বিশেষ বাৰ্তা, ৪ অক্টোবৰঃ এছিয়ান গেমছৰ সমান্তৰালে অসমতো চলি আছে আন এখন বিশেষ প্ৰতিযোগিতা। যত চৰকাৰী কৰ্মচাৰীয়ে ভেঁটী লৈ ভিজিলেঞ্চৰ হাতত হাত দাঙিছে। যোৱা কেইবাটাও দিনত ভিজিলেঞ্চৰ জালত পৰিছে বহু চৰকাৰী কৰ্মচাৰী। সেই ধাৰা অব্যাহত ৰাখি আজি ধৰা দুগৰাকী বিষয়া। তাৰে এজন হল আৰক্ষী। তেওঁ হল লখিমপুৰ জিলাৰ উপ-পৰিদৰ্শক মেৰাফত আলী। অভিযোগকাৰীক অপৰাধমূলক গোচৰত জামিন দিয়াৰ বাবে থানাতে উৎকোচ গ্ৰহণ কৰাৰ লগে লগে ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰে। ইফালে আজি প্ৰথমটো ঘটনা আছিল নলবাৰীত। নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চে।