নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত সন্দেহজনক বাৰ্মিজ চুপাৰি জব্দ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ৰূপহীহাট আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি গুনাবাৰী দলং পাৰত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে চলাই এক অভিয়ান৷ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ৷ ৰূপহীহাট আৰক্ষীয়ে এএছ-১১-ডিচি-২১০০ নম্বৰৰ ট্ৰাকসহ জব্দ কৰে সন্দেহজনক বাৰ্মিজ চুপাৰিখিনি৷ শিলচৰৰ পৰা ট্ৰাকখনে ৰূপহীহাটলৈ চুপাৰিখিনি আনিছিল৷ আৰক্ষীয়ে ট্ৰাকচালক আব্দুল ৱাহিদক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like