নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ খিতাপ দখল দুলীয়াজানৰ সুস্মিতাৰ 

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ VVN Entertainmentৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ টাউন ক্লাৱত দুখনকৈ সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ২৭ জুলাইত অনুষ্ঠিত “মিচেছ ইণ্ডিয়া ইন্টাৰনেচনেল” আৰু “মিচেছ ৱৰ্ল্ড ৱাইড ক্ৰাউন ডিৱা এৱাৰ্ড” প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী খিতাপেৰে তৈলনগৰী দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই আনিছে সুস্মিতা ফুকনে। একেদিনাই অনুষ্ঠিত দুইখন প্ৰতিযোগিতাত আন কেইবাটাও পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছে সুস্মিতাই। উত্তৰ-পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ পৰা আশীৰো অধিক প্ৰতিযোগীয়ে যোগদান কৰা এই প্ৰতিযোগিতাত মিচেছ ইণ্ডিয়া ইন্টাৰনেচনেল উইনাৰ খিতাপ অৰ্জন কৰাৰ লগতে মিচেছ ৱৰ্ল্ড ৱাইড ক্ৰাউন ডিৱা এৱাৰ্ড বিজয়ী হ’বলৈ সক্ষম হয় সুস্মিতাই। ইয়াৰ উপৰি বিচাৰকৰ দৃষ্টিত চাব টাইটলত বেষ্ট পাৰ্চনেলিটি আৰু বেষ্ট আনচাৰ সন্মান লাভ কৰে। দুইখন প্ৰতিযোগিতাত বিজয়ী সন্মান অৰ্জন কৰাৰ পাছতে মিচেছ ইউনিভাৰ্চ প্ৰতিযোগিতালৈ পোনপটীয়াকৈ নিৰ্বাচিত হৈছে সুস্মিতা। পৰৱৰ্তী পৰ্যায়ত “মিচেছ ইউনিভাৰ্চ” আৰু “মিচেছ এছিয়া পেচিফিক” ৰ বাবে প্ৰস্তুতি চলাই থকা সুস্মিতাই মডেলিংৰ প্ৰতি আগ্ৰহীসকলক উদ্দেশ্যি কয় যে ধৈৰ্য, কষ্টসহিষ্ণু আৰু যদি সাহসী মন থাকে তেওঁ যিকোনো লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’বই। মনোবল দৃঢ় হ’লে কোনো বাধাই প্ৰাচীৰ হ’ব নোৱাৰে। অসম গেছ কোম্পানীৰ মুখ্য প্ৰৱন্ধক দেৱাশীষ ফুকনৰ পত্নী আৰু ৰাষ্ট্ৰীয় বাল কলা সন্মানেৰে সন্মানিত কন্যা দেৱাস্মৃতাৰ মাতৃ সুস্মিতাই এই পৰ্যন্ত ৰাজ্য তথা বহিঃৰাজ্যৰ প্ৰায় ৭০ খন সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন খিতাপ অৰ্জন কৰাৰ লগতে উচ্চ প্ৰশংসিত হৈছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like