নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ ছবি! নগাঁৱৰ কেইবাখনো চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ ভিৰ

বিশেষ বাৰ্তা, নগাঁও, ২ এপ্ৰিলঃ যি সময়ত অভিভাৱক সকলে নিজৰ সন্তানক সু-শিক্ষা দিয়াৰ উপযুক্ত স্থান হিচাপে ব্যক্তিগত শিক্ষানুষ্ঠানক বাচি লৈছে, সেই সময়ত নগাঁও জিলাৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে নামভৰ্তিৰ বাবে হেতা ওপৰা লগোৱা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য মতে, জিলাখনৰ ঐতিহ্যমণ্ডিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত চলিত শিক্ষা বৰ্ষত ষষ্ঠ শ্ৰেনীত নামভৰ্তিৰ বাবে বিগত দুদিন ধৰি অভিভাৱক আৰু শিক্ষাৰ্থীসকলে বিদ্যালয় চৌহদত ব্যাপক ভিৰ কৰিছে। বিদ্যালয় কৰ্তৃপক্ষ‌ই জানিবলৈ দিয়া মতে, ষষ্ঠ শ্ৰেনীৰ নামভৰ্তিৰ বাবে ইতিমধ্যে প্ৰায় আঢ়ৈ শতাধিকে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে। ইয়াৰ বিপৰীতে বিদ্যালয়খনত আসনৰ সংখ্যা আছে ১১০ খন। উল্লেখ্য ১৮৬৫ চনত প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানখনত এইদৰে নামভৰ্তিৰ বাবে বৃহৎ সংখ্যক প্ৰ-পত্ৰ সংগ্ৰহ কৰাটো নিশ্চিতভাৱে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে এক আশাব্যঞ্জক খবৰ। কিয়নো নগাঁও চহৰত বহুকেইখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান আছে। তেনেস্থলত চৰকাৰী শিক্ষানুষ্ঠানখনৰ প্ৰতি অভিভাৱক তথা শিক্ষাৰ্থীয়ে আগ্ৰহ বৃদ্ধি পোৱাটো এক শুভ লক্ষণ। একেদৰে ১৮৯৫ চনতে প্ৰতিষ্ঠিত নগাঁও টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ত চলিত শিক্ষা বৰ্ষত প্ৰথম শ্ৰেনীত সন্তানৰ নামভৰ্তিৰ বাবে অভিভাৱকসকলে আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যে ৭৬ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰা বুলি বিদ্যালয় কৰ্তৃপক্ষ‌ই জানিবলৈ দিছে। কিন্তু এই শিক্ষানুষ্ঠানত প্ৰকৃততে ৫০ গৰাকী শিক্ষাৰ্থীক নামভৰ্তি কৰিব পৰা সুবিধা আছে। তৎস্বত্তেও ৰাইজৰ ব্যাপক দাবীত বিদ্যালয় কৰ্তৃপক্ষ‌ই এইদৰে আসনৰ সংখ্যা বৃদ্ধি কৰিব লগা হৈছে। ইয়াৰ পিছতো বৰ্তমানেও একাংশ অভিভাৱকে তেওঁলোকৰ সন্তানক ‘ক’ শ্ৰেনীত নাম ভৰ্তিৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক তীব্ৰ হেঁচা অব্যাহত ৰাখিছে। ইপিনে, জিলাখনৰ উত্তৰাঞ্চলত অৱস্থিত উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ আৰু নৱম শ্ৰেনীৰ নাম ভৰ্তিৰ বাবে ইতিমধ্যে পাঁচ শতাধিক শিক্ষাৰ্থীয়ে প্ৰ পত্ৰ সংগ্ৰহ কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষ‌গৰাকীয়ে জানিবলৈ দিয়া মতে, শিক্ষানুষ্ঠানখনত ষষ্ঠ আৰু নৱম এই দুটা শ্ৰেনীৰ বাবে আসনৰ মুঠ সংখ্যা হৈছে  ৮০ খন। এইদৰে দুটা শ্ৰেনীত নাম ভৰ্তিৰ বাবে বৃহৎ পৰিমাণৰ প্ৰ-পত্ৰ দাখিল কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ‌ই বাচনি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে। তাৰ বাবে অহা ৪ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছে। উল্লেখ্য যে বিদ্যালয়খনৰ চৌদিশে কেবাখনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে। অকল এই কেইখন শিক্ষানুষ্ঠানেই নহয়, জিলাখনৰ আন একাংশ চৰকাৰী শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে ছাত্র-ছাত্ৰী ভিৰ কৰা পৰিলক্ষিত হৈছে। এনে শিক্ষানুষ্ঠানসমূুহে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বাবে পৰীক্ষাৰ ফলাফল ভাল হৈছে। ইয়াৰ বিপৰীতে অৱশ্যে একাংশ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঠনি তথা শিক্ষা ব্যৱস্থা উন্নত নহয়।তথাপিও নগাঁৱৰ এই কেইখন শিক্ষানুষ্ঠানৰ প্ৰতি ছাত্র-ছাত্রী অভিভাৱকৰ আগ্ৰহ বাস্তৱিকতে ভাল খবৰ।
You might also like