নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমত কিমান উপকাৰী মূলা

বিশেষ বাৰ্তা, ১৫ জুনঃ গৰমৰ দিনত মূলা এবিধ বহু উপকাৰী খাদ্য। মূলাৰ এই উপকাৰিতাৰ বিষয়ে জানিলে নিশ্চিতভাৱে মূলা আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব। মূলা এবিধ শিপাৰ শাক, য’ত ভাল পৰিমাণৰ পানী থাকে। এনে পৰিস্থিতিত গ্ৰীষ্মকালৰ বাবে ই অতি উত্তম। ই শৰীৰক হাইড্ৰেটেড কৰি ৰাখে। মূলা খালে হজম শক্তি বৃদ্ধি পায়। এচিডিটী, গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা নিৰাময়ত ই সহায়ক হয়। মূলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ই ফ্ৰী ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিকো ৰোধ কৰে। মূলা খালে ৰক্তকণিকা বৃদ্ধি পায়। ক্ষতিগ্ৰস্ত কোষবোৰ মেৰামতি কৰা আৰু তেজত অক্সিজেনৰ যোগানো বৃদ্ধি পায়। মূলাত এন্থোচাইনিন নামৰ ফ্লেভন’ইড ভাল পৰিমাণৰ পোৱা যায়, যিটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰি ই কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। মূলাত থকা ভিটামিন চি ছালৰ বাবে অতি উপকাৰী বুলি জনা যায়। ই কলাজেন গঠনত সহায় কৰে আৰু ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে। ইয়াৰ উপৰি মূলাই ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে।

You might also like