নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাক উপহাৰৰ অর্থে শ্রীবিষ্ণুৰ অনন্ত শয্যাৰ প্রস্তুতি দীপক ৰাজবংশীৰ

বায়েকক শিক্ষয়িত্রীৰ চাকৰি–কর্মদক্ষতাত্ মোহাচ্ছন্ন নলবাৰীৰ সন্তান

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ নলবাৰী জিলাৰ বালিকৰিয়াৰ এগৰাকী নির্মাণ শ্রমিক, শিল্পী, খনিকৰ চৌদিশে চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ নাম তেওঁৰ দীপক ৰাজবংশী ওৰফে দীপক ৰাজবি৷ সাজি আছে ভগৱান শ্রীবিষ্ণুৰ অনন্ত শয্যা৷ যিখন উপহাৰ দিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷ তেওঁ আজি সংবাদ মাধ্যমক জনোৱা মতে, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতি বহুত দুর্বলতা আছে৷ জ্যেষ্ঠ ভগ্ণীক মেধাৰ ভিত্তিত টেট শিক্ষয়িত্রী হিচাপে মকৰল কৰি ড০ শর্মাই পৰিয়ালটোক বিগত সময়ত ভাত দিছে৷ য’ত ৩৭৫ টকাৰ নথি পত্র যুগুতাই সংশ্লিষ্ট কর্তৃপক্ষলৈ প্রেৰণ কৰি জ্যেষ্ঠ ভগ্ণীয়ে চৰকাৰী সংস্থাপন লাভ কৰিছিল৷

সেই তেতিয়াৰে পৰাই ড০ শর্মাক দীপকসহ পৰিয়ালে দ্বিতীয় ভগৱান বুলি বিশ্বাস কৰে৷ তদুপৰি বিগত সময়ত স্বাস্থ্যমন্ত্রী আৰু বর্তমানে মুখ্যমন্ত্রীৰ আসনত থাকিও ড০ শর্মাই যিদৰে শ্রম দি ৰাইজৰ মাজলৈ ওলাই আহি সেৱা আগবঢ়াইছে তেনে ৰাজনেতা ভাৰতত প্রথম দেখা বুলি ব্যক্ত কৰে৷ শেহতীয়াকৈ তেওঁ চিন্তা কৰিলে যে এখন অনন্ত শয্যা নির্মাণ কৰি ৰাজ্যৰ মুখ্যমন্ত্রীক উপহাৰ দিব৷ সেইখনত চেগুন কাঠ, কাঠৰ গুড়ি, আঠা আৰু ৰঙ দি এক ৰংচঙীয়া ধৰণে সাজি তুলি প্রদান কৰিব৷ তেওঁৰ মনৰ ভাব এটাই– ধন ধাৰ কৰি হ’লেও সাজি উলিয়াই প্রদান কৰিব, যাতে মুখ্যমন্ত্রীগৰাকী এইখনত কিছু জিৰণি ল’লে বাসুদেৱ তথা বিষ্ণুৰ আশীর্বাদ লাভ কৰে৷ ইফালে পঞ্চাছ হাজাৰ টকা ব্যয় কৰি নির্মাণ কৰিবলগীয়া অনন্ত শয্যাখন অহা পোন্ধৰ আগষ্টত তেওঁ মুখ্যমন্ত্রীক নিজ হাতে প্রদান কৰাৰ হেঁপাহ৷ মুখ্যমন্ত্রীক সিদিনা লগ কৰি দিয়াৰ ক্ষেত্রত ল’বলগীয়া বিহিত ব্যৱস্থাৰ বাবে শ্রমিকজনে স্থানীয় বিধায়ক জয়ন্ত মল্লবৰুৱাৰ সঁহাৰি আশা কৰে৷

You might also like