নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত ডুবিল ‘তুফান’

📌 আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ হেমাহিৰ ভয়ংকৰ পৰিণতি
নিয়মীয়া বাৰ্তা, ১৫  জুনঃ শিৱসাগৰ জিলাৰ দিচাংমুখত অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ  বিকল অৱস্থাত ৰখাই থোৱা কেইবালাখ টকাৰ মূল্যৰ ‘তুফান’ নামৰ যাত্ৰীবাহী ফেৰীখন আজি হঠাত ব্ৰক্ষ্মপুত্ৰৰ বুকুত ডুব যোৱা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বিভাগীয় কৰ্তৃপক্ষৰ চুড়ান্ত হেমাহি, মইমতালিৰ বাবেই সামান্য কাৰিকৰী যন্ত্ৰাংশ বিকল হোৱা বাবেই পেলাই থোৱা যাত্ৰীবাহী ফেৰীখন আজি ব্ৰক্ষ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ ফলত ডুব যোৱা ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ বৃহত আকাৰৰ শতাধিক যাত্ৰী পাৰাপাৰ কৰিব পৰা চৰকাৰী ফেৰীখন পানীত ডুব গলেও ফেৰীখনৰ এটা অংশত ৰছী বান্ধি পাৰৰ গছত সংযোগ কৰি থোৱা পৰিলক্ষিত হৈছে৷ প্ৰাপ্ত বাতৰি মতে, অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ শিৱসাগৰৰ দিচাংমুখত প্ৰায় ৪০গৰাকী কৰ্মচাৰীৰে দুখন ফেৰীসহ চলি আছে ঘাটটো ৷ বিগত খৰালিৰ সময়তেই কাৰিকৰী বিজুতি ঘটিছিল তুফান নামৰ ফেৰীখনৰ ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰীখন তৎপৰতাৰে মেৰামতি কৰাৰ পৰিৱৰ্তে এডাল ৰছী বান্ধি তেনেদৰেই মাহ মাহ ধৰি ফেৰীখন পেলাই ৰাখিলে ৷ অৱশেষত আজি পুৱাৰে পৰা বৃদ্ধি পাই অহা ব্ৰক্ষ্মপুত্ৰৰ পানীত ডুব গল ফেৰীখন ৷ ফলত ফেৰীখনৰ ইঞ্জিনৰ মূল্যৱান যন্ত্ৰাংশৰ লগতে আন সামগ্ৰীসমুহৰ ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷ তদুপৰি পানীত বুৰ যোৱা ফেৰীখন পৰৱৰ্তী সময়ত উদ্ধাৰ কৰাটোও এক ডাঙৰ প্ৰত্যাহব্বান হৈ পৰিব ৷ তেনেস্থলত দ্ৰুতগতিত বৃদ্ধি পাই অহা ব্ৰক্ষ্মপুত্ৰৰ পানীৰ মাজতে ফেৰীখন উদ্ধাৰৰ বাবে জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হব লক্ষণীয় ৷ উল্লেখ্য যে দিচাংমুখৰ ব্ৰক্ষ্মপুত্ৰৰ ফেৰী ঘাটেদি লখিমপুৰ জিলাৰ টেকেলীফুটা আৰু মাতমৰা ঘাটলৈ নিয়মিত ফেৰী চলাচল কৰে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like