নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিদৰে সম্ভৱ : নৃশংসতাৰ পিছত স্বাভাৱিক জীৱন কটাইছিল ঘাতক বন্দনাই

বিশেষ বাৰ্তা, ২২ ফেব্রুৱাৰীঃ গুৱাহাটীৰ শিহৰণকাৰী হত্যাকাণ্ডই সকলোৰে অন্তৰ কঁপাই তুলিছে৷ কিন্তু নৃশংস হত্যাকাণ্ডৰ পিছতো অনুশোচনাত ভোগা নাছিল লেডী ঘাতক বন্দনা৷ স্বামী–শাহুক নৃশংস হত্যা কৰি বন্দনাই তাৰ পিছতো অতিবাহিত কৰিছিল স্বাভাৱিক জীৱন৷ স্বামী–শাহুক হত্যা কৰাৰ পিছতো পৰিয়ালসহ বিভিন্ন ঠাই ভ্রমণ কৰিছিল বন্দনাই৷ পাপ মোচনৰ বাবে দর্শন কৰিছিল ৰাজ্যৰ একাধিক ধর্মীয় স্থান, শক্তিপীঠ কামাখ্যাত দিছিল ছাগলী বলি৷ নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছিল পৰিয়ালৰ সৈতে কৰা অৱসৰ বিনোদনৰ মুহূর্তবোৰ৷ সাধাৰণতে ফেচবুকত প্রত্যেক দিনাখনেই সক্রিয় হৈ থকা বন্দনাই ২৬ জুলাইত প্রথম হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছত ১৩ আগষ্টলৈকে প্রায় ১৭ দিন আঁতৰি আছিল ফেচবুকৰ পৰা৷ তাৰ পিছত ১৫ আগষ্টৰ দিনা বন্ধু–বান্ধৱীৰ সৈতে স্বাধীনতা দিৱসৰ এক কার্যসূচীত অংশ লৈছিল বন্দনাই৷ তাৰ দুদিন পিছতে ১৭ আগষ্টত দ্বিতীয়টো হত্যাকাণ্ড সংঘটিত কৰিছিল লেডী ঘাতকগৰাকীয়ে৷ পূর্বৰ দৰেই পুনৰ আঠদিন ফেচবুকৰ মজিয়ালৈ অহা নাছিল বন্দনাই৷ দিয়া নাছিল কোনোধৰণৰ আপডেট৷ ২৫ আগষ্টত সাধাৰণ ভিডি’ এটা শ্বেয়াৰ কৰা বন্দনাই ক্রমাৎ যেন স্বাভাৱিক হ’বলৈকে বিচাৰিছিল৷ সেয়ে ২৫ ছেপ্টেম্বৰত দুৰন্ত স্প’টছ ক্লাবে আয়োজন কৰা মহালয়া বিশেষ দৌৰত অংশ লৈছিল বন্দনাই৷ ইয়াৰ মাজতে ২৮ ছেপ্টেম্বৰত দিল্লীত ফিটনেছ ট্রেইনাৰৰ পৰীক্ষা দিবলৈ বিমানেৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছিল বন্দনাই৷ ২৮, ২৯ ছেপ্টেম্বৰত দিল্লীত কটাই পুনৰ গুৱাহাটীলৈকে উভতি অহা বন্দনাই ৩ অক্টোবৰত ধাৰাপুৰৰ পিতৃৰ মূলগৃহলৈ ৰাওনা হৈছিল৷ ধাৰাপুৰত পৰিয়ালৰ সৈতে শাৰদীয় দুর্গোৎসৱৰ বিভিন্ন কার্যসূচীত অংশ লৈ ৭ অক্টোবৰত পুনৰ গুৱাহাটীলৈ উভতিছিল৷ ৮ অক্টোবৰৰ পৰা নিজৰ পিতৃ–মাতৃ আৰু অবৈধ প্রেমিক ধনটি ডেকাৰ অভিভাৱকক লগত লৈ দীঘলীয়া অৱসৰ বিনোদনৰ বাবে গৈছিল বন্দনাই৷ বৰপেটা সত্র আৰু সৰভোগৰ গৰখীয়া গোসাঁইৰ থান দর্শন কৰি মানাহ ৰাষ্ট্রীয় উদ্যান অভিমুখে পৰিয়ালৰ সৈতে গৈছিল বন্দনাই৷ দুটা ভয়ানক কাণ্ড সংঘটিত কৰিও কোনোধৰণৰ অনুশোচনাত নোভোগা বন্দনাই জীৱনটোৰ প্রত্যেক দিনেই যেন উদযাপনৰ দিন হিচাপে গণ্য কৰিছিল৷ সেয়ে তাৰ পিছতো বন্ধুবর্গৰ সৈতে প্রমোদ ভ্রমণ আৰু ডিচেম্বৰত পুনৰ কামাখ্যা দর্শন কৰিছিল বন্দনাই৷ জানুৱাৰীত পুনৰ কামাখ্যা দর্শন কৰি আশিস লৈছিল বন্দনাই৷ ছেপ্ঢেম্বৰৰ পৰা জানুৱাৰীপর্যন্ত কৰা কার্যকলাপসমূহ সঘনাই আপলোড কৰিছিল নিজৰ ফেচবুক পেজত৷ আৰক্ষীয়ে বর্তমান বন্দনাৰ ফেচবুক প্রফাইল পৰীক্ষা কৰি এই সাত মাহ সময়ছোৱাত কি ধৰণৰ কার্যকলাপত বন্দনাই জড়িত হৈছিল সেয়া তদন্ত কৰি আছে৷ হত্যাকাণ্ডটো সফল কৰাৰ ক্ষেত্রত দুই সহযোগীৰ বাদেও আৰু কোনোবাৰ সহায় লৈছিল নেকি, সেয়াও তদন্ত কৰি আছে আৰক্ষীয়ে৷ মন কৰিবলগীয়া যে হত্যাকাণ্ড এটা সংঘটিত কৰাৰ পিছত যিমানেই খামি ডাঠ মানুহ নহওক কিয়, এটা সুস্থিৰ মন লৈ থাকিব নোৱাৰে৷ কিন্তু স্বামী–শাহুক নৃশংসভাৱে হত্যা কৰাৰ পিছতো কিদৰে বন্দনাই এই মুহূর্তলৈকে স্বাভাৱিক হৈ আছে সেয়া তদন্তকাৰী আৰক্ষীৰ বাবেও এতিয়া বিস্ময়ত পৰিণত হৈছে৷ কাৰাগাৰত থকা সময়তো বন্দনাৰ মুখমণ্ডলত তিলমাত্রও অনুশোচনা অথবা ভয়ৰ চিন নেদেখি মহিলা আৰক্ষীয়েও স্তম্ভিত হৈ পৰিছে৷

You might also like