নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰ সাগৰ মিউজিক কলেজৰ সাংস্কৃতিক অনুষ্ঠান

🔹 মাছখোৱা সাংস্কৃতিক প্রকল্পত উদ্ভাসিত বর্ণিল কৃষ্টি–সংস্কৃতি

বিশেষ বাৰ্তা, ৯ অক্টোবৰ : গুৱাহাটীৰ বিনোভা নগৰস্থিত সুৰ সাগৰ মিউজিক কলেজৰ ৰূপালী জয়ন্তীৰ প্রাৰম্ভিক সাংস্কৃতিক অনুষ্ঠান কালি মহানগৰীৰ মাছখোৱাস্থিত আই টি এ সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত হয়৷ ২০০০ চনত স্থাপিত সংগীতৰ এই শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী ২০২৫ত অনুষ্ঠিত হ’ব৷ ৰূপালী জয়ন্তীৰ প্রাৰম্ভিক কার্যসূচীৰ অংশ হিচাপে কালি বিয়লি ৪ বজাত আই টি এ সাংস্কৃতিক প্রকল্পত আদৰণী অনুষ্ঠানৰ পাছতে বন্তি প্রজ্বলন কৰা হয়৷ অসমৰ জাতীয় সংগীত পৰিৱেশন কৰাৰ পাছতে অনুষ্ঠিত হয় সম্বর্ধনা অনুষ্ঠান৷ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ–মেয়ৰ স্মৃতা ৰয়, ২৬ আৰু ২১নং ৱার্ডৰ পাৰিষদক এই অনুষ্ঠানত সম্বর্ধনা জনোৱা হয়৷ উদ্যোক্তাসকলে জনপ্রিয় আৰ জে আলিয়া বৰুৱাকো সম্বর্ধনা জনায়৷ ইয়াৰ পাছতে নৃত্যৰ সৈতে গণেশ বন্দনা পৰিৱেশন কৰা হয়৷ সুৰ সাগৰ মিউজিক কলেজৰ ‘থীম’ সংগীত পৰিৱেশনৰ অন্তত শিক্ষানুষ্ঠানখনৰ ছাত্র–ছাত্রীৰ বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ প্রথমে শিক্ষানুষ্ঠানখনৰ একাংশ শিক্ষার্থীয়ে ভূপেন্দ্র সংগীত পৰিৱেশন কৰে৷ সমৱেত নৃত্যৰ পাছতে বিহুনৃত্য পৰিৱেশন কৰা হয়৷ ইয়াৰ পাছতে পর্যায়ক্রমে শাস্ত্রীয় সংগীত–বিভিন্ন নৃত্য পৰিৱেশন কৰা হয়৷ মাছখোৱা আই টি এ সাংস্কৃতিক প্রকল্পত বিশেষ আৰু আমন্ত্রিত অতিথিসকলৰ লগতে ঠাহ খাই পৰা দর্শকে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি আপ্লুত হয়৷

You might also like