নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰেশ বৰুৱাৰে অনানুষ্ঠানিক সম্পর্ক বজাই ৰখা হৈছে

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ আলফা (স্বাধীন)ৰ সৈতে শান্তি আলোচনাক লৈ আশাবাদী চৰকাৰ৷ সময় লাগিলেও সংগঠনটোৰ সৈতে শান্তি আলোচনাৰ ক্ষেত্রত চৰকাৰ আশাবাদী৷ –শনিবাৰে নতুন দিল্লীত এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত ঐতিহাসিক কার্বি চুক্তি সম্পাদিত হোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই সেই কথা প্রকাশ কৰি কয় যে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগত অনানুষ্ঠানিক সম্পর্ক বজাই ৰখা হৈছে৷ সময় লাগিলেও ইয়াক লৈ চৰকাৰ আশাবাদী৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলফাৰ সমস্যাটো বর্তমানৰ চৰকাৰৰ কার্যকালৰ সময়ছোৱাৰ ভিতৰত সমাধানৰ চেষ্টা কৰা হ’ব৷ পৰেশ বৰুৱাৰ পৰাও ইতিবাচক দিশ দেখা পোৱা গৈছে৷ সেই ইতিবাচক দিশটোক লৈ চৰকাৰ আশাবাদী৷

লক্ষণীয় এয়ে যে অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ সৈতে চৰকাৰৰ আলোচনা চলি আছে৷ পৰেশ বৰুৱা আলোচনাত অংশগ্রহণ কৰিলে পৃথক পৃথককৈ আলোচনাৰ পৰিৱর্তে একেলগে শান্তি আলোচনাৰ প্রক্রিয়া আগুৱাই নিয়া হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পৰেশ বৰুৱাই এই মুহূর্তত যি দাবী কৰি আছে, সেয়া দিব পৰাৰ ক্ষমতা চৰকাৰৰ হাতত নাই৷ কিন্তু শান্তি আলোচনাক লৈ পৰেশ বৰুৱাৰ যি ইতিবাচক স্থিতি দেখা পোৱা গৈছে, সেই ইতিবাচক দিশটোক লৈ চৰকাৰ আশাবাদী৷ সেইদৰে ৰাজ্যৰ কুকী বিদ্রোহী সংগঠনৰ সদস্যসকলে ইতিমধ্যে অস্ত্র–শস্ত্র জমা দিছে আৰু অনাগত দিনত তেওঁলোকৰ সৈতেও চুক্তি স্বাক্ষৰিত হ’ব৷ একেদৰে ডি এন এল এফৰ সৈতেও আলোচনাৰ বাট শীঘ্রেই খোল খাব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷

You might also like