নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ সুযোগ লৈ মহানগৰীত গ্রাহকক মাধমাৰ

📌 পাচলিৰ অস্বাভাৱিক দামবৃদ্ধি
বিশেষ বাৰ্তা, ২৪ জুনঃ ৰাজ্যত বানে সংহাৰী ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত শাক–পাচলি উৎপাদনত ব্যাঘাত জন্মাৰ লগতে বজাৰৰ ওপৰতো নেতিবাচক প্রভাৱ পৰিছে৷ বান–বিভীষিকাৰ গইনা লৈ অসাধু ব্যৱসায়ী চক্রই শাক–পাচলিৰ দামবৃদ্ধিৰে জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাইছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত এই অসাধু ব্যৱসায়ী চক্রটোৱে শাক–পাচলি দুই–তিনিগুণ অধিক দামত বিক্রী কৰি আহিছে ৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত পৃথক পৃথক দামত শাক–পাচলি ক্রয় কৰিবলগীয়া হৈছে গ্রাহকে৷ শাক–পাচলিৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰি অসাধু ব্যৱসায়ী চক্রটোৱে শ্বিলঙৰ পৰা সস্তাত কিনি আনি অত্যধিক দামত বিলাহী, পটল, ভাতকেৰেলা, জিকা, বিন, কেপছিকাম, গাজৰ, স্কোৱাছ, বেঙেনা, জাতিলাউ, কোমোৰা, ভেন্দি, পটল, জলকীয়া আদি ক্রয় কৰি শাক–পাচলিৰ দাম দুই–তিনিগুণ বৃদ্ধি কৰি গুৱাহাটীত বিক্রী কৰিছে৷ এসপ্তাহ পূর্বে গুৱাহাটীৰ বজাৰত প্রতিকেজি ভাতকেৰেলা ৬০ টকাত বিক্রী হৈছিল৷ বর্তমান প্রতিকেজি ভাতকেৰেলাৰ দাম ৮০ৰ পৰা ১২০ টকাত বিক্রী কৰিছে৷ একেদৰে প্রতিকেজি ৪০ টকা দৰত বিক্রী হোৱা বিলাহী বজাৰভেদে ৮০ৰ পৰা ১২০ টকাত বিক্রী কৰিছে৷ প্রতিকেজি ৬০ টকাত বিক্রী হোৱা গাজৰৰ দাম এতিয়া ১২০ টকালৈ বৃদ্ধি পাইছে৷ প্রতিকেজি ৪০ টকাত বিক্রী হোৱা ভেন্দি বর্তমানৰ দাম ১২০ টকা৷ প্রতিকেজি ৬০ টকাত বিক্রী হোৱা লেছেৰা মাহৰ দাম বৃদ্ধি পাইছে ১০০ৰ পৰা ১২০ টকালৈ৷ ৪০ টকাত বিক্রী হোৱা জাতিলাউৰ বর্তমানৰ দাম ৭০ৰ পৰা ৮০ টকালৈ বৃদ্ধি পাইছে৷ প্রতিকেজি তিতাকেৰেলা পূর্বতে ৫০ৰ পৰা ৬০ টকাত বিক্রী হৈছিল যদিও বর্তমান তিতাকেৰেলাৰ দাম ১০০ৰ পৰা ১২০ টকা৷ প্রতিকেজি ৪০ টকাত বিক্রী হোৱা স্কোৱাচৰ দাম ৮০ টকালৈ বৃদ্ধি পাইছে৷ ৪০ টকাত বিক্রী হোৱা বেঙেনা প্রতিকেজিৰ দাম বৃদ্ধি পাইছে ৮০ টকালৈ৷ ৬০ টকাত বিক্রী হোৱা পটলৰ দাম প্রতিকিলোগ্রামত ৮০ৰ পৰা ১০০ টকালৈ বৃদ্ধি হৈছে৷ প্রতিকেজি জিকা পূর্বতে ৬০ টকাত বিক্রী হৈছিল যদিও এতিয়া জিকাৰ দাম ১০০ টকালৈ বৃদ্ধি পাইছে৷ প্রতিকেজি জলকীয়া ১২০ টকাৰ পৰা বৃদ্ধি পাইছে ২৬০ টকালৈ৷ ৰাজ্যৰ ভিন্ন স্থানৰ পথ বাঢ়নী পানীত বুৰ যোৱাৰ ফলত সৃষ্টি হোৱা পৰিবহণ সমস্যাৰ বাবে চাহিদাতকৈ কম পৰিমাণে শাক–পাচলি গুৱাহাটীৰ বজাৰলৈ কৃষকে প্রেৰণ কৰাত শাক–পাচলিৰ দাম বৃদ্ধি পোৱা বুলি একাংশ ব্যৱসায়ীয়ে মত পোষণ কৰিছে ৷ বানৰ সুযোগ লৈ শাক–পাচলি অত্যধিক দামত বিক্রী কৰি অহাৰ পিছতো অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই জিলা প্রশাসন আৰু বিভাগীয় কর্তৃপক্ষই৷ কেৱল গুৱাহাটীতেই নহয়, বানৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন স্থানত শাক–পাচলিৰ দাম বৃদ্ধি পাইছে৷ ইফালে, অম্বুবাচীৰ গইনা লৈ মহানগৰীত ফল–মূলৰ দামো বৃদ্ধি কৰি একাংশ ব্যৱসায়ীয়ে লুণ্ঠন চলাই আহিছে৷

You might also like