নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণেশ্বৰ ছাৰক ঘূৰাই দিয়ক…. লখিমপুৰৰ ৰাজপথত মুখ্যমন্ত্ৰীক শিক্ষাৰ্থীৰ অনুৰোধ

বিশেষ বাৰ্তা, ১৬ আগষ্টঃ লখিমপুৰত আজি পুৱা বেলা বিদ্যালয়ৰ চাৰিবেৰৰ মাজৰ পৰা শিক্ষা গ্ৰহণ এৰি শিক্ষকক বিচাৰি পথলৈ ওলাল একাংশ কণ কণ ছাত্র ছাত্রী। লখিমপুৰ নগৰৰ সমীপৰ কৰ্চন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হয় এই পৰিবেশৰ। লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯৪৮ চনত স্থাপিত হোৱা কৰ্চন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সোনেশ্বৰ গগৈক বিচাৰি কণ কণ ছাত্র ছাত্রী  পথলৈ ওলায়। সহযোগ কৰে অভিভাবকসকলে। উল্লেখ্য শিক্ষকজনক বিভাগে বদলি কৰাৰ বাবে এই পৰিবেশ সৃষ্টি হয়। অভিভাৱক-ছাত্ৰ-ছাত্ৰীসকলে সোনেশ্বৰ ছাৰক লাগে শীৰ্ষক শ্লোগান দি শ্ৰেণী বৰ্জন কৰি পথলৈ ওলাই আহে। বিদ্যালয়খনৰ ছাত্র ছাত্রীসকলে শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীকো সোণেশ্বৰ ছাৰক ঘূৰাই দিয়ক বুলি আহ্বান জনায়। অভিভাৱকসকলেও শিক্ষকজনক ঘূৰাই দিবলৈ চৰকাৰ তথা শিক্ষা বিভাগক  আহ্বান জনায়। ছাত্র ছাত্রী তথা অভিভাবকসকলে কয়, সোণেশ্বৰ গগৈ নামৰ শিক্ষকজন কেৱল দৰমহা খোৱা নিয়মমাফিক শিক্ষক নাছিল। তেওঁ অঞ্চলটোৰ ছাত্র-ছাত্রী সকলৰ বাবে অশেষ কষ্ট কৰিছিল। অসুস্থ দেহাৰে,ৰদ বৰষুণ আওকাণ কৰি তেওঁ ছাত্র ছাত্রী সকলক পঢুৱাইছিল। বন্ধ ৰ দিনতো তেওঁ দহোবন কাটি কৰিও ছাত্র ছাত্রী -ক পঢুৱাইছিল। এনে এগৰাকী দৰদী, নিষ্ঠাবান শিক্ষকক অলপতে বিভাগে বদলি কৰে। যাৰ বাবে ছাত্র ছাত্রী য়েই নহয় অভিভাবকসকলো দুঃখিত হৈ পৰিছে। অঞ্চলটোৰ অভিভাবক তথা কণ কণ ছাত্র ছাত্রীৰ হৃদয়ত সোমাই পৰা শিক্ষকজনক ঘুৰাই দিবলৈ এতিয়া সকলোৱে চৰকাৰ তথা শিক্ষা বিভাগক আহ্বান জনাইছে।
প্ৰেৰক জীৱন গোস্বামী
You might also like