নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভমেলাৰ যমুনা মঞ্চত হিন্দীত ‘ৰাৱণ বধ’ৰ সফল মঞ্চায়ন

🔹 প্রয়াগৰাজত প্রথমবাৰলৈ অসমৰ লোকসম্পদ পুতলা নাচ

বিশেষ বাৰ্তা, ২৩ জানুৱাৰী : প্রয়াগৰাজৰ মহাকুম্ভমেলাত প্রথমবাৰলৈ স্থান লাভ কৰিলে অসমৰ লোকসম্পদ পুতলা নাচে৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজত ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ‘মহাকুম্ভ–২০২৫’ৰ যমুনা মঞ্চত সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰপ্রাপক বিনীতা দেৱীৰ পৰিকল্পনাত সফল মঞ্চায়ন হয় ‘ৰাৱণ বধ’৷ ক্রমাৎ হেৰাই যাবলৈ ধৰা অসমৰ লোককলা পুতলা নাচে ভাৰতৰ সর্ববৃহৎ আধ্যাত্মিক তথা সাংস্কৃতিক সমাৱেশস্বৰূপ কুম্ভমেলাত গুৰুত্ব লাভ কৰাটো নিঃসন্দেহে ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয়৷ নাটখন ৰচনা কৰিছে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ৰ ফেল’শ্বিপপ্রাপক সীমান্ত শর্মাই৷ ‘ৰাৱণ বধ’ মঞ্চস্থ কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়ায় সাংস্কৃতিক মন্ত্রালয়ৰ অধীনস্থ কালচাৰেল এণ্ড ৰিছার্চ চেণ্টাৰে৷ নাটখন লাঠী পুতলা, ছাঁ পুতলা আৰু সূতা পুতলাৰ জৰিয়তে হিন্দী ভাষাত মঞ্চস্থ কৰা হয়৷ ‘ৰাৱণ বধ’ নাটখনে প্রদর্শনীত উপস্থিত দেশ–বিদেশৰ আধ্যাত্মিক গুৰু–ভক্ত, শিল্পী আৰু বিশিষ্ট অতিথিসকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে৷ পুতলা নাটখনত পৰিৱেশন কৰা পুতলাসমূহৰ সঞ্চালনত কোনো জড়তা দেখা পোৱা নাছিল৷ প্রতিটো দৃশ্য সুন্দৰভাৱে উপস্থাপন কৰিছিল শিল্পীসকলে৷ নাট এখনত নাট্যশাস্ত্রৰ নৱৰস অন্তর্নিহিত হোৱাটো প্রয়োজনীয় দিশ৷ ‘ৰাৱণ বধ’ নাটখনত সকলো ৰসেই যেন ‘ৰাৱণ বধ’ দেখুওৱা হৈছিল৷ ৰাম, সীতা, লক্ষণ, ৰাৱণ, শূর্পনখা আৰু জটায়ুৰ পুতলা সঞ্চালনে দর্শকক অভিভূত কৰি তুলিছিল৷ হনুমানে লংকাত জুই লগাই দিয়া কৌশলৰ দৃশ্যই যথেষ্ট আমোদ দিছিল৷ হনুমানে লংকাকাণ্ড সংঘটিত কৰা দৃশ্যৰ সময়ত আধ্যাত্মিক গুৰু–ভক্তসকলে থিয় হৈ ‘জয় শ্রীৰাম, জয় শ্রীৰাম’ বুলি ধ্বনি দি উচ্চস্বৰে সেৱা জনাই স্মৰণ কৰে৷ ৰাৱণ আৰু জটায়ুৰ যুদ্ধই দর্শকক অভিভূত কৰি তুলিছিল৷ সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ বাবে জটায়ুৰ যি প্রচেষ্টা, সেয়া সুন্দৰকৈ প্রতিফলিত হৈছে নাটখনত৷ শূর্পনখাই ৰাম আৰু সীতাক মোহিত কৰিবলৈ ৰাক্ষসীৰ পৰা সুন্দৰী নাৰীলৈ ৰূপান্তৰ হোৱা কৌশল দেখি দর্শকসকল অভিভূত হৈছিল৷ একেদৰে লক্ষ্মণে শূর্পনখাৰ নাক কটা দৃশ্য দেখি দর্শক মোহিত হৈছিল৷ মঞ্চত সাগৰ দেখুৱাবলৈ কাপোৰৰ জৰিয়তে পুতলা দেখুৱাই দর্শকক মোহিত কৰিছিল৷ এখন নাট পুতলাৰ জৰিয়তে সফল মঞ্চায়ন কৰাটো কঠিন৷ কিন্তু ‘ৰাৱণ বধ’ৰ প্রতিটো দৃশ্যৰ পুতলাসমূহৰ সঞ্চালনৰ শৈলী দেখি দর্শকসকল অভিভূত হৈ পৰে৷ নাটৰ কৌশলী মায়াজালেৰে বান্ধি ৰাখিছে আধ্যাত্মিক গুৰুসকলক৷ প্রতিটো সংলাপেই সাহিত্যৰ প্রাণত মিঠা আঁচোৰ মাৰিছে৷ সেয়ে হয়তো দর্শকৰ মন–প্রাণ প্রতিটো দৃশ্যই এক অভিনৱ আকর্ষণৰ মাজেৰে ডুবাই ৰাখে৷ ‘ৰাৱণ বধ’ নাটখনত সংগীত পৰিচালনা অভিজিৎ বর্মনৰ৷ নাটকখনত ‘মহাকুম্ভ ২০২৫’ৰ আধ্যাত্মিক পৰিৱেশৰ লগত আধ্যাত্মিক সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্রমুগ্ধ কৰি তুলিছিল৷ পুতলা নাটখনত পুতলাসমূহ সঞ্চালন কৰিছিল বিনীতা দেৱী, প্রণৱজ্যোতি ৰাভা, হার্দিক শর্মা, পলক কৈৰী, ৰাকিবুল আহমেদ, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শর্মাই৷ নাটখনত আলোকসজ্জা স্বপন দাসৰ৷ ‘ৰাৱণ বধ’ নাটখনৰ চৰিত্রসমূহত কণ্ঠস্বৰ স্বপন দাস, বিনীতা দেৱী, প্রদ্যুৎ বিকাশ দাস, নির্মালি দেৱী, দেৱপ্রতিম গোস্বামী, প্রাণজিৎ প্রতিম কলিতা আৰু দক্ষিণা নাথৰ৷ উল্লেখ্য যে ‘ৰাৱণ বধ’ নাটখন অসমীয়া আৰু হিন্দী ভাষাত ইতিমধ্যে বহুকেইখন ৰাজ্যত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে৷

You might also like