নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত আশীৰ্বাদ শৈক্ষিক ন্যাসৰ শৈক্ষিক বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ২২ জুনঃ আৰ্থিক দৈন্য কোনো কাৰণতে শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত অন্তৰায় হব নোৱাৰে। আমাৰ সমাজত এনেলোক আৰু অনুষ্ঠান আছে যিয়ে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক সদায়েই সহায়ৰ হাত আগবঢ়ায় আহিছে। নিজৰ মেধাৰে এনে শিক্ষাৰ্থীয়ে আন দহগৰাকী সমৰ্থবান শিক্ষাৰ্থীতকৈ আগবাঢ়ি সমাজত নিজয় দায়িত্ব পালন কৰাৰ নজিৰ অলেখ আছে। আজি যোৰহাটৰ আশীৰ্বাদ শৈক্ষিক ন্যাসৰ দ্বাৰা বঙাল পুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এক বঁটা বিতৰণী সভাত ভাষণ দি নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰনৱ বৰুৱাই এনেদৰে কয়। ভাষন প্ৰসংগত তেওঁ আৰু কয় যে সদায়েই শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্য স্থিৰ কৰি লব লাগিব, অন্যথা জীৱনত কেতিয়াও ইস্পিত লক্ষ্যত উপনিত হব নোৱাৰিব। সাংবাদিক দিগন্ত বুঢ়াগোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত সভাত বক্তব্য ৰাখি সাংবাদিক যোগেশ ওজাই কয় যে সোনৰ চামুচ মুখত লৈ অহাসকলতকৈ সংঘৰ্ষৰে ভৰা জীৱনৰ অভিজ্ঞতা সদায়েই বেছি। সেয়ে তেওঁ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ সতে যুঁজ দিবলৈ আহ্বান জনায় লগতে কয় যে, তেওঁলোকক সহায় কৰিবলৈ আশীৰ্বাদ শৈক্ষিক ন্যাসৰ দৰে অনুষ্ঠানে সদায়েই আগবাঢ়ি আছে। তেওঁ শৈক্ষিক ন্যাসৰো শলাগ লয়। আজিৰ এই অনু্ষ্ঠানটোত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱা সাতগৰাকী শিক্ষাৰ্থীক দুবছৰলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে বলীয়া গোঁহাই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শ্ৰেষ্ঠ শিক্ষাথীলৈও বঁটা আগবঢ়োৱা হয়। সাংবাদিক অমৰজ্যোতি বৰুৱাই আঁতধৰা আৰু সম্পাদিকা দেবাক্ষী শইকীয়াই আদৰণি ভাষন আগবঢ়োৱা সভাত উপস্থিত থাকি যোৰহাট প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনীষ ঠাকুৰেও ভাষন দিয়ে। অনুষ্ঠানত কেবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে। উল্লেখনীয় যে ২০২২ত গঠিত হোৱা আশীৰ্বাদ শৈক্ষিক ন্যাসে নৱপ্ৰজন্মৰ মাজত এক গ্ৰন্থ আন্দোলন গঢ়ি তোলাৰ লগতে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ মেধাসম্পন্ন শিক্ষাৰ্থীক সহায়ৰ হাত আগবঢ়ায় আহিছে। লগতে অনুষ্ঠানটোৱে বিভিন্ন সময়ত দক্ষতা বিকাসৰ দৰে কাৰ্যসূচীও হাতত লৈ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like