শিৱসাগৰৰ জয়সাগৰত ভাৰতীয় ষ্টেট বেংকৰ নতুন শাখা মুকলি
নিয়মীয়া বাৰ্তা,২১ জুনঃ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হ’ল বৃহত্তৰ জয়সাগৰবাসীৰ। ব্যৱসায়ীসকলৰ সমান্তৰালকৈ সাধাৰণ শ্ৰেণীৰ নাগৰিক আৰু চৰকাৰী- বেচৰকাৰী কৰ্মচাৰীসকলে নগৰৰ ব্যস্ততাপূৰ্ণ ভাৰতীয় ষ্টেট বেংকৰ শাখালৈ গৈ বহুসময়ৰ পিছতহে নিজৰ কাম সমাধা কৰিবলৈ সক্ষম হয়।
এনে সময়তে জয়সাগৰত ৰাইজৰ সুবিধাৰ্থে আজি এক আড়ম্বৰপূর্ণ অনুষ্ঠানৰ মাজেৰে জয়সাগৰ শাখা মুকলি কৰা হয়। এই উদ্দেশ্য আয়োজিত এক সভাত উপস্থিত থাকি শাখাটোৰ ফিটা কাটি বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে গুৱাহাটী মণ্ডলৰ মুখ্য প্ৰবন্ধক প্ৰভাচ বসে।
ভায়লিনা বড়োৱে আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰি উপ-প্ৰবন্ধক সুৰভী ভট্টাচার্যই অনাগত দিনত এই শাখাই ৰাইজক অধিক সেৱা দিয়াৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। সভাত প্ৰবন্ধক অমৰেচ কুমাৰ ঝা, আঞ্চলিক প্ৰবন্ধক মনোৰঞ্জন মহান্তী, জয়সাগৰ শাখাৰ শাখা প্ৰবন্ধকদ্বয় অঞ্চুমান দাস, হেমন্ত চেতিয়াই সকলোৰে সহযোগিতা কামনা কৰি শুভেচ্ছামূলক বক্তব্য প্রদান কৰে।
সভাত উপস্থিত থকা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ প্ৰফুল্ল চন্দ্র কলিতা, বিশিষ্ট সাহিত্যিক প্ৰেম গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ ফুকনে ধন্যবাদসূচক মন্তব্য আগবঢ়ায়। আজিৰ এই উদ্বোধনী অনুষ্ঠানত শাখাটোৰ ভূমিৰ স্বত্বাধিকাৰ মবিদুল ইছলাম বড়া, জেলিনা বেগমক বেংকৰ তৰফৰ পৰা আদৰণি জনোৱাৰ লগতে প্ৰথম দুগৰাকী গ্ৰাহক ক্ৰমে নজিবুল্লাহ বৰা, ডাঃ তমিজুল হুছেইনকো আদৰণি জনায়। আজিৰ এই সভাত বিশিষ্ট ভাস্কর্য শিল্পী দুৰ্লভ বৰা, আনচাৰউদ্দিন বৰাকে ধৰি স্থানীয় শতাধিক ব্যক্তি উপস্থিত আছিল।
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই