নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী স্কুলত শিক্ষা বিনামূলীয়া কৰা-অসমীয়া ভাষাবিদ্বেষী সিদ্ধান্ত বাতিলৰ দাবীত পাঠশালাত যুৱ-ছাত্ৰৰ ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্তি দিয়া, বিজ্ঞান শিক্ষাৰ প্রতিষ্ঠান নতুনকৈ প্ৰতিষ্ঠা কৰা আৰু সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা সম্পূর্ণ বিনামূলীয়া কৰাৰ লগতে অসম চৰকাৰৰ অসমীয়া ভাষাবিদ্বেষী আৰু স্ববিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত আজি পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে পৰিষদৰ বজালী জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাৰ কলেজ ৰোডস্থিত কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদ আৰু সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাসৰ নেতৃত্বত পৰিষদৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিছতে বজালী জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি পত্ৰখনৰ জৰিয়তে তেওঁলোকে কয় যে ৰাজ্য চৰকাৰৰ এই স্ববিৰোধী, আনাকাংক্ষিত আৰু অবিবেচকী সিদ্ধান্ত কার্যকৰী কৰিলে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা দুটা বিষয় ইংৰাজীতে অধ্যয়ন কৰিবলগীয়া হোৱা হেতুকে অভিভাৱক তথা ছাত্র-ছাত্রীসকলে অসমীয়া ভাষাত অধ্যয়ন কৰাত অনীহা প্রকাশ কৰি শিক্ষা জীৱনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা অর্থাৎ পঢ়াশালিত নামভর্তি কৰা সময়তে ইংৰাজী মাধ্যমটো বাছি লব। ইয়াৰ ফলত অসমৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ অস্তিত্ব নোহোৱা হব৷ যাৰ পৰিণতিত সামগ্রিকভাৱে অসমত অসমীয়া ভাষাৰ প্ৰতি চৰম সংকট নামি আহিব। অনাহাতে বিগত সময়ত ৰাজ্য চৰকাৰে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছিল যে অসমত মেডিকেল আৰু ইঞ্জিনীয়াৰিং পাঠ্যক্রম অসমীয়া ভাষাত কৰা হব। অতি হাস্যকৰ বিষয়টো হল যে ৰাজ্য চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ পূর্বৰ ঘোষণা আৰু ৰাজ্য চৰকাৰৰ অতি শেহতীয়া সিদ্ধান্ত দুয়োটা প্রকৃততে স্ববিৰোধী। এনে এক প্ৰেক্ষপটতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰকাৰৰ এনে স্ববিৰোধী আৰু অসমীয়া ভাষাবিদ্বেষী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে গৰিহণা জনাই এই সিদ্ধান্ত বাতিল কৰা আৰু ইয়াৰ পৰিৱর্তে অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰতিটো শ্ৰেণীৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্তি দিয়া, বিজ্ঞান শিক্ষাৰ প্রতিষ্ঠান নতুনকৈ প্ৰতিষ্ঠা কৰা আৰু সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা সম্পূর্ণ বিনামূলীয়া কৰাৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বজালীতো তিনিঘণ্টীয়া গণ অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰক পত্রত উল্লেখ কৰা দাবীসমূহ অনতিবিলম্বে মানি লবলৈ ৰাজ্য চৰকাৰক দাবী জনায়৷
প্ৰেৰক কল্যাণ কলিতা

You might also like