🔹 এখন চৰকাৰী বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : কৃষিজীৱী অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু আৰু সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৯ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে গ্ৰন্থ আৰু বাণিজ্য মেলা৷ বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলে গ্ৰহণ কৰা এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলৰ শিক্ষানুৰাগী সমাজ সচেতন ৰাইজে ৷ বিদ্যালয়খনৰ INNOVATION AND COMMUNITY HUBৰ উদ্যোগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছে এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ৷ মেলাৰ লগত সংগতি ৰাখি দুয়োটা দিনতে অনুষ্ঠিত কৰা চিত্ৰাংকন, কবিতা আবৃত্তি আৰু নৃত্য প্ৰতিযোগিতাত বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত সোণাৰি চাপৰি আৰু কেকুঁৰিৰ ৪টা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুল খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ গ্ৰন্থ বিপণীসমূহত নিজৰ পছন্দৰ কিতাপ বিচাৰি ভিৰ কৰে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পঢ়ুৱৈসকলে। সমান্তৰালভাৱে বাণিজ্য মেলাতো অগণন লোকে সুলভ মূল্যত শাক-পাচলি আৰু মাছ-মাংসৰ লগতে বিহুৰ গামোচা, পিঠা-পনা কিনিবলৈকো হেতা-ওপৰা লগায় ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি