নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী জয়শ্ৰী দাসৰ নিলম্বন অব্যাহত ৰখাৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক-পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ বজালী জিলা সদৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ শিক্ষা সহকাৰী জয়শ্ৰী দাসে সেই একে বিভাগৰে ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰীক শাস্তি বিহাৰ নামত এটা ভিডিঅ যোৱা ১২ মাৰ্চত সামাজিক মাধ্যমত প্ৰচাৰ কৰি চাৰিওফালে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ক অসমৰ মানচিত্ৰত হেয় প্ৰতিপন্ন কৰিছিল। যাৰ ফলত বজালীৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল। পৰিপ্ৰেক্ষিতত যোৱা ১৪ মাৰ্চত ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ শিক্ষক গোট, ছাত্ৰ একতা সভা আৰু বিশ্ববিদ্যালয় প্ৰশাসনিক বিষয়াৰে মিলিত হৈ এখন যৌথ সভা অনুষ্ঠিত কৰি বিষয়টো পুংখানপুংখভাৱে বিচাৰ-বিশ্লেষণ কৰি সেইদিনাৰ পৰা বলবৎ হোৱাকৈ শিক্ষয়িত্ৰী দাসক সকলো কৰ্মৰ পৰা অব্যাহতি দিয়া সিদ্ধান্ত গ্ৰহণ কৰে। আৰু তাৰ পিছত সকলো দল-সংগঠনে ঘটনাটোক সম্পৰ্কত উচিত সিদ্ধান্ত হোৱা বুলি মত পোষণ কৰাৰ লগতে সামগ্ৰিক পৰিস্থিতিও শাম কাটে। কিন্তু ইয়াৰ পিছতে যোৱা ২৩ মাৰ্চত আশ্চৰ্যজনকভাৱে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই পুনৰ জয়শ্ৰী দাসক নিযুক্তি দি বিষয়টো আকৌ এবাৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰাৰ লগতে পুনৰ বিতৰ্কত সোমাই পৰে। ইয়াৰ পিছতে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদ, উপ সভাপতি প্ৰাঞ্জল দাস আৰু পাঠশালা আঞ্চলিক সমিতিৰ সভাপতি সিদ্ধাৰ্থ দাসৰ নেতৃত্বত এটা সজাতি দল ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদ আৰু সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰ জৰিয়তে উপাচাৰ্যলৈ প্ৰেৰণ কৰে৷ স্মাৰকপত্ৰখনত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত এই গৰাকী শিক্ষয়িত্ৰীক ভট্টদেৱ বিশ্ববিদ্যালয় কতৃপক্ষই নিয়মিয়াকৈ পাঠদান কৰাৰ সুবিধা নিদিবলৈ দাবী জনাই উল্লেখ কৰে যে যি সকল ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ লগতে সংবাদ মাধ্যমত বিভিন্ন মন্তব্য প্ৰকাশ কৰিছিল তেওঁ যদি পুনৰ বিশ্ববিদ্যালয়ত পাঠদান কৰে তেতিয়া হলে নিশ্চিতভাৱে সেই ছাত্ৰ ছাত্ৰীসকলক অক্ৰোশমূলক মনোভাৱ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ শৈক্ষিক দিশত শিক্ষয়িত্ৰীগৰাকীয়ে ক্ষতি কৰাৰ সম্ভৱনা আছে৷ গতিকে পৰিষদে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত শিক্ষয়িত্ৰী দাসক ভট্টদেৱ বিশ্ববিদ্যালয়ত পুনৰ নিযুক্তি নিদিয়াৰ আহ্বান জনাই স্মাৰক পত্ৰত উল্লেখ কৰে। আৰু যদি তেওঁক পুনৰ নিযুক্তি দিয়াৰ কথা চিন্তা কৰে তেন্তে পৰিষদে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব আৰু এই বিষয়ত পুনৰ আপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কতৃপক্ষ দায়ী হব বুলি স্পষ্ট কৰি দিয়ে।

প্ৰেৰক কল্যাণ কলিতা

You might also like