ৰাজ্যিক কেবিনেট : ৩৫ জিলাত এহেজাৰটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ লক্ষ্য
বিশেষ বাৰ্তা, ২২ ফেব্রুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক। উক্ত বৈঠকৰ সিদ্ধান্ত সংবাদ মেলযোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। সিদ্ধান্ত অনুসৰি জনসমাগম ঘটা স্থানত প্রতিষ্ঠানৰ মালিকে চিচি টিভি আদিৰ দৰে নিৰীক্ষণ সঁজুলি ব্যৱহাৰ কৰাটো বাধ্যতামূলক৷ সমাগত বিধানসভা অধিৱেশনত জনসাধাৰণৰ সুৰক্ষা ব্যৱস্থা উন্নততৰ কৰাৰ বাবে অসম জনসুৰক্ষা (পৰিমাপক) বলৱৎকাৰী বিধেয়কখন উত্থাপন হ’ব৷ সেই অনুসৰি সকলো প্রতিষ্ঠান, আৱাসিক ভৱন (ভূমি মহলাৰ ওপৰত) পৰিচালনা কৰা প্রতিগৰাকী মালিক/প্রবন্ধক / ব্যক্তিয়ে আইন আৰম্ভ হোৱাৰ তাৰিখৰ পৰা ৬ মাহৰ ভিতৰত বা ব্যৱসায়িক প্রতিষ্ঠানৰ ক্ষেত্রত অনুজ্ঞা–পত্র নৱীকৰণৰ পৰৱর্তী তাৰিখৰ পূর্বে (যিটো আগতে হয়) জনসুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব৷ চিচি টিভি কেমেৰাত ৩০ দিনৰ বাবে ভিডি’ ফুটেজ সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব৷ সেইদৰে আজিৰ কেবিনেটে ৰাজ্যিক কাৰিকৰী শিক্ষা সংসদে প্রদান কৰা তিনিবছৰীয়া অভিযান্ত্রিক ডিপ্লমা এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক (বিজ্ঞান) উত্তীর্ণ সমতুল্য হিচাপে স্বীকৃতি প্রদান কৰে৷ ৰাজ্যিক কাৰিকৰী শিক্ষা সংসদে অভিযান্ত্রিক ডিপ্লমাধাৰীসমূহ পলিটেকনিক শিক্ষার্থীৰ ক্ষেত্রত এয়া প্রযোজ্য হ’ব৷ পলিটেকনিক শিক্ষার্থীসকলৰ ভৱিষ্যৎ শিক্ষাগ্রহণৰ ক্ষেত্রত সহায়ক হোৱাকৈ আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে আজিৰ কেবিনেটে অসম অভিযান্ত্রিক সেৱা নিযুক্তি পৰিষদ গঠনৰ সংশোধনীত অনুমোদন জনায়৷ শৈক্ষিক/প্রশাসনিক বিশিষ্ট ব্যক্তিক অধ্যক্ষ, আভিযান্ত্রিক মহাবিদ্যালয়ৰ দুগৰাকী অধ্যক্ষকক ৰাজ্য চৰকাৰৰ দ্বাৰা সদস্য, অসম চৰকাৰৰ দ্বাৰা নির্দিষ্ট শাখাৰ দুগৰাকী বিশেষজ্ঞক সাক্ষাৎকাৰৰ যোগেদি মনোনয়ন কৰাৰ লগতে কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালকগৰাকী উক্ত নিযুক্তি পৰিষদৰ সদস্য সচিব হ’ব৷ আনহাতে আজিৰ কেবিনেটে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ্ (স্নাতকোত্তৰ ডিগ্রী আৰু ডিপ্লমা পাঠ্যক্রম নামভর্তিৰ নিয়মাৱলী) বিধি ২০২১ৰ নিয়ম ৭ i) (গ)ৰ সংশোধনীৰ দ্বাৰা স্নাতকোত্তৰৰ চিকিৎসা শিক্ষার্থীক প্রি আৰু পেৰা ক্লিনিকেল বিষয় অধ্যয়নৰ বাবে উদগনি যোগাৱাত অনুমোদন জনায়৷ ৰাজ্যৰ স্বাস্থ্য সেৱাত কর্মৰত চিকিৎসকসকলৰ বাবে দেহতত্ত্ব বিজ্ঞান, শৰীৰ তত্ত্ব বিজ্ঞান, জৈৱ ৰসায়ন, ফৰেনছিক মেডিচিন, ফার্মাক’লজী, মাইক্র’বায়’লজী আৰু কমিউনিটী মেডিচিন এই ৭টা বিভাগত দুখনকৈ পিজি আসন সংৰক্ষণৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেইদৰে আজিৰ কেবিনেটে হিন্দুস্তান পেপাৰ কর্প’ৰেচন আৰু ১৭গৰাকী প্রাক্তন কর্মচাৰীক চৰকাৰী চাকৰিত নিয়োগৰ সিদ্ধান্ত গ্রহণ কৰে৷ উচ্চ বয়সৰ সীমাক ৰেহাই দি এইচ পি চি এলৰ প্রাক্তন কর্মচাৰী আৰু প্রাক্তন শ্রমিক সংঘই দাখিল কৰা তালিকাৰ পৰা বিশেষ নিযুক্তি অভিযানৰ সময়ত ৰৈ যোৱা ১৭গৰাকী প্রাক্তন কর্মচাৰীক তেওঁলোকৰ অর্হতা অনুযায়ী বিভিন্ন বিভাগত পুনৰ নিয়োগ কৰাৰ প্রস্তাৱত অনুমোদন জনায়৷ উক্ত ১৭গৰাকী কর্মচাৰীৰ চাৰিগৰাকীক জনস্বাস্থ্য কাৰিকৰী বিভাগত, ১০গৰাকীক উদ্যোগ আৰু বাণিজ্য আয়ুক্তালয়ত আৰু তিনিগৰাকীক এ আই ডি চিত নিযুক্তি দিয়া হ’ব৷ একেদৰে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেডৰ দ্বাৰা নিৰৱচ্ছিন্নভাৱে ধান ক্রয়ৰ বাবে আৰু মিছন অমৃত সৰোবৰ কার্যকৰীকৰণৰ বাবে মেগা মিছন ছ’চাইটী–মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনালৈ অনুদান হিচাপে ২৭০ কোটি টকাৰ অনুমোদন জনোৱা হয়৷ অনুৰূপ ধৰণে বি টি আৰৰ সর্বাংগীণ উন্নয়নৰ বাবে ৰাজ্যিক স্ব–গ্রাধিকাৰ উন্নয়ন (গ্রামীণ) পুঁজিৰ অধীনত ২০২২–২৩ বিত্তীয় বর্ষৰ বাবে দ্বিতীয় কিস্তি হিচাপে ৩৬১.৪২ কোটি টকা মুকলিত আজিৰ কেবিনেটে অনুমোদন জনায়৷ ইপিনে আজিৰ কেবিনেটে ৰাজ্যৰ সর্বাংগীণ উন্নয়নৰ বাবে ৩৫খন জিলাত ১ হাজাৰটা আদর্শ অংগনৱাড়ী কেন্দ্র স্থাপন, দুখন জিলাত তিনিটা গ্রাম্য পথ প্রকল্প আৰু ২০খন জিলাত ৩৯টা ভূমি সংৰক্ষণ আৰু জল সংগ্রহ প্রকল্পৰ বাবে অসম চৰকাৰে নাবার্ডৰ পৰা ৪১৪.৪২ কোটি টকা ঋণ গ্রহণত অনুমোদন জনায়৷ ইয়াৰে অংগনৱাড়ী কেন্দ্র স্থাপনৰ বাবে ২২৩.৮০ কোটি টকা, গ্রাম্য পথ প্রকল্পৰ বাবে ১৬০.৬৯ কোটি টকা আৰু ভূমি সংৰক্ষণৰ প্রকল্পৰ বাবে ২৯.৯১ কোটি টকা ধার্য কৰা হৈছে৷ আজিৰ কেবিনেটে ৫ জিৰ ক্ষিপ্র সেৱা সুবিধাৰ বাবে অসমৰ দূৰসংযোগ আন্তঃগাঁথনিলৈ ৰাইট অৱ ৱে’ প্রদানৰ নির্দেশিকা ২০২৩ত অনুমোদন জনায়৷ আনহাতে আজিৰ কেবিনেটে অসম বিজ্ঞান আৰু প্রযুক্তি বিশ্ববিদ্যালয়ৰ কাম–কাজৰ দক্ষতা বৃদ্ধি আৰু সম্পদৰ অনুকূল ব্যৱহাৰৰ বাবে অসম বিজ্ঞান আৰু প্রযুক্তি বিশ্ববিদ্যালয় আইন–২০০৯ৰ সংশোধনীত অনুমোদন জনায় আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয় গুৱাহাটীক অসম বিজ্ঞান আৰু প্রযুক্তি বিশ্ববিদ্যালয়ক মূল মহাবিদ্যালয় হিচাপে পৰিগণিত কৰে৷ ইয়াৰ ফলত অসম অভিযান্ত্রিক মহাবিদ্যালয়খনত পাঠদান আৰু গৱেষণাৰ সুবিধা উন্নততৰ হ’ব৷ সেইদৰে আজিৰ কেবিনেট অসম ফ্লাইং ক্লাবৰ পুনৰুজ্জীৱনৰ বাবে ছ’চাইটী পঞ্জীয়ন আইন ১৮৬০ৰ অধীনত অসম ফ্লাইং ক্লাব ছ’চাইটী গঠনত অনুমোদন জনায়৷ মুখ্যমন্ত্রীক অধ্যক্ষ, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্রীক উপ–সভাপতি, ৰাজ্য চৰকাৰৰ মহাধিবক্তা, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ জ্যেষ্ঠতম সচিব, বিত্ত বিভাগৰ জ্যেষ্ঠতম সচিব, পৰিচালনা বিশেষজ্ঞ, বিমান বিশেষজ্ঞ, প্রশাসনিক বিশেষজ্ঞ সদস্য আৰু ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকক সদস্য হিচাপে লৈ এই ছ’চাইটীখন গঠন কৰা হয়৷ আনহাতে শিশু আৰু মহিলাৰ পুষ্টি নিশ্চিতকৰণৰ বাবে পৰিপূৰক পুষ্টি কার্যসূচী (এছ এন পি)ৰ অধীনত মিলেট, চাউল আৰু অন্যান্য শস্যভিত্তিক ৰেডী–টু–কুক /ৰেডী–টু–ইট খাদ্য প্রদানৰ বাবে এছ অ’ পিৰ অধিসূচনাত কেবিনেটে অনুমোদন জনায়৷ ইয়াৰ দ্বাৰা ৬ মাহৰ পৰা ৬ বছৰৰ শিশুৰ লগতে গর্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃৰ মাজত পুষ্টিহীনতাৰ সমস্যা আঁতৰোৱা হ’ব৷ সেইদৰে শক্তিৰ বর্ধিত চাহিদা দূৰ কৰাৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডৰ সহযোগত ভৱিষ্যতৰ শক্তি সুৰক্ষা পদক্ষেপতো আজিৰ কেবিনেটে অনুমোদন জনায়৷ ইয়াৰ মূল দিশসমূহ হৈছে বাধ্য–বাধকতা অবিহনে ক’ল ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ চুক্তি সম্পাদনত নীতিগত সন্মতি, এ পি ডি চি এলৰ পৰিচালন সঞ্চালকক স্বাক্ষৰকাৰী কর্তৃত্বৰ লগতে ৰাজ্য চৰকাৰৰ হৈ বুজাবুজি চুক্তি সম্পাদন কৰিবলৈ এ পি ডি চি এলক কর্তৃত্ব প্রদান আৰু ক’ল ইণ্ডিয়াকে ধৰি অন্যান্য কর্তৃপক্ষৰ সৈতে এই সহযোগিতাৰ সকলো দিশ সন্দর্ভত আলোচনা আৰু পর্যালোচনা কৰিবলৈ এ পি ডি চি এলৰ পৰিচালন সঞ্চালকক কর্তৃত্ব প্রদান কৰে৷