📌ডেৰ লাখ টকাৰ বিনিময়ত ৩জনকৈ যুৱকৰ সহযোগ
নিয়মীয়া বার্তা, ১৫ জুনঃ নগাঁও জিলাৰ ধনিয়াভেটি হাইস্কুলৰ সহকাৰী শিক্ষক আব্দুল মজিদৰ দীর্ঘদিন ধৰি এগৰাকী ছাত্রীৰ লগত প্রেমৰ সম্পর্ক আছিল৷ ছাত্রীগৰাকী অলপতে আন এজন যুৱকৰ লগত বিবাহপাশত আবদ্ধ হয়৷ নৱবিবাহিতা ছাত্রীগৰাকীৰ স্বামীক ফঁচাবলৈ আব্দুল মজিদে গ্রহণ কৰিলে নিকৃষ্ট কাণ্ড৷ ডেৰ লাখ টকাৰ বিনিময়ত ৩জনকৈ যুৱকৰ সহায়ত প্রেমিকাৰ স্বামীগৃহত এটা হস্তনির্মিত পিষ্টল থ’বলৈ দি ৰঙাঘৰৰ আলহী হ’ব লগা হয় আব্দুল মজিদৰ লগতে দুজন যুৱক৷ অৱশ্যে এজনে পলাই সাৰিবলৈ সক্ষম হয়৷ এই ঘটনাক কেন্দ্র কৰি সম্প্রতি সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্য অব্যাহত আছে৷ উল্লেখ্য যে যোৱা শনিবাৰে নিশা এক গোপন খবৰৰ পম খেদি ধিং আৰক্ষীয়ে শ’লগুৰিৰ কাছকাটিত আনাৰুল ইছলাম নামৰ এজন যুৱকৰ ঘৰত অভিযান চলাই এটা হস্তনির্মিত পিষ্টলৰ লগতে দুই জাঁইকৈ সক্রিয় গুলী উদ্ধাৰ কৰে৷ লগতে আনাৰুলক আটক কৰে৷ কিন্তু এই যুৱকজন নাছিল কোনোধৰণৰ অপৰাধজনিত ঘটনাৰ লগত জড়িত৷ কেনেকৈ এই যুৱকজনৰ ঘৰত উদ্ধাৰ হ’ল হস্তনির্মিত পিষ্টল আৰু সক্রিয় গুলী, তাকে লৈ অঞ্চলজুৰি সৃষ্টি হ’ল কৌতূহলৰ৷ একাংশৰ মতে যুৱকজনক হয়তো কোনোবাই ফঁচাবলৈ এই কাম কৰিছে৷ ঘটনা সন্দর্ভত ধিং থানাৰ নৱনিযুক্ত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া আদিত বড়োৱে আৰম্ভ কৰে তদন্ত৷ অতি কম সময়ৰ ভিতৰতে আৰক্ষী বিষয়াগৰাকীয়ে ইয়াৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে তদন্ত কৰি ধনিয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, দুজন যুৱকক কৰায়ত্ত কৰে৷ হস্তনির্মিত পিষ্টলটো শিক্ষক আব্দুল মজিদৰ নির্দেশত শ্বৰিফুল ইছলাম আৰু মাইনুল ইছলামে ডেৰ লাখ টকাৰ বিনিময়ত থৈ গৈছিল আনাৰুলৰ বাসগৃহত৷ ছাত্রীগৰাকী ধিঙৰ কাছকাটি শ’লগুৰি গাঁৱৰ আনাৰুল ইছলাম নামৰ যুৱকজনৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰ পৰাই আব্দুল মজিদে প্রেমিকাৰ স্বামী আনাৰুল ইছলামক ষডযন্ত্র কৰি জালত পেলাবলৈ চেষ্টা চলাই আহিছিল৷ শ্বৰিফুল ইছলাম আৰু মাইনুল ইছলামক ১ লাখ ৫০ হাজাৰ টকা দি পিষ্টল ক্রয় কৰি সংগোপনে ৰাখিছিল আনাৰুল ইছলামৰ ঘৰৰ চৌহদত আৰু আৰক্ষীক আনাৰুল ইছলামৰ ঘৰত পিষ্টল থকা বুলি খবৰ দিছিল৷ আৰক্ষীয়ে আনাৰুল ইছলামৰ ঘৰৰ চৌহদৰ পৰা পিষ্টলটো উদ্ধাৰ কৰাৰ পিছতহে প্রকৃত তথ্য পোহৰলৈ আহে৷ বর্তমান এই ষডযন্ত্রৰ মূল মাষ্টাৰমাইণ্ড আব্দুল মজিদৰ লগতে দুই সহযোগী নগাঁও জিলাৰ জুৰীয়া উদমাৰীৰ চৰিফুল ইছলাম আৰু শিঙাৰীৰ মাইনুল ইছলামক ধিং আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা