সুদক্ষ ফুটবল খেলুৱৈ তৰুণ চন্দ্ৰ কলিতাৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ *পলাশবাৰী পৌৰসভাৰ অন্তৰ্গত ছয় নম্বৰ ৱাৰ্ড নিৱাসী মুক্তিযুঁজাৰু প্ৰয়াত বন্তিৰাম কলিতাৰ পৰিয়ালৰ সদস্য প্ৰয়াত হাঁহিৰাম কলিতা আৰু প্ৰয়াত লাৱণ্য কলিতাৰ পুত্ৰ এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ,গুমেইবড়ী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা তৰুণ চন্দ্ৰ কলিতা (৮৪)ৰ কালি বাৰ্ধক্যজনিতত কাৰণত বিয়োগ ঘটে। তেওঁ একেধাৰে পলাশবাৰী টাউন ক্লাৱৰ বেষ্ট ইলেভেন ফুটবল দলৰ সুদক্ষ ফুটবল খেলুৱৈ হিচাপে খিতাপ অৰ্জন কৰাৰ লগতে কেৰম,ব্ৰীজ খেলতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছিল। তেওঁ অসমৰ বিভিন্ন প্ৰান্তত ফুটবল,কেৰম,ব্ৰীজ আদি খেলাৰ লগতে কলিকতাতও ফুটবল খেলি সুনাম অৰ্জন কৰিছিল। তেওঁ পলাশবাৰী ৰাস মহোৎসৱ, দুৰ্গা পূজা সমিতি,পলাশবাৰী সাংস্কৃতিক ভৱন,দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত কালি অঞ্চলটোৰ এই দল সংগঠনৰ লোক,পলাশবাৰী পশু চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সদস্য,শুভাকাংক্ষী, ইষ্ট কুটুম্ব, অঞ্চলটোৰ ৰাইজে এক শোক সমদল উলিয়াই শেষকৃত্য সম্পন্ন কৰে। তেওঁ মৃত্যুৰ সময়ত সহধৰ্মিণী মালতী কলিতা, দুই পুত্ৰ, বোৱাৰী,জী জোৱাই, নাতি নাতিনীসহ ইষ্ট কুটুম্বক এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।
প্ৰেৰক বলেন কলিতা