নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত কিংশুকৰ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান

বিশেষ বাৰ্তা, ২২ জুনঃ ‘আমি যিমানেই ডাঙৰ মানুহ বা সফল মানুহ নহও কিয়, আমি কেতিয়াও শিপাক পাহৰি যাব নালাগিব। শিপাক পাহৰিলেই আমি নিজকে পাহৰিবলৈ আৰম্ভ কৰিম’- মৰিয়নিৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ উদ্যোগত আজি ইয়াৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘জিলিকাব লুইতৰে পাৰ’ শীৰ্ষক কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় মৰিয়নি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া সমীৰণ নেওগে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যাবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই কয়- লক্ষ্য স্থিৰ কৰি ল’ব লাগে । কিমান ঘন্টা পঢ়িম সেইটো ডাঙৰ কথা নহয়, যিমান সময়েই নপঢ়ো কিয় পঢ়াৰ সময়কণ দায়িত্ব সহকাৰে পঢ়িব লাগিব। নিজৰ কেৰিয়াৰৰ প্ৰতি সদা সচেতন হ’বলৈ আহ্বান জনাই তেওঁ কেতিয়াও হতাশাত ভূগিব নালাগে বুলি উল্লেখ কৰে। মনোগ্ৰাহী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ছাত্ৰ ছাত্ৰীসকলক একাগ্ৰতাৰে অধ্যয়ন কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। বিধায়ক কুৰ্মীয়ে ছাত্ৰ ছাত্ৰীসকলক সময়ানুৱৰ্তিতা মানি চলিবলৈ পৰামৰ্শ আগবঢ়ায়। তাৰ লগতে বিধায়ক কুৰ্মীয়ে ছাত্ৰ ছাত্ৰীসকলক পিতৃ মাতৃৰ কেতিয়াও অবাধ্য নহ’বলৈ আহ্বান জনায়। কিংশুক চ’ৰাৰ প্ৰতিষ্ঠাৰ পদ্মৰাগ জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰিতম কুমাৰ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী মৃদুল দলৈয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সাৱলীল বক্তব্য প্ৰদান কৰে। তেওঁ কয়- পাৰদৰ্শিতা সকলোৰে আছে। সেই পাৰদৰ্শিতা নিজেই উন্মোচন কৰিব পাৰিব লাগিব। এই ক্ষেত্ৰত অভিভাৱকৰ লগতে সমাজৰো দায়িত্ব আছে বুলি তেওঁ লগতে উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ নিজৰ মাতৃভাষাৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হ’বলৈ আহ্বান জনাই শিক্ষাগ্ৰহণৰ মাধ্যম যিয়েই নহওঁক কিয় নিজৰ মাতৃভাষাক কেতিয়াও পাহৰিব নালাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কিংশুক মহিলা চ’ৰাৰ সদস্যাসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা মনোগ্ৰাহী অনুষ্ঠানটোত এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা প্ৰায় ৩৫গৰাকী কিংশুকৰ কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন পত্ৰ, উপহাৰ,গামোচা, কলম, আদিৰে অভিনন্দন জনোৱা হয়। তদুপৰি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলকো গামোচাৰে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে অভিনন্দন জনোৱা আটাইকেইজন কৃতী ছাত্ৰ ছাত্ৰী কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ সদস্য-সদস্যাৰ সন্তান। এই অনুষ্ঠানতে কাৰাটেত ব্লেক বেল্ট অৰ্জন কৰা ভাব্যালীনা বৰা আৰু দীক্ষিতা কৰ্মকাৰকো বিশেষভাৱে অভিনন্দন জনোৱা হয়। এওঁলোক দুয়ো কিংশুক চ’ৰাৰ দুই সদস্যৰ সন্তান । কিংশুকৰ সভাপতি তৰুণ শইকীয়াই কিংশুক চ’ৰাৰ বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত কিংশুকৰ প্ৰতিষ্ঠাপক সম্পাদক-মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱা, চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়া আদিয়েও বক্তব্য প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। অনুষ্ঠানটোত মৰিয়নি পৌৰসভাৰ পৌৰপ্ৰধান বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপ্ৰধান প্ৰদীপ দাস, সমাজকৰ্মী- শিক্ষাবিদ নেকিব ইছলাম, মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্ত, উদযাপন সমিতিৰ সম্পাদক পাৰ্থপ্ৰতীম বৰুৱা (বাবা), যুৱ ব্যৱসায়ী অৰ্ণৱ দলৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ চেতিয়া, অজিত শইকীয়া, মুকুট বুঢ়াগোহাঁই, অনুপ হাতীবৰুৱা, পুলিন সন্দিকৈ, শিক্ষক যমুনালাল গুপ্তা, অধ্যাপক ক্ষীৰোদ ডেকা, কিংশুক মহিলা চ’ৰাৰ সভানেত্ৰী উষা পাওগাম, নবীন গগৈ প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি, কৃতী ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক-অভিভাৱিকা, শুভাকাংক্ষী ব্যক্তি আদি উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে মৰিয়নিৰ সম্ভ্ৰান্ত প্ৰতিষ্ঠান-ৰন্ধন গেছ চিলিণ্ডাৰ বিতৰক মেচাৰ্ছ এমজিৰ হৈ বিশিষ্ট সমাজকৰ্মী মৃদুল দলৈয়ে কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ ৪০ বছৰীয়া জয়ন্তী উপলক্ষ্যে ৰন্ধন গেছৰ এটা নতুন সংযোগ প্ৰদান কৰে। অনুষ্ঠানটোত বন্দিতা বুঢ়াগোহাঁই আৰু অনন্যা শইকীয়াই কবিতা আবৃত্তি কৰাৰ লগতে উদীয়মান কন্ঠশিল্পী প্ৰিয়াংকী হাজৰিকা, বনসংগীতা বৰা, বাণীবন্দিতা ভূঞা আদিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like