নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ ক’ভিডৰ তৃতীয় জোৱাৰ তথা ইয়াৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ সংক্রমণে ক্রমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ মাজতে আজি ৰাজ্যত আৰম্ভ হৈছে সাৱধানতামূলক তৃতীয় পালি ভেকিচন প্রদান অভিযান৷ ৬০ বছৰৰ ঊর্ধ্বৰ ব্যক্তিসকলৰ লগতে চিকিৎসক, স্বাস্থ্যকর্মীকে ধৰি ফ্রণ্টলাইন ৱর্কাৰসকলক এই সাৱধানতামূলক অথবা বুষ্টাৰ ড’জ প্রদান কৰা হৈছে৷ সন্ধিয়া ৬ বজাপর্যন্ত ৭,৯২১জন ব্যক্তিক প্রদান কৰা হৈছে ভেকচিনৰ তৃতীয় পালি৷ ইয়াৰ ভিতৰত ৪,৫৭৭জন স্বাস্থ্যকর্মী, ১,৪৩৯জন ফ্রণ্টলাইন ৱর্কাৰ আৰু ১,৯০৫জন ৬০ৰ ঊর্ধ্বৰ ব্যক্তি৷ মেডিকেল কলেজ, চৰকাৰী হাস্পতাল, প্রাথমিক স্বাস্থ্যকেন্দ্র আদিত আজিৰে পৰা এই সাৱধানতামূলক ভেকচিনৰ পালি প্রদান কৰা হৈছে৷ যোৰহাট মেডিকেল কলেজ হাস্পতাল (জে এম চি এইচ)ত সাৱধানতামূলক ভেকচিনৰ পালি প্রদান অভিযানৰ শুভাৰম্ভণি কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ ইয়াতেই সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে ৰাজ্যৰ পৰিস্থিতি অধিক বেয়াৰ দিশলৈ গতি কৰিলে চৰকাৰৰ নীতি–নির্দেশনাও অধিক কঠোৰ হ’ব৷ এইবাৰ সাধাৰণ জীৱন–জীৱিকা ব্যাহত নোহোৱাকৈ ক’ভিডৰ বিৰুদ্ধে যুঁজ চলাই নিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– ‘তৃতীয় পালি ভেকচিন অর্থাৎ বুষ্টাৰ ড’জ প্রথমে ক’ভিড যোদ্ধা, বিশেষকৈ চিকিৎসক, স্বাস্থ্যকর্মী আদিৰ লগতে ৬০ৰ ঊর্ধ্বৰ ব্যক্তিসকলক প্রদান কৰা হ’ব৷ দ্বিতীয় পালি ভেকচিন লোৱা ৯ মাহ সম্পূর্ণ হোৱাসকলে এই ড’জ ল’ব পাৰিব৷ তদুপৰি সাংবাদিকসকলকো প্রথম শ্রেণীৰ যোদ্ধা হিচাপে গণ্য কৰি নির্দিষ্ট সময় হোৱা সাংবাদিকসকলেও ক’ভিড ভেকচিনৰ তৃতীয় পালি গ্রহণ কৰিব পাৰিব৷’
আনহাতে ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে এতিয়াৰে পৰা প্রশাসন অধিক কঠোৰ হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে হোটেল–ৰেষ্টুৰেণ্ট, চৰকাৰী কার্যালয় আদিত কোনো লোক প্রৱেশ কৰিলে, তেওঁলোকে দ্বিতীয় পালি ভেকচিন লোৱাৰ প্রমাণ–পত্র প্রদর্শন কৰিব লাগিব৷ যদি ভেকচিন নোলোৱা লোকে প্রৱেশ কৰে, তেনেহ’লে হোটেল–ৰেষ্টুৰেণ্টৰ গৰাকীয়ে ২৫ হাজাৰ টকাপর্যন্ত জৰিমনা ভৰিব লাগিব৷ ক’ভিডৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শেষ অস্ত্রই হৈছে ভেকচিন৷ ৰাজ্যত এতিয়াও ৪৫ লাখ লোকে দ্বিতীয় পালি ভেকচিন গ্রহণ কৰা নাই বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রী মহন্তই এইবুলিও কয় যে চৰকাৰী কর্মচাৰীয়ে ভেকচিন নল’লে কার্যালয়লৈ আহিব নোৱাৰিব আৰু তেওঁলোকে ইয়াৰ বাবে দৰমহাও নাপাব৷ তদুপৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সময়মতে অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে পৰীক্ষাৰ পূর্বে সকলো পৰীক্ষার্থীকে ভেকচিন প্রদান প্রক্রিয়া সম্পূর্ণ হ’ব৷ উল্লেখ্য যে ৰাজ্যৰ আন প্রান্তৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো ক’ভিড–মিক্রন প্রতিৰোধৰ সতর্কতাৰ অংশস্বৰূপে ভেকচিনৰ তৃতীয় পালি অথবা সাৱধানতামূলক ড’জ প্রদান কৰা হয়৷ মহানগৰীৰ ভিন্ন প্রান্তৰ ৬০ৰ ঊর্ধ্বৰ ব্যক্তিসকলে জি এম চি এইচত তৃতীয় পালি ভেকচিন গ্রহণ কৰে৷ ফ্রণ্টলাইন ৱর্কাৰসকলকো হাস্পতালখনত প্রদান কৰা হয় ভেকচিনৰ তৃতীয় ড’জ৷