কাৰ্বি পাহাৰত যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত, ৰাডাৰৰে সংযোগ বিচ্ছিন্ন
ভাৰতীয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান Sukhoi Su-30MKI হঠাতে নিখোজ হোৱা ঘটনাই উদ্বেগ সৃষ্টি কৰিছে।
গুৱাহাটীস্থিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসংযোগ বিষয়া (PRO)য়ে জনোৱা অনুসৰি বিমানখনৰ সৈতে ৰাডাৰৰ সংযোগ হঠাতে বিচ্ছিন্ন হৈ পৰে। ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতেই বিমানখনৰ অৱস্থান সম্পৰ্কে স্পষ্ট তথ্য পোৱা হোৱা নাই।
ঘটনাটোৰ পিছতে বায়ুসেনা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই অনুসন্ধান অভিযান আৰম্ভ কৰিছে। বিমানখনৰ পাইলট আৰু বিমানখনৰ অৱস্থাৰ বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই।
কাৰ্বি আংলং জিলাৰ চকীহোলা অঞ্চলৰ নিলিপ ব্লকৰ এটা দুৰ্গম পাহাৰীয়া এলেকাত বৃহস্পতিবাৰে সন্ধিয়া এখন যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সন্দেহ কৰা হৈছে। প্ৰাথমিক তথ্য অনুসৰি, যোৰহাটৰ পৰা উৰা মৰা Sukhoi Su-30MKI যুদ্ধবিমানখন হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।
খবৰ অনুসৰি, আজি সন্ধিয়া প্ৰায় ৭ বজাত যুদ্ধবিমানখন ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছতেই নিখোজ হোৱা বুলি জানিব পৰা গৈছে। পিছে এই দুৰ্ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
ডিজিটেল ডেস্ক, ৫ মাৰ্চ