বিজেপিলৈ এইবাৰ সুশান্ত বৰগোহাঁই
নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ মৰিয়নিৰ ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদানৰ পাছত থাওৰা সমষ্টিৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁয়েও দল এৰি বিজেপিত যোগদানৰ বাবে সাজু হৈছে৷
গুৱাহাটীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ শীর্ষ নেতৃত্বৰে হোৱা আলোচনা অনুসৰি বিজেপিত যোগদানৰ বিষয়টো নিশ্চিত হোৱাৰ পাছতেই সোমবাৰে নিজ সমষ্টিত উপস্থিত হয় বৰগোহাঁই৷ নিজ বাসগৃহত উপস্থিত হৈয়েই বৰগোহাঁয়ে কংগ্রেছ কর্মীসকলৰ সৈতে এক মত বিনিময়ত মিলিত হৈ কংগ্রেছ ত্যাগৰ বিষয়ে অৱগত কৰে৷
সংবাদ মাধ্যমৰ আগত বিধায়ক বৰগোহাঁয়ে কয় যে এইকেইদিন তেওঁ সমষ্টিৰ ৰাইজৰ সৈতে মত বিনিময় কৰি অহা ৩০ জুলাইত গুৱাহাটীলৈ ৰাওনা হ’ব৷ অহা ১ আগষ্টত তেওঁ বিধানসভাৰ অধ্যক্ষৰ ওচৰত বিধায়ক পদ ত্যাগ কৰিব৷ ইয়াৰ পাছতে অহা ২ আগষ্টত তেওঁ বিজেপিৰ ৰাজ্যিক কার্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰি আগন্তুক থাওৰা সমষ্টিৰ উপ–নির্বাচনৰ বাবে প্রস্তুতি চলাব বুলি ব্যক্ত কৰে৷
আনহাতে, থাওৰা সমষ্টিৰ বিভিন্ন অঞ্চলৰ বহু লোক সোমবাৰে বিধায়কগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ বিজেপি গমনৰ সিদ্ধান্তত সন্তুষ্টি প্রকাশ কৰি অভিনন্দন জনায়৷ ইয়াৰ বিপৰীতে আজি থাওৰাৰ ৰাজীৱ ভৱনত ১৪খন মণ্ডল কংগ্রেছৰ সভাপতিৰ উপস্থিতিত থাওৰা ব্লক কংগ্রেছৰ সভাপতি ডম্বৰু টাওৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়৷ সুশান্ত বৰগোহাঁইৰ বিজেপি গমনৰ প্রসংগতে এই বৈঠকখন অনুষ্ঠিত কৰে বুলি জানিব পৰা গৈছে৷
ইপিনে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সুশান্ত বৰগোহাঁইৰ বিজেপিত যোগদান সম্পর্কে কয় যে তেওঁ ইতিমধ্যে বিজেপিলৈ অহাৰ মন মেলিছে৷ সমর্থকসকলেও তেওঁক পৰামর্শ দিছে৷ বিজেপিলৈ আহি তেওঁ নতুন সুশান্ত বৰগোহাঁই হিচাপে থাওৰাবাসীক সেৱা আগবঢ়াব৷
ইফালে, এ আই ইউ ডি এফৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপি গমনক লৈ চলি থকা চর্চা সম্পর্কত বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ এতিয়া এ আই ইউ ডি এফৰ বিধায়ক৷ বিধায়কৰ সোৱাদেই পোৱা নাই৷ বিধায়ক হোৱাৰ তিনি মাহ হৈছেহে৷ সেয়েহে এতিয়া তেওঁক বিজেপিলৈ ৰূপান্তৰ নকৰাই ভাল৷ অৱশ্যে অনাগত দিনত প্রেক্ষাপট সলনি হ’লে ৰাজনীতিত সকলো সম্ভৱ বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি তেওঁ কয় যে ৰাজনীতিত কোনো কঠোৰ বান্ধোন নাই৷ ৰাজনৈতিক প্রেক্ষাপটত সিদ্ধান্ত সলনি নহ’ব বুলি কোনো কথা নাই৷ এইক্ষেত্রত তেওঁ প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি তথা বহুবাৰৰ কংগ্রেছ সাংসদ ভুবনেশ্বৰ কলিতাৰ বিজেপি গমনৰ প্রসংগ উল্লেখ কৰে৷