্ঠিত হ’ব ভাওনা, সত্রীয়া নৃত্য, বৰগীত, দিহানাম, থিয়নাম, ভোৰতাল নৃত্য আদি সাংস্কৃতিক অনুষ্ঠান৷
মহোৎসৱৰ সৈতে সংগতি ৰাখি ৩০ আৰু ৩১ জানুৱাৰীত ২৫০গৰাকী চিত্রশিল্পীয়ে বটদ্রৱাৰ আকাশীগংগাৰ পাৰে পাৰে কেনভাছত শংকৰী শৈলীৰ চিত্র অংকন কৰিব৷ তদুপৰি আকাশীগংগাৰ তীৰত অস্থায়ী মঞ্চ ২৫০গৰাকী কবিয়ে কবিতা পাঠেৰে মুখৰিত কৰিব৷ এই সাংস্কৃতিক মহোৎসৱত শিৱসাগৰ, যোৰহাট, নগাঁৱৰ ডিফলু, নমাটি গাঁও, মৰিগাঁও, হোজাই আদিৰ দহটা সাংস্কৃতিক দলে গুৰুজনা বিৰচিত অংকীয়া ভাওনা পৰিৱেশন কৰিব৷
আনহাতে, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ মহোৎসৱলৈ আগমন ঘটিবলগীয়া ৰাজ্য তথা ভিন্ন প্রান্তৰ সহস্রাধিক লোকৰ আৱাস, ভোজন, পানী যোগান, স্বাস্থ্য, বিজুলী, সুৰক্ষা আদিৰ ব্যৱস্থা কৰা হৈছে৷
জাতি–বর্ণ–ধর্ম নির্বিশেষে সকলোকে একগোট হৈ গুৰুজনাৰ আদর্শৰ প্রচাৰ–প্রসাৰৰ লক্ষ্যৰে আয়োজিত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যাপন সমিতিৰ সভাপতি তথা বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্রীশ্রী নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, কার্যকৰী সভাপতি ডাঃ আলেখ্য বৰুৱা আৰু সম্পাদক ৰাজীৱ দত্তই৷