ৰাজ্যত ব্যাপক হাৰত অব্যাহত খ্রীষ্টানলৈ ধর্মান্তৰকৰণ
অল জেনেৰেচন ফৰ খ্রীষ্ট নামেৰে ভয়ংকৰ ব্লু–প্রিণ্ট
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ ভিন্ন প্রান্তত ব্যাপক হাৰত মুকলিকৈ চলি আছে হিন্দু–মুছলমান উভয় ধর্মৰ লোকক খ্রীষ্টান ধর্মলৈ ধর্মান্তৰকৰণ অভিযান৷ খোদ গুৱাহাটীৰ মাজমজিয়াত গির্জা স্থাপন কৰি অসমত খ্রীষ্টান ধর্মৰ ব্যাপক প্রচাৰ আৰু প্রসাৰৰ ভয়ংকৰ কুচকাৱাজ অব্যাহত ৰাখিছে বহুসংখ্যক লোকে৷ বিশেষকৈ গুৱাহাটীৰ ছাত্রীবাৰীত প্রেছ বেটেৰিয়ান চার্চ স্থাপন কৰি একাংশ মিজো লোক আৰু পাষ্টৰ ৰেভাৰেণ্ড যোছেফৰ নেতৃত্বত বর্তমান নলবাৰী, হাজো, মৰিগাঁও, যোৰহাট, ডিব্রুগড়, ৰূপাই, লাইমেকুৰী অঞ্চলত ব্যাপক হাৰত ধর্মান্তৰকৰণ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই কার্যত ঘন সন্দিকৈ, হেমন্ত শর্মা আদি একাংশ অসমীয়াই আগভাগ লৈ বিশেষভাৱে সহায় কৰি অহা বুলিও অভিযোগ পোৱা গৈছে৷ ধর্মান্তৰকৰণ প্রক্রিয়া চলাবলৈ বিদেশী ৰাষ্ট্রৰ পৰা বুজন পৰিমাণৰ ধন নিয়মীয়াকৈ লাভ কৰি অহাৰ প্রতি লক্ষ্য ৰাখি অসমৰ একাংশ হিন্দু ধর্মৰ লোকে খ্রীষ্টান ধর্মলৈ দীক্ষিত হৈ নিজাববীয়াকৈ ধর্মান্তৰকৰণ প্রক্রিয়া চলাই নিবলৈ আৰম্ভ কৰে৷ প্রাপ্ত অভিযোগ মতে, দেৰগাঁৱৰ প্রাক্তন আৰক্ষী বিষয়া আইনুল হকে কামৰূপৰ বকোত স্থায়ীভাৱে থাকি হিন্দু আৰু মুছলমান উভয় ধর্মৰ বহু লোকক খ্রীষ্টান ধর্মলৈ ধর্মান্তৰিত কৰে৷ এগৰাকী গাৰো যুৱতীক বিয়া কৰাই খ্রীষ্টান ধর্মত দীক্ষিত হোৱা আইনুল হকে ‘ট্রী অৱ লাইফ’ অর্থাৎ জীৱনৰ গছ নামেৰে অনুষ্ঠানৰ জৰিয়তে বর্তমান বকো, নলবাৰী, কলিতাকুছি, গুৱাহাটী, মৰিগাঁও, লাহৰীঘাট আদি মুছলমান বসতিপূর্ণ অঞ্চলত খ্রীষ্টান ধর্ম প্রচাৰ কৰি কেইবাশ লোকক ধর্মান্তৰিত কৰে৷ প্রাপ্ত অভিযোগ মতে, কিছুদিন পূর্বে এইজন আইনুল হকে মৰিগাঁৱত খ্রীষ্টান ধর্ম প্রচাৰ কৰিবলৈ যাওঁতে স্থানীয় লোকৰ ৰোষৰ বলি হ’ব লগা হৈছিল৷ ইয়াৰ পাছতো আইনুল হকে খ্রীষ্টান ধর্মৰ প্রচাৰ আৰু প্রসাৰকার্যত নিৰৱচ্ছিন্নভাৱে ব্রতী হৈ আছে৷ খ্রীষ্টান ধর্ম প্রচাৰ আৰু প্রসাৰকার্যত প্রাক্তন আৰক্ষী বিষয়াজনক অর্ণৱ বৈশ্য আৰু জনাথন হৰ’ নামৰ লোক দুজনে সহায় কৰি আহিছে৷ আইনুল হক এণ্ড কোম্পানীয়ে এতিয়া গোৱালপাৰা আৰু বৰপেটা জিলালৈ ধর্মান্তৰকৰণৰ কার্যকলাপ সম্প্রসাৰণ কৰাৰ পৰিকল্পনা কৰিছে৷ আইনুল হকৰ সৈতে কাম কৰা এজন ঘনিষ্ঠ লোকে জনোৱা মতে, হকে ২০১০ চনৰ পৰা অসমত খ্রীষ্টান ধর্মৰ প্রচাৰ আৰু প্রসাৰৰ কামত নিয়োজিত হৈ আছে৷ সেইদৰে লখিমপুৰৰ বাসিন্দা তথা বর্তমান চাকৰিসূত্রে গুৱাহাটীৰ বৰঝাৰস্থিত অইল ইণ্ডিয়াৰ আৱাসত থকা অমৰ বাছফৰ নামৰ এজন অইলৰ বিষয়াই আমৰণ জন আমছাই ছদ্ম নাম লৈ আজাৰা, বকো আদি অঞ্চলৰ বহুসংখ্যক লোকক খ্রীষ্টান ধর্মলৈ ধর্মান্তৰিত কৰিছে৷ বৰঝাৰত এটা অট্টালিকা লীজত লৈ ‘অল জেনেৰেচন ফৰ খ্রীষ্ট’ নামেৰে ধর্মান্তৰকৰণ অভিযান চলাই আছে৷ অমৰ বাছফৰে শেহতীয়াকৈ তেজপুৰ আৰু তিনিচুকীয়া জিলাত চকু দি খ্রীষ্টান ধর্ম প্রচাৰ আৰু প্রসাৰ চলাবলৈ উঠিপৰি লাগিছে৷ উল্লেখ্য যে অমৰ বাছফৰে চাকৰি কৰি থকাৰ সমান্তৰালকৈ বিগত ২০০৮ চনৰ পৰা দুখীয়া, নিৰক্ষৰ লোকক ‘টার্গেট’ কৰি ধর্মান্তৰকৰণৰ জাল পেলাই আহিছে৷ গুৱাহাটীৰ প্রেছ বেটেৰিয়ান চার্চৰ পাছত আইনুল হক আৰু অমৰ বাছফৰৰ নেতৃত্বত ৰাজ্যত ব্যাপক হাৰত হিন্দু আৰু মুছলমান ধর্মৰ লোকক খ্রীষ্টান ধর্মলৈ ধর্মান্তৰকৰণ কৰা হৈছে৷ প্রেছ বেটেৰিয়ান চার্চৰ জনৈক গগৈ উপাধিৰ কর্মচাৰীজনে জনোৱা মতে, উক্ত চার্চৰ উদ্যোগত ৰাজ্যৰ ৩৭ স্থানত গির্জা পাতি আৰু ঘৰভাৰা লৈ খ্রীষ্টান ধর্মৰ প্রচাৰ আৰু প্রসাৰ চলাই আছে৷ অসমক ‘মিছন ফিল্ড’ হিচাপে লৈ বিদেশৰ পৰা লাভ কৰা পুঁজিৰে অসমখন এখন খ্রীষ্টানপ্রধান ৰাজ্য ৰূপে গঢ়ি তোলাৰ ভয়ংকৰ ব্লুপ্রিণ্ট ৰচনা কৰি খ্রীষ্টান ধর্মৰ আগ্রাসী প্রচাৰ চলাই আছে৷ বিদেশৰ পৰা লাভ কৰা পুঁজিৰে প্রেছ বেটেৰিয়ান চার্চে ধেমাজি, চিলাপথাৰ, লাইমেকুৰী আদি অঞ্চলত হাইস্কুল স্থাপন কৰি ৰাইজক আকর্ষণ কৰাৰ কৌশল গ্রহণ কৰে৷ এই বিষয়ে যোৱা ৪ আগষ্টত ‘নিয়মীয়া বার্তা’ত বিস্তৃতভাৱে প্রকাশ পাইছে৷ ‘নিয়মীয়া বার্তা’ত এই কথা ফাদিল কৰাৰ পাছতো হিন্দুত্ববাদী সংগঠনসমূহে নীৰৱ হৈ থকা বুলি অভিযোগ উঠিছে৷ হিন্দুত্ববাদী সংগঠনৰ নীৰৱতাৰ সুযোগ গ্রহণ কৰি আইনুল হক, অমৰ বাছফৰৰ দৰে লোকে অসমত মুকলিকৈ খ্রীষ্টান ধর্মৰ প্রচাৰ আৰু ধর্মান্তৰকৰণ অভিযান অব্যাহত ৰাখিছে৷