ভেকচিন নোলোৱা কর্মচাৰীৰ বিৰুদ্ধে গ্রহণ কৰা হ’ব কঠোৰ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ ক’ভিডৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা স্বাস্থ্য বিভাগে ভেকচিন প্রদানৰ ক্ষেত্রত কঠোৰ স্থিতি গ্রহণ কৰিছে৷ শেহতীয়াকৈ জাৰি কৰা নতুন এছ অ’ পিৰ জৰিয়তে ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ ক্ষেত্রত তথা যান–বাহন চলাচলৰ ক্ষেত্রত শিথিলতা অনা স্বাস্থ্য বিভাগে ভেকচিন গ্রহণৰ বাবে সকলোকে আহ্বান জনাইছে যদিও এইক্ষেত্রত একাংশ লোকে আঁতৰি আছে ভেকচিন লোৱাৰ পৰা৷ মুখ্যতঃ এই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই এইবাৰ চৰকাৰী চাকৰিয়াল আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ গৰাকী–কর্মচাৰীয়ে ভেকচিন নল’লে কঠোৰতম ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও শনিবাৰে সকীয়াই দিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷
মন্ত্রীগৰাকীয়ে শনিবাৰে এই সন্দর্ভত কয়– সকলো চৰকাৰী কর্মচাৰীয়ে দুই পালি ভেকচিন লোৱাটো বাধ্যতামূলক আৰু এই কথা নিশ্চিত কৰিব লাগিব বিভাগীয় মুৰব্বীয়ে৷ ভেকচিন নোলোৱাকৈ কোনো কর্মচাৰী আহিব নোৱাৰিব কার্যালয়লৈ৷ যিসকল কর্মচাৰীয়ে ভেকচিন লোৱা নাই অথবা ভেকচিন নোলোৱাৰ অজুহাতত কার্যালয়লৈ অহা নাই, সেইসকলৰ বিৰুদ্ধে বিভাগীয় শাস্তিমূলক ব্যৱস্থা ল’বলৈ মুৰব্বী বিষয়া তথা জিলা উপায়ুক্তক নির্দেশ দিয়া হৈছে৷ প্রয়োজনত কোনো কর্মচাৰী বর্খাস্তৰো সন্মুখীন হ’ব লাগিব৷ আজি খানাপাৰাৰ প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এক অনুষ্ঠানত অংশগ্রহণৰ পাছত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে স্বাস্থ্য বিভাগৰ হাতত এতিয়াও পর্যাপ্ত পৰিমাণৰ ভেকচিন আছে৷ গতিকে ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’ব৷ একমাত্র চৰকাৰী কর্মচাৰীয়েই নহয়, ব্যৱসায়িক প্রতিষ্ঠানৰ লোকসকলেও এই কঠোৰ পদক্ষেপৰ পৰা ৰেহাই নাপাব৷ অহা সোমবাৰ অর্থাৎ ৬ ছেপ্টেম্বৰৰ পৰা ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ৷ যিসকল ব্যৱসায়িক প্রতিষ্ঠানৰ গৰাকী আছে, তেওঁলোক আৰু তেওঁলোকৰ কর্মচাৰীয়ে অহা সোমবাৰৰ ভিতৰত ভেকচিন গ্রহণ কৰিব লাগিব৷
অন্যথা খুলিব নোৱাৰিব ব্যৱসায়িক প্রতিষ্ঠান৷ ভেকচিন নোলোৱা ব্যৱসায়িক প্রতিষ্ঠান ছীল কৰাৰ বাবেও ইতিমধ্যে জিলা উপায়ুক্তক নির্দেশ দিয়া হৈছে৷ মন কৰিবলগীয়া যে ৰাজ্যত পর্যাপ্ত ভেকচিন উপলব্ধ হৈ থকাৰ পাছতো এতিয়াও প্রায় তিনি লাখতকৈ অধিক লোকে দ্বিতীয় পালি ভেকচিন গ্রহণ কৰা নাই৷ ইফালে আজি প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্রীগৰাকীয়্ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ প্রবক্তা পদত ৩১গৰাকী আৰু চিকিৎসা মহাবিদ্যালয়ৰ অশৈক্ষিক অনুষদ (ননটিচিং ফেকাল্টী)ৰ ৩৯টা পদত বাছনি লাভ কৰা নৱনিযুক্ত প্রার্থীসকলৰ মাজত নিযুক্তি–পত্র প্রদান কৰে৷
স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, আয়ুক্ত সচিব সিদ্ধার্থ সিং, খাদ্য সুৰক্ষা–পৰিদর্শন বিভাগৰ আয়ুক্ত মনালিছা গোস্বামী, সচিব কৃষ্ণা গোহাঁই, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বর্মনৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ একাধিক নতুন চিকিৎসা মহাবিদ্যালয়ৰ ননটিচিং ফেকাল্টীৰ ৫গৰাকী ক্লিনিকেল ছাইক’লজীৰ প্রবক্তা, ১৮গৰাকী মেডিকেল ছ’চিয়েল ৱর্কাৰ, ৬গৰাকী ছাইক্রিয়াট্রিক ছ’চিয়েল ৱর্কাৰ, ৭গৰাকী জুনিয়ৰ ফিজিছিষ্ট, ৩গৰাকী চাইল্ড ছাইক’লজিষ্ট আৰু চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৩১গৰাকী প্রবক্তাক নিযুক্তি–পত্র প্রদান কৰা হয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে মানৱ সেৱাৰ বাবে আগবাঢ়ি অহা প্রতিগৰাকী চিকিৎসা কর্মীয়ে এতিয়াৰে পৰা গুৰুত্বপূর্ণ দায়িত্ব গ্রহণ কৰিব লাগিব৷ বর্তমান আমাৰ সমাজখন বস্তুবাদী হৈ গৈ আছে আৰু বহু সময়ত ব্যৱসায়িক মানসিকতায়ো চিকিৎসা সেৱা ক্ষেত্রখনক কম–বেছি পৰিমাণে প্রদূষিত কৰা পৰিলক্ষিত হয়৷ এই দিশবোৰৰ প্রতি লক্ষ্য ৰাখি নৱনিযুক্ত চিকিৎসকসকলে দায়বদ্ধতাৰে কাম কৰিব লাগিব৷ নতুনকৈ নিযুক্তি লাভ কৰাসকলক উদ্দেশ্যি মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে চিকিৎসা সেৱাত নিযুক্তসকলে মনৰ পছন্দৰ স্থানলৈ বদলি বিচাৰি যাতে স্বাস্থ্য বিভাগৰ কার্যালয়ে কার্যালয়ে ঘূৰি নুফুৰে৷ যি ঠাইতেই নিযুক্তি দিয়া হৈছে, তাতেই নিষ্ঠা সহকাৰে দায়িত্ব আগবঢ়াবলৈ মানসিকভাৱে প্রস্তুত হৈ থাকিব লাগিব৷
মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে অহা ৪–৫ বছৰৰ ভিতৰত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা ২৩খনলৈ বৃদ্ধি পাব৷ বর্তমান ৮খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নির্মাণকার্য চলি আছে৷ পুনৰ নতুনকৈ ৫খন চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নির্মাণকার্য আৰম্ভ কৰা হ’ব৷ যোৱা চাৰিটা মাহত স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ১৬৬গৰাকী বিশেষজ্ঞ চিকিৎসক, ৪৮২গৰাকী এম বি বি এছ চিকিৎসক, ৩২৭গৰাকী সামূহিক স্বাস্থ্য বিষয়া আৰু ৮৯৬গৰাকী ষ্টাফ নার্ছ নিযুক্তি দিছে বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷
আনহাতে অতি সোনকালে আন ৩০০গৰাকী চিকিৎসককো স্বাস্থ্য সেৱা খণ্ডত নিযুক্তি দিয়া হ’ব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে ইয়াকো ঘোষণা কৰে যে স্বাস্থ্যখণ্ডত নতুনকৈ ৮,৮৫৫টা পদত যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে চলিত ছেপ্ঢেম্বৰ মাহতে বিজ্ঞাপন প্রকাশ কৰা হ’ব৷