নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচবুক-টেলিগ্ৰামযোগে আলফাৰ সদস্যভৰ্তিৰ নতুন কৌশল

আলফালৈ যোৱাৰ পৰা নাটকীয়ভাৱে ৰক্ষা পৰিল পাঠশালাৰ এজন যুৱক

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ স্বাধীন অসমৰ সপোন দেখুৱাই বহু অসমীয়া মাতৃৰ বুকু অকালতে উদং কৰা আলফা (স্বাঃ)ৰ ম্যানমাৰস্থিত শিবিৰত দৰাচলতে কি হৈ আছে, সংগঠনটোত নতুন ভৰ্তি হোৱা যুৱকসকল প্ৰকৃততে কেনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈছে সেই তথ্য ডেৰ বছৰ পূৰ্বে আলফাত যোগদান কৰি মাত্ৰ ছমাহ পিছতে মৃত্যুদণ্ডেৰে দণ্ডিত হোৱা পাঠশালাৰ বিভাকৰ কলিতাৰ মৃত্যুৱে উদঙাই দিয়াৰ পাছতে পোহৰলৈ আহিছে বহুত ন ন তথ্য৷ উল্লেখ্য যে বিভাকৰ কলিতাক আলফা নেতাই শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰা খবৰ দুদিন পূৰ্বে সংবাদ মাধ্যম যোগে প্ৰচাৰ হোৱাৰ পিছতে পাঠশালাৰ এজন ১৮ বছৰীয়া যুৱক বিভাকৰৰ পিতৃ আৰু বজালী আৰক্ষী অধীক্ষকৰ তৎপৰতাত আলফালৈ যোৱাৰ পৰা নাটকীয়ভাৱে ৰক্ষা পৰে৷ এই যুৱকজনৰ আলফাত যোগদানৰ চেষ্টাই বহু ভয়াৱহ তথ্য উন্মোচিত কৰিছে৷ উল্লেখ্য যে দুদিন পূৰ্বে বিভাকৰ কলিতা ওৰফে প্ৰণৱ অসমৰ পিতৃ পুৰুষোত্তম কলিতাই শিবিৰৰ পৰা পলায়ন কৰা এগৰাকী আলফা সদস্যৰ খবৰৰ ভিত্তিত নিজৰ পুত্ৰৰ কথা সংবাদ মাধ্যমযোগে প্ৰকাশ কৰে। যাৰ পৰিপ্ৰেক্ষিতত নিজৰ বন্ধু বিভাকৰক লগ পোৱাৰ স্বাৰ্থতে আলফালৈ যাব বিচৰা যুৱকজনে সত্যসত্যতা গম পায়৷ বিভাকৰৰ পিতৃ পুৰুষোত্তম কলিতাৰ প্ৰচেষ্টা আৰু বজালী জিলা আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীৰ সচেতনতাৰ বাবে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰা এই যুৱকজনৰ পৰা জানিব পৰা গৈছে আলফাই কেনেদৰে ফেচবুক, টেলিগ্ৰাম আদি সামাজিক মাধ্যমৰ জৰিয়তে উঠি অহা প্ৰজন্মক বিভিন্ন কথাৰে ফুচুলাই নিষিদ্ধ সংগঠনটোৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা চলাই আহিছে৷ উল্লেখ্য যে পাঠশালাত বসবাস কৰা বিভাকৰৰ অতি ঘনিষ্ঠ বন্ধু এই যুৱকজনে যোৱা ডেৰটা বছৰে বিভাকৰৰ সন্ধান উলিয়াবলৈ বহু চেষ্টা কৰিছিল। আনকি বিভাকৰক বিচাৰি আলফালৈ যাবলৈ সাজু হৈছিল এই যুৱকজন। যুৱকজনে জানিবলৈ দিয়া অনুসৰি তিনিমাহ পূৰ্বে যুৱকজনে নিজৰ ফেচবুক একাউণ্টত আপলোড কৰিছিল বিভাকৰৰ স’তে একেলগে উঠা এখন ফটো৷ উক্ত ফটোখন আপলোড কৰাৰ পাছতে একাধিক ফেচবুক একাউণ্টযোগে আলফাৰ পৰা যোগাযোগ কৰা হৈছিল যুৱকজনক৷ ফেচবুকৰ মেচেঞ্জাৰৰ জৰিয়তে যুৱকজনক সোধা হৈছিল বিভাকৰৰ স’তে তেওঁৰ সম্বন্ধ কি অথবা বিভাকৰক লগ কৰিব বিচাৰে নেকি। এনেদৰে কথা-বতৰা আগবঢ়াত যুৱকজনক বিভাকৰৰ স’তে যোগাযোগ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আলফা সদস্যৰ ফেচবুকৰ একাউণ্টৰ পৰা। তাৰ পাছত একেৰাহে যুৱকজনক যোগাযোগ কৰি আলফালৈ নিবলৈ প্ৰস্তুতি সম্পন্ন কৰিছিল আৰু প্ৰথমতে সৰুপথাৰলৈ যাবলৈ কৈছিল৷ তেওঁক আলফাত থকা খোৱাৰ সকলো সুন্দৰ ব্যৱস্থা থকা বুলি ফুচুলাই আলফাৰ যোগদানৰ বাবে পতিয়ন নিয়াবলৈ অহৰহ প্ৰচেষ্টা চলাইছিল৷ ফোনযোগে উভয় পক্ষৰ যোগাযোগ হৈছিল আৰু যুৱকজনক নতুন ফোন আৰু নতুন চিম সংযোগ কৰাৰ নিৰ্দেশ দি ফেচবুকৰ জৰিয়তে যোগাযোগ নকৰি টেলিগ্ৰাম মেচেঞ্জাৰেৰে যোগাযোগ কৰিবলৈ কৈছিল আৰু সৰুপথাৰলৈ যোৱাৰ বাবে তেওঁৰ বেংক একাউণ্ট নম্বৰ বিচাৰি সেইটো একাউণ্টত ধন জমা কৰি দিব বুলিও আলফা (স্বাঃ)ৰ পৰা কথা দিছিল। এনে বাৰম্বাৰ যোগাযোগৰ পাছত যুৱকজনে নিজৰ বন্ধু বিভাকৰক লগ পোৱাৰ খাটিৰতে আলফা (স্বাঃ)লৈ যোৱাৰ সিদ্ধান্ত সৰুপথাৰলৈ যাবলৈ সম্পূৰ্ণ সাজু হৈছিল; কিন্তু হঠাতে তিনিদিন পূৰ্বে শিবিৰৰ পৰা পলাই অহা পূব অসমৰ সদস্যজনে বিভাকৰৰ মৃত্যুৰ খবৰ দিয়াৰ লগে লগে দৃশ্যপট সলনি হয়। বিভাকৰৰ বন্ধু পাঠশালাৰ এই যুৱকজনে আলফাত যোগ দিয়াৰ অভিপ্ৰায়ৰ কথা গম পাই যুৱকজনৰ অৱস্থা যাতে নিজৰ পুত্ৰৰ দৰে নহয় তাৰ বাবে তেওঁক বিভাকৰৰ পিতৃ পুৰুষোত্তম কলিতাই বিভিন্ন ধৰণে বুজনি দিয়াৰ লগতে যুৱকজনক লৈ বজালী জিলা আৰক্ষী অধীক্ষকৰ ওচৰ চাপে৷ বজালী আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে নিজে পূর্বে তিনিচুকীয়াত থকা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি যুৱকজনক বুজনি দি আলফালৈ গৈ নিজৰ জীৱন অকালতে ধ্বংস নকৰিবলৈ সৈমান কৰে। আৰু ইয়াৰ পিছতে যুৱকজনে সিদ্ধান্ত সলনি কৰে৷ উল্লেখ্য যে যুৱকজনক আলফাৰ দুটা সক্ৰিয় ফেচবুক একাউণ্টৰ জৰিয়তে যোগাযোগ কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে৷ স্মৰ্তব্য যে সংবাদ মাধ্যমযোগে বিভাকৰৰ অনাকাংক্ষিত মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে যোৱা দুটা দিনত পৰিয়ালটোৰ খবৰ ল’বলৈ ঘৰখনলৈ বহু লোকৰ আগমন ঘটে। এনে সময়তে কালি সুদূৰ তিনিচুকীয়াৰ পৰা আলফালৈ যোৱা এগৰাকী মাতৃ আহি বিভাকৰৰ পিতৃৰ পৰা তেওঁৰ সন্তানৰ কিবা খবৰ পায় নেকি জানিবলৈ চেষ্টা কৰে। কাৰণ মহিলাগৰাকীৰ পুত্ৰ ৰাতুল গগৈয়েও ২০২২ চনত ম্যানমাৰলৈ গৈ আলফাত যোগদান দিছিল। মাতৃগৰাকীয়ে বিভাকৰৰ স’তে মৃত্যুবৰণ কৰা আনজন সদস্য তেওঁৰ পুত্ৰ বুলি সন্দেহত নিশ্চিত হ’বলৈ আহিছিল; কিন্তু বিভাকৰৰ পিতৃয়ে আনজন সদস্য নগাঁৱৰ তন্ময় বৰা ওৰফে দ্বীপ অসম বুলি জানিবলৈ দিয়ে যদিও ৰাতুলৰ মাতৃগৰাকীয়ে হিয়া ধাকুৰি কন্দা দৃশ্যই সকলোকে ব্যথিত কৰি তোলে৷ ৰাতুল জীৱিত নে মৃত নাজানে দুৰ্ভগীয়া মাতৃগৰাকীয়ে৷ তেওঁলোকৰ সন্তান জীবিত নে মৃত তাক জনাবলৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কান্দি কান্দি কাতৰ অনুৰোধ জনায় দুৰ্ভগীয়া মাতৃগৰাকীয়ে৷ ইপিনে আলফা সন্দৰ্ভত বিষ্ফোৰক বক্তব্য আগবঢ়াইছে বিভাকৰৰ পিতৃ পুৰুষোত্তম কলিতাই৷ নিজৰ পুত্ৰক অকালতে হেৰুওৱা পিতৃগৰাকীয়ে কয় যে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ অৱস্থা এতিয়া খুবেই বেয়া৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজা লৰাই এতিয়া আলফা চম্ভালি লৈ অসমৰ যুৱকসকলক ফুচুলাই নি আছে। পৰেশ বৰুৱাই যিমান যি নকলেও আলফা এতিয়া প্ৰকৃতাৰ্থত শক্তিহীন৷ আলফাৰ তিনিটা কেম্পত আছে মাত্ৰ ডেৰশ কেডাৰ যিসকলে এতিয়া পৰিমল চাউলৰ ভাত আৰু লাই শাক খাই কোনোমতে পেটৰ ভোক নিবাৰণ কৰি জীয়াই আছে৷ নিজৰ একমাত্ৰ পুত্ৰক হেৰুৱাবলগীয় হোৱা বিভাকৰৰ পিতৃয়ে আলফাৰ সেনাধ্যক্ষগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে পৰেশ বৰুৱা কোটিপতি, তেওঁৰ লৰা বিদেশত পঢ়ে৷ বিভাকৰৰ পিতৃ পুৰুষোত্তম কলিতাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে এবছৰ আগতে হত্যা কৰাৰ পিছত কিয় তেওঁলোকৰ সন্তানৰ বিষয়ে জনাবলৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সাহস নহ’ল তাকে লৈ সংগঠনটোক প্ৰশ্ন উত্থাপন কৰিছে৷]

প্ৰেৰক কল্যাণ কলিতা

You might also like