বিশেষ বাৰ্তা, ১৯ জুন : মন্ত্ৰী সঞ্জয় কিষাণে আজি শুকানপুখুৰী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে। চাহ জনজাতি লোকসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ উত্তৰণৰ বাবে লোৱা এই যুগান্তকাৰী পদক্ষেপৰ বাবে শ্ৰম মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী গৰাকীয়ে অনাগত দিনত এই আদৰ্শ বিদ্যালয়কেইখনে চাহ বাগিচাসমূহত শৈক্ষিক পৰিৱেশ গঢ় দিয়াত উল্লেখযোগ্য অৰিহণা যোগাব বুলি উল্লেখ কৰে। বিদ্যালয় চৌহদত বৃক্ষৰোপণ আৰু ফলক উন্মোচনেৰে আৰম্ভ হোৱা শুভ উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত (শিক্ষা) সোণতৃষ্ণা ঘৰফলীয়া, তিনিচুকীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) ডিম্পি ভট্টাচাৰ্য, শুকানপুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী য়াজিনা চুলতান, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শুকানপুখুৰী চাহ বাগিচাৰ পৰিচালক ৰাকেশ কুমাৰ মিশ্ৰা প্ৰমুখ্যে শিক্ষা বিভাগৰ বিষয়াবৰ্গ আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পাছতে শ্ৰম মন্ত্ৰীগৰাকীয়ে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ উপস্থিতিত চান্দমাৰি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীৰ দ্বাৰা বৃক্ষৰোপন আৰু ফলক উন্মোচনেৰে আৰম্ভ হোৱা এই উদ্বোধনী কাৰ্য্যসূচীত অতিৰিক্ত উপায়ুক্ত (শিক্ষা) সোণতৃষ্ণা ঘৰফলীয়াৰ লগতে সহকাৰী আয়ুক্ত ৰুনজুন বৰা, চান্দমাৰি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰিদীপ গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা চান্দমাৰি চাহ বাগিচাৰ পৰিচালক প্ৰৱীন য়েইন প্ৰমুখ্যে শিক্ষা বিভাগৰ অন্যান্য বিষয়াবৰ্গ, স্থানীয় বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
প্ৰেৰক বিবেক বড়া