নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ নৱেম্বৰৰ পৰা মাজুলী সংগীত মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰ : সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ আকাশ বতাহ মাজুলীৰ প্ৰধান শাৰদীয় মহোৎসৱ শ্ৰী কৃষ্ণৰ ৰাস লীলাৰে মাজুলীৰ ৫৪খন ৰাস মঞ্চ আৰু ১১খনকৈ সত্ৰত সফলতাৰে সামৰণি পৰিছে৷ এই ৰাস মহোৎসৱৰ শেষ হোৱাৰ পিছতেই মাজুলী-জেংৰাইমুখ বালিচাপৰিত মাজুলী মিউজিক ফেষ্টিভেলৰ পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ গ্ৰাম্য পৰ্যটন, গ্ৰাম্যঞ্চলৰ আৰ্থ সামাজিক দিশ, সাংস্কৃতিক বৈভৱকে আদি কৰি চহা লোকসকলৰ সকলো প্ৰকাৰৰ উন্নয়ন তথা বিকাশৰ উদ্যেশ্য আগত ৰাখি ২২ নৱেম্বৰৰ সন্ধিয়াৰ পৰা মাজুলী মিউজিক ফেচটিভেল ফাউণ্ডেচনৰ উদ্যাগত জেংৰাইমূখৰ এচাম যুৱক-যুৱতীৰ সহযোগত উজনি মাজুলীৰ জেংৰাইমুখ বালিচাপৰিৰ নদীৰ পাৰৰ মনোমোহা , নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশেত তিনিদিনীয়া বৰ্ণাধ কাৰ্যসূচীৰে পঞ্চম বাৰৰ বাবে অনুষ্ঠিত হব মাজুলী সংগীত মহোৎসৱৰ। এই উপলক্ষে ২২ নৱেম্বৰৰ পুৱা ছয় বজাত স্বচ্ছতাৰ কাৰ্যসূচীৰ পিছতেই বৃক্ষৰোপনৰ কাৰ্যসূচীৰে শুভাৰম্ভ হব৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা মাজুলী সংগীত মহোৎসৱটি জেংৰাইমূখৰ বালিচাপৰিত নদীদ্বীপটোৰ সমস্যাৰাজিৰ লগতে ইয়াৰ আৰ্থ সামাজিক দিশ, সাংস্কৃতিক বৈচিত্ৰতা আৰু লোকসকলৰ জীৱন ধাৰন প্ৰণালীক ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় মঞ্চত চিনাকি কৰাই দিয়াৰ প্ৰয়াস উদ্যোক্তসকলে কৰা বুলি আয়োজকসকলৰ হৈ মুকুল দলেই আজি জেংৰাই বালিচাপৰিত অনুষ্ঠিত সংবাদমেলত আমাক জানিবলৈ দিয়ে৷ ইয়াৰ ওপৰি মিছিং, দেউৰী, সোনোৱাল কছাৰীকে ধৰি বিভিন্ন সাংস্কৃতিক দলক লৈ এক বাৰেৰহনীয়া সাংস্কৃতিৰ সমাহাৰ ঘটিব৷ উজনি মাজুলীবাসীয়ে মাজুলী সংগীত মহোৎসৱত সকলো জাতি জনগোষ্ঠীৰ বাবে সমন্বয়ৰ প্ৰতিক হওক বুলি উল্লেখ কৰে। মাজুলীৰ সন্তান, একালৰ মুম্বাইৰ প্ৰতিস্থিত সংগীত শিল্পী মুকুল দলেৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সংগীত মহোৎসৱটিত দেশৰ আগশাৰীৰ সংগীত শিল্পীকে ধৰি , নেপাল, মনিপুৰ, মিজুৰাম,অৰুনাচল, নগালেণ্ডকে ধৰি দেউৰী, মিচিং সম্পদায়ৰ সাংস্কৃতিক নিত্য শিল্পীয়ে অংশ গ্ৰহন কৰিব। মাজুলীৰ কলা-কৃষ্টি তথা নৃগোষ্ঠিয় বৈচিত্ৰতাক বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰি দিয়াৰ লক্ষেৰে আয়োজিত মহোৎসৱত মাজুলীৰ কৃষ্টি সংস্কৃতি সমুহো প্ৰৰ্দৰ্শিত হব। এই সংগীতানুষ্ঠানত প্ৰথমদিনা অথাৎ ৰাজ্যৰ বহুকেইজন আগশাৰীৰ শিল্পীয়ে সংগীত পৰিৱেশন কৰিব৷ ২২ ,২৩,২৪ নৱেম্বৰত অনুষ্ঠিত হব লগা সংগীত মহোৎসৱৰ ২৪ নৱেম্বৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগতে বহুকেইগৰাকী সংগীত শিল্পীয়ে এই সংগীতানুষ্ঠানত সংগীত পৰিৱেশন কৰিব বুলি আমাক জানিবলৈ দিয়ে৷ মুকল দলেই আৰু কয় যে মাজুলী মিউজিক ফেষ্টিভেলক লৈ বিভিন্ন সময়ত বিভিন্নজনে সমালোচনা কৰিলেও মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনে যিদৰে কষ্ট কৰি আগবাঢ়িছে তেনেদৰেই আগুৱাই যাব আৰু সফলতাৰ দিশে ধাৱমান হলে সমালোচনাৰ সন্মুখিন হোৱাটো স্বভাবিক বুলি এই প্ৰতিবেদকৰ আগত উল্লেখ কৰে ৷ উল্লেখ্য যে সম্পূৰ্ন প্ৰাকৃতিক পৰিবেশত টম্বুৰ তলত পৰ্যটক সকলক নৈশ যাপনৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় জনজাতীয় খাদ্য সম্ভাৰ, নৌকা বিহাৰ, আদিৰ দৰে আকৰ্ষনীয় অনুষ্ঠানো পৰ্দশিত হব বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like