বিশেষ বাৰ্তা, ১৭ আগষ্টঃ জালুকবাৰী সমষ্টিৰ দলিবাৰীত কালি ৮০গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ দলিবাৰী হাইস্কুলত দদৰা গাঁও পঞ্চায়তৰ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰ বিষয়া হেমন্ত চৌধুৰী, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷ গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে একাগ্ৰতা, ধৈৰ্য্য আৰু পঢ়া শুনাত কঠোৰ পৰিশ্ৰম কৰিলেহে ছাত্ৰ-ছাত্ৰীসকলে সঠিক লক্ষ্যত উপনীত হোৱাৰ সুযোগ লাভ কৰে৷ ভৱিষ্যত দিনত ইয়াতকৈও ভাল ফলাফল লাভ কৰি দেশৰ এগৰাকী সু-নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ শিক্ষাৰ্থীসকলক আহ্বান জনায়৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মায়ো ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷
প্ৰেৰক দিলীপ মেধি