নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত নাগাৰা নাম প্ৰদৰ্শন কৰিব ছিপাঝাৰৰ সুভাষ নাথে

নিয়মীয়া বাৰ্তা, ২৪ জুন : দৰঙৰ অনুপম লোককৃষ্টি নাগাৰা নামক লৈ শেহতীয়াভাবে ভিন্ন ধৰণৰ চৰ্চা অব্যাহত থকাৰ মাজতে নাগাৰা নামে কঢ়িয়াই আনিছে এক আশাৰ বতৰা। মায়ানগৰী মুম্বাইত প্ৰদৰ্শন হ’ব দৰঙৰ অনুপম লোককৃষ্টি বিধ। মুম্বাইত ২৬ জুনত অনুষ্ঠিত হ’ব লগীয়া এক অনুষ্ঠানত নাগাৰা নাম প্ৰদৰ্শন হ’ব আৰু ইয়াৰ বাবে ছিপাঝাৰৰ এগৰাকী  বিশিষ্ট পাঠক সুভাষ নাথৰ নেতৃত্বত এটা দল ইতিমধ্যে ৰাওনা হৈছে মুম্বাই অভিমুখে।উল্লেখ্য যে ‘NIRI-9’ নামৰ আগশাৰীৰ ছবি নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে ২৬ জুনত মুম্বাইৰ আন্ধেৰীত আয়োজন কৰিছে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ। বলিউডৰ কেইবগৰাকীও বিশিষ্ট গায়ক, অভিনেতা আদি উপস্থিত থাকিবলগীয়া উক্ত অনুষ্ঠানত দৰঙৰ আপুৰুগীয়া কৃষ্টি নাগাৰা নাম পৰিবেশনৰ বাবে  সংস্থাটোৰ পৰা আমন্ত্ৰণ লাভ কৰে সোনসেৰীয়া কৃষ্টিবিধৰ জনপ্ৰিয় পাঠক সুভাষ নাথে। প্ৰণিধানযোগ্য যে ২০০১ চনৰ পৰা দৰঙৰ অপূৰ্ব কৃষ্টি নাগাৰা নামৰ সাধনাত নিমগ্ন থকা তথা ইয়াৰ প্ৰচাৰ-প্ৰসাৰৰ হকে অহোপুৰুষাৰ্থ কৰি অহা হৰেন্দ্ৰ নাথ আৰু জলিতা দেৱীৰ পুত্ৰ তথা পাঠক সুভাষ নাথে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উৰিষ্যা আৰু নতুন দিল্লীতো প্ৰাচীন কৃষ্টিবিধ পৰিবেশন কৰি উচ্চ প্ৰশংসিত হৈছে। নাগাৰা নামৰ পাঠকৰূপে সুভাষ নাথে ইতিপূৰ্বে শতাধিক অনুষ্ঠানৰ পৰা লাভ কৰে সন্মান। তদুপৰি আম্বেদকাৰ বটা আৰু লোক সংগীত সাধনা বটাৰে অলংকৃত হৈছে সুভাষ নাথ‌। লক্ষণীয় যে ‘NIRI-9’ নামৰ ছবি নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে অসমৰ পটভূমিত প্ৰস্তুত কৰা আৰু অহা ২৮ জুনত মুক্তি পাবলগীয়া ‘কুকি’ শীৰ্ষক ছবিখনতো নাগাৰা নাম পৰিবেশন কৰাৰ এক সোণালী সুযোগ লাভ কৰে পাঠক সুভাষ নাথে। প্ৰকাশ যে ছাত্র অৱস্থাতেই দৰঙৰ আন এক পুৰাতন লোককৃষ্টি- ব্যাস ওজাপালি-ৰ স’তে জড়িত হৈ পৰা সুভাষ নাথে পৰৱৰ্তী সময়ত নাগাৰা নামৰ বৰেণ্য পাঠকদ্বয় জগত চন্দ্ৰ নাথ আৰু কৈলাস তালুকদাৰক গুৰু হিচাপে লৈ আগবঢ়াই নিয়ে লোককৃষ্টি- নাগাৰা নামৰ চৰ্চা। ইপিনে, মুম্বাইত প্ৰদৰ্শন হ’ব নাগাৰা নাম। এই খবৰে স্বাভাৱিকতে নাগাৰা নামৰ শিল্পীসকলৰ লগতে নাগাৰা নামধৰ্মী প্ৰতিগৰাকী লোককে উৎফুল্লিত কৰি তুলিছে। শিল্পীগৰাকীৰ এই কৃতিত্বত ইতিমধ্যে দৰঙৰ সাংস্কৃতিক ক্ষেত্ৰখনক উৎফুল্লিত কৰি তোলাৰ লগতে বিভিন্ন দল সংগঠনে জ্ঞাপন কৰিছে অভিনন্দন। সকলোৱে আশা কৰিছে নাগাৰা নামৰ এই যাত্ৰাই কৃষ্টি বিধক নতুন ৰূপেৰে উজ্জীৱিত কৰি তুলিব।
প্ৰেৰক ৰণ্জিত কুমাৰ নাথ
You might also like