নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত পিষ্টলসহ দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষীয়ে আজি বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি বিলাসীপাৰা মহকুমা আৰক্ষী বষয়া ড০ স্মৃতিৰেখা ফুকনৰ নেতৃত্বত এদল আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায়। এনেতে এ, এচ, ১৬/ডি, ৯৩৫৯ নম্বৰৰ পালচাৰ মটৰচাইকেলৰে বিলাসীপাৰাৰ বেলতলীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত দুজন যুৱকক লগ পায়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে মটৰচাইকেলখন ৰাখিবলৈ নিৰ্দেশ দিয়ে যদিও যুৱকদ্বয়ে পলাবলৈ লয়। আৰক্ষীৰ দলটোৱে যুৱকদ্বয়ক খেদি খেদি ৰাষ্ট্ৰীয় পথছোৱাৰ নাথপাৰাত আটক কৰে। পিছত আৰক্ষীৰ দলটোৱে যুৱক দুজনৰ পৰা তিনি জাই সজীৱ গুলি, এটা খালী মেগজিন আৰু এটা ৭’৬৫ পিষ্টল আৰু মটৰচাইকেলখন জব্দ কৰিবলৈ সক্ষম হয়। পিস্তল ধাৰী দুৰ্বৃত্তক দুজন ক্ৰমে ছফিকুল ইছলাম আৰু মতিউৰ ৰহমান বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ধৃত ছফিকুল ইছলামৰ ঘৰ বিলাসীপাৰাৰ হাকামাত আৰু মতিউৰ ৰহমানৰ ঘৰ চিৰাকুটা ২য় খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে। দুৰ্বৃত্ত দুজনক অধিক তথ্যৰ বাবে বিলাসীপাৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিলাসীপাৰাত বিগত দিনত অস্ত্ৰধাৰী লোকে তাণ্ডৱ চলোৱাৰ দৰে হত্যা কাণ্ডও সংঘটিত কৰিছে। এনে সময়ত দুজনকৈ যুৱকক মৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰাত সৰ্বসাধাৰণ ৰাইজে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like