নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়া চক্রৱর্তীক গ্রেপ্তাৰৰ সম্ভাৱনা নার্ক’টিকছ ব্যুৰ’ৰ

সুশান্তৰ প্রেমিকাক ৬ ঘণ্টা জেৰা এনচিবিৰ

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ  জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সৈতে ড্রাগছৰ সম্পর্ক থকাৰ বিষয়টোক লৈ তদন্ত অব্যাহত ৰখা নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ (এনচিবি)য়ে আজি অভিনেত্রী ৰিয়া চক্রৱর্তীক ৬ ঘণ্টা ধৰি জেৰা কৰে৷ ভাতৃ সৌৱিক চক্রৱর্তী আৰু ছেমুৱেল মিৰাণ্ডাক গ্রেপ্তাৰ কৰাৰ দুদিন পাছতে এনচিবিয়ে মুম্বাইস্থিত কার্যালয়ত দেওবাৰে ২৮ বছৰীয়া ৰিয়াক ৬ ঘণ্টা ধৰি জেৰা কৰাৰ পাছতে অভিনেত্রীগৰাকী গ্রেপ্তাৰ হ’ব পাৰে বুলি বিভিন্ন মহলে সন্দেহ প্রকাশ কৰিছে৷ লক্ষণীয়ভাৱে কাইলৈ পুনৰ জেৰাৰ বাবে হাজিৰ হ’বলৈ এনচিবিয়ে নির্দেশ দিছে ৰিয়াক৷ সুশান্তৰ মৃত্যুৰ ঘটনাৰ সৈতে ড্রাগছৰ সম্পর্ক থকা বুলি ইতিমধ্যে এনচিবিয়ে সন্দেহ কৰিছে৷ উল্লেখনীয় যে এনচিবিৰ কেইবাগৰাকীও বিষয়াৰ জেৰাৰ সন্মুখীন হোৱা ৰিয়াক সন্ধিয়া ৬ বজাত ঘৰলৈ যোৱাৰ বাবে অনুমতি দিয়া হয়৷ কিন্তু আজি পুনৰ পুৱাৰ ভাগতে এনচিবিৰ কার্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে অভিনেত্রীগৰাকীক৷ লক্ষণীয়ভাৱে ৰিয়াক এনচিবিয়ে কালি জেৰাৰ বাবে হাজিৰ হোৱাৰ নির্দেশ দিয়াৰ পাছতে অভিনেত্রীগৰাকীৰ অধিবক্তাই উল্লেখ কৰে যে গোচৰটোত গ্রেপ্তাৰৰ বাবে সাজু আছে ৰিয়া৷ অধিবক্তা মনীষ সিন্ধেৰ মতে ৰিয়া নির্দোষী৷ সেইবাবে অভিনেত্রীগৰাকীয়ে বিহাৰ আৰক্ষী, চিবিআই, ইডি বা এনচিবিয়ে ৰুজু কৰা কোনো এটা গোচৰতেই আগতীয়া জামিন বিচাৰি আদালতত আবেদন জনোৱা নাই৷ ইফালে, এনচিবিয়ে দেওবাৰে সদৰী কৰিছে যে সুশান্তৰ ঘৰুৱা সহায়ক দীপেশ সাৱন্ত আছিল সক্রিয় ড্রাগছ সৰবৰাহকাৰী চক্রৰ এজন এজেণ্ট৷ সাৱন্তৰ বিবৃতি আৰু বিভিন্ন ডিজিটেল নথিৰ ওপৰত ভিত্তি কৰি এনচিবিয়ে এই গোচৰটো সন্দর্ভত কেইবাগৰাকীও লোকক জেৰা কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূর্বেও সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত অভিনেত্রী ৰিয়া চিবিআই, ইডি আৰু এনচিবিৰ জেৰাৰ সন্মুখীন হৈছে৷

You might also like