নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পাথুৰিয়াত এক অঘটন সংঘটিত হয়। আজি এটা ৰাইচ মিলৰ মেচিনত পৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৰাইচ মিলৰ মেচিনত পৰি মৃত্যু হোৱা ছাত্ৰীগৰাকী পাথুৰিয়া গাঁৱৰ আব্দুল ৰছিদৰ কন্যা ফামিদা খাতুন (১৬) ।ইতিমধ্যে ঘটনাস্থলীত মানকাচৰ আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক ফাৰহাদ আহমেদ