নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদক স্মৰণঃ বজালীৰ বগাপাৰাত ব্যতিক্ৰমী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ভাৰতবৰ্ষৰ স্বাধীনতা অন্দোলনত বজালীয়ে এক গুৰুত্ব ভূমিকা গ্ৰহণ কৰিছিল৷ ১৯৪২ চনৰ আন্দোলনত বজালীৰ ৰিহাবাৰীত অনুষ্ঠিত গণ আন্দোলনত সেই সময়ৰ পাটাছাৰকুছি থানাৰ দাৰোগা তুলাৰামৰ নিৰ্দেশত ৰাউতা ৰাম কোচ আৰু মদন বৰ্মন নামৰ বজালীৰ দুজন তেজাল যুৱক শ্বহীদ হৈছিল আৰু আন বহুতো ঘুনীয়া হৈছিল৷ সেই স্বাধীনতা আন্দোলনক লৈ বজালীৰ বগাপাৰাকে ধৰি সমগ্ৰ অঞ্চল কপি উঠিছিল৷ এই মন্তব্য বিশিষ্ট পৰিৱেশ কৰ্মী তথা গ্ৰীণমিছনৰ সঞ্চালক আনন্দ খাটনিয়াৰৰ৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ধৰনীধৰ দাস স্মাৰক সমাজৰ উদ্যোগত কালি বজালীৰ বগাপাৰাত স্বধীনতাৰ ৭৫ বৰ্ষ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিত বছৰযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা এক ব্যতিক্ৰমী অনুষ্ঠানত খাটনিয়াৰে স্বাধীনতা আন্দোলনত বজালীৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও ধৰনীধৰ দাস স্মাৰক সমাজৰ উদ্যোগত মুকলি কৰা কৃষি প্ৰকল্পই অঞ্চলটোৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্চিকতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মত পোষণ কৰে৷ লোকগীতৰ বিশিষ্ট সাধক তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ বসন্ত পাটগিৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি বজালীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ স্বাধীনতা সংগ্ৰামী সকলৰ ত্যাগ আৰু অৰিহণাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে কেইবাটাও গীত পৰিৱেশন কৰে৷ অনুষ্ঠানত ছায়া তালুকদাৰ, বজালীৰ জিলা দণ্ডাধীক দিৱস বৰদলৈ, আঠিয়াবাৰী স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য বিষয়া আৰিফুল ইছলাম, পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৈশ্যকে ধৰি উপস্থিত কেবাগৰাকীও বিশিষ্ট লোকে বক্তৃতা প্ৰদান কৰে৷ তথ্য আৰু সম্প্ৰাসাৰণ বিভাগৰ বনজিৎ মেধী আৰু বিকাশ ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানটোত উক্ত বিষয়ৰ ওপৰত এক মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ স্বাধীনতা আন্দোলনৰ ওপৰত প্ৰদৰ্শন কৰা এক চুটি নাটে সকলোৰে দৃষ্টি অকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ দুদিনীয়াকৈ আয়োজন কৰা এই ব্যতিক্ৰমী অনুষ্ঠানত দহ বিঘা মাটি সামৰি মুকলি কৰা কৃষি প্ৰকল্পত ধৰনীধৰ দাস স্মাৰক চিহ্ন মুকলি কৰে বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে৷ এই কৃষি প্ৰকল্পটোৱে অঞ্চলটোত কৃষিৰ ক্ষেত্ৰত নতুন জাগৰণৰ সূচনা কৰিব বুলি প্ৰকল্পটোৰ সম্পাদক তথা অভিযন্তা বনজিৎ দাসে ব্যক্ত কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like