শিক্ষাৰ নামত চিলাপথাৰ ডনবস্ক’ত শিক্ষাৰ্থীক তালিবানী শাস্তি
নিয়মীয়া বাৰ্তা, ২০ মে’ : চিলাপথাৰত ব্যক্তিগত খ্ৰীষ্টান মিছনেৰী স্কুলত শিক্ষকতাৰ নামত অতপালি এগৰাকী শিক্ষয়ত্ৰীৰ। শিক্ষয়িত্ৰীৰ কাণতলীয়া চৰত গুৰুতৰভাৱে আহত হৈছে এগৰাকী কণমানি ছাত্ৰী। এই ঘটনা সংঘটিত হৈছে চিলাপথাৰ ডনবস্ক’ হাইস্কুলত। এইগৰাকী সুদীপা পাল নামৰ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক শিক্ষাদানৰ নামত চৰম শাস্তি দিয়াৰ অভিযোগ। অভিযোগমতে স্কুলখনৰ এগৰাকী শিশু ছাত্ৰীক দিয়া নিয়মমাফিক বহীত লিখাৰ পাছতো আক্ৰোশমূলকভাৱে বিদ্যালয়ৰ সুদীপা পাল নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে কাণতলীয়া চৰ শোধোৱাত কাণৰ পৰ্দালৈকে আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী। ইতিমধ্যে ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কণমানি ছাত্ৰীগৰাকীক ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ হাস্পতালত চিকিৎসা কৰিছে অভিভাৱকে।
প্ৰেৰক কৰবী দলে