বিশেষ বাৰ্তা, ৩ নৱেম্বৰঃ অৱশেষত আজি গ্ৰেপ্তাৰ হ’ল পশ্চিম নলবাৰীৰ এগৰাকী লম্পট শিক্ষক, সাংবাদিক তথা পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন। বেলশৰ আৰক্ষীয়ে আজি পুৱাৰ ভাগত কৈঠালকুছি চ’কৰ পৰা গ্ৰেপ্তাৰ কৰে শিক্ষকতাৰ নিচিনা পবিত্ৰ বৃত্তি তথা সংবাদ মাধ্যমক লজ্জানত কৰা প্ৰদীপ কুমাৰ বৰ্মনক।উল্লেখ্য যে, এগৰাকী যুৱতীৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰাখি পৰৱৰ্তী সময়ত প্ৰবঞ্চনা কৰা নলবাৰীৰ কৈঠালকুছি মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা এখন হিন্দী কাকতৰ সংবাদদাতা প্ৰদীপ কুমাৰ বৰ্মনৰ বিৰুদ্ধে যোৱা পহিলা নৱেম্বৰৰ দিনা যুৱতীগৰাকীয়ে স্থানীয় বেলশৰ থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৭৬ নম্বৰ ধাৰাৰ অধীনৰ ২২৫/২২ নম্বৰত এটি গোচৰ ৰুজু কৰে। আৰক্ষীয়ে নিৰ্যাতিতা যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰায়। এই সমগ্ৰ ঘটনাৰ পিছতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন সচেতন ব্যক্তিয়ে পবিত্ৰ শিক্ষকতা বৃত্তি আৰু গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ‘সংবাদ মাধ্যম’ক কলুষিত কৰা এই লম্পট তথাকথিত শিক্ষক, সাংবাদিক জনক ধীক্কাৰ,গৰিহনা দিয়ে।ইপিনে, যুৱতীগৰাকীয়ে কৰা অভিযোগ অনুসৰি, যুৱতীগৰাকীক প্ৰেমৰ জালত বন্দী কৰি বিয়াৰ প্ৰলোভন দি তেওঁ শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি অৱশেষত যুৱতীগৰাকীৰ স’তে সম্পৰ্ক চ্ছেদ কৰে। লম্পট অভিযুক্ত শিক্ষক, সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনে বিগত ডেৰ বছৰ ধৰি যুৱতীগৰাকীৰ স’তে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল।পিছত যোৱা ২১ আগষ্টৰ পৰা সকলো সম্পৰ্ক চ্ছেদ কৰাত উপায়হীন হৈ অৱশেষত ন্যায় বিচাৰি কিছুদিন পূৰ্বে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আৰু নলবাৰী জিলা সাংবাদিক সন্থাক সুকীয়া সুকীয়াকৈ পত্ৰ প্ৰেৰন কৰে।ইয়াৰ পিছতো কোনো এটা পক্ষৰ পৰা সঁহাৰি লাভ নকৰাত অৱশেষত ভুক্তভোগী যুৱতী গৰাকীয়ে ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনৰ কাষ চাপে। এনে অৱস্থাত বেলশৰ আৰক্ষীয়ে আজি অভিযুক্ত লম্পট প্ৰেমিক শিক্ষক, সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি নলবাৰী আদালতত হাজিৰ কৰাত আদালতে জিলা কাৰাগাৰলৈ প্ৰেৰন কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন