বিশেষ বাৰ্তা, ২০ মে’ : ভাৰতত থাকি পাকিস্তানক সমর্থন কৰা দেশদ্রোহীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা সামাজিক মাধ্যমযোগে পাকিস্তানৰ সমর্থনত প’ষ্ট দিয়া ৭১জন এনে দেশদ্রোহীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছে যে ভাৰতত থাকি পাকিস্তানক সমর্থন কৰা বিধায়ক, অধ্যাপকৰ পৰা সকলো এজন এজনকৈ আৰক্ষীৰ জালত পৰিছে৷ এয়া সম্ভৱ হৈছে অসম আৰক্ষীৰ দ্বাৰা প্রতিটো মাধ্যম (বিশেষকৈ সামাজিক মাধ্যম)ত অবিৰাম নিৰীক্ষণ আৰু সক্রিয় অভিযানৰ বলত৷ এতিয়ালৈ ৭১জন দেশবিৰোধীক কাৰাগাৰৰ বাট দেখুওৱা হৈছে৷ শেহতীয়াকৈ আটক হোৱা বিশ্বাসঘাতককেইজন হ’ল ক্রমে ৰূপচান আলী, ৰচিদ মণ্ডল ওৰফে আব্দুল ৰছিদ আৰু ৰাজু শ্বেখ।