নিয়মীয়া বাৰ্তা, ২ জুনঃ শিৱসাগৰ চহৰৰ একেবাৰে গাতে লাগি থকা জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত আমগুৰি ঘাটৰ এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত মেধাৱী ছাত্ৰী যোৱা শুকুৰবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷শুকুৰবাৰে সন্ধিয়াৰ ভাগত হৰ্ঠাত নিজ গৃহৰ পৰা আকস্মিক ভাৱে সন্ধানহীন হোৱা ছাত্ৰী গৰাকীক আমগুৰি ঘাটৰ নিবাসী হামিদ আলি আৰু মফিদা বেগমৰ কণ্যা মৰ্জিনা বেগম বুলি জানিব পৰা গৈছে ৷আমগুৰি ঘাট অঞ্চলত দীৰ্ঘ সময় ধৰি অস্থায়ী ভাৱে বসবাস কৰি অহা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মৰ্জিনা ৰংপুৰ ছোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰী হিচাবে পৰিচিত আছিল ৷খেলা- ধূলাতো বিশেষ ভাৱে পাৰ্গত মেধা ছাত্ৰী গৰাকী আকস্মিক ভাৱে নিজ গৃহৰ পৰা সন্ধানহীন হোৱাৰ সন্দৰ্ভদ দুৰ্ভগীয়া পৰিয়ালটোৱে জয়সাগৰ আৰক্ষী চকীত লিখিত ভাৱে অৱগত কৰাৰ পিছতেই জয়সাগৰ আৰক্ষীয়েও জোৰদাৰ অনুসন্ধান চলাইছে যদিও অদ্যপৰিমিত ছাত্ৰী গৰাকীৰ কোনো শুংসুত্ৰ ওলোৱা নাই ৷সন্ধানহীন হোৱাৰ সময়ত ছাত্ৰী গৰাকীৰ লগত কোনো ধৰণৰ মবাইল জাতীয় সামগ্ৰী নথকাৰ বাবেও সঠিক অৱস্থান নিৰ্ণয়ত জটিলতা আহিছে বুলিও আৰক্ষীয়ে জনাইছে ৷অৱশ্যে ছাত্ৰী গৰাকী সন্ধানহীন হোৱাৰ সন্দৰ্ভদ আৰক্ষী প্ৰশাসনৰ দ্বাৰা ফটো সম্বলিত বিৱৰণ ৰাজ্যৰ প্ৰতিখন আৰক্ষী থানা, চকীৰ লগতে ৰেল আৰক্ষীকো অৱগত কৰোৱাৰ কথা জানিব পৰা গৈছে ৷অত্যন্ত নম্ন,মেধাৱী ছাত্ৰী গৰাকী ঘৰুৱা সাজত তেনেই এটা সাধাৰণ ফ্ৰক পৰিধান কৰি থকা অৱস্থাত সন্ধিয়া সাত মান বজাত আকস্মিক ভাৱে নিৰুদ্দেশ হোৱাৰ ঘটনাত ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটো ৷সচেতন মহলে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক শীঘ্ৰে মেধাৱী ছাত্ৰী গৰাকীৰ সন্ধান উলিয়াবলৈ আহব্বান জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান